অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অভিজ্ঞতাবাদ

দৰ্শনশাস্ত্ৰত, অভিজ্ঞতাবাদ (ইংৰাজী: Empiricism) হৈছে এক জ্ঞানতাত্ত্বিক দৃষ্টিভংগী, যাৰ মতে প্ৰকৃত জ্ঞান বা যুক্তিযুক্ততা কেৱল বা মূলতঃ ইন্দ্ৰিয়ৰ অনুভূতি আৰু অভিজ্ঞতাভিত্তিক প্ৰমাণৰ পৰা আহে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

দৰ্শনশাস্ত্ৰত, অভিজ্ঞতাবাদ (ইংৰাজী ভাষা: Empiricism) হৈছে এক জ্ঞানতাত্ত্বিক দৃষ্টিভংগী, যাৰ মতে প্ৰকৃত জ্ঞান বা যুক্তিযুক্ততা কেৱল বা মূলতঃ ইন্দ্ৰিয়ৰ অনুভূতি আৰু অভিজ্ঞতাভিত্তিক প্ৰমাণৰ পৰা আহে।১ ই জ্ঞানতত্ত্বৰ ভিতৰত থকা কেইবাটাও প্ৰতিদ্বন্দী দৃষ্টিভংগীৰ অন্যতম, যাৰ সৈতে বুদ্ধিবাদ আৰু সংশয়বাদৰ দৰে ধাৰণাসমূহ জড়িত হৈ আছে।

অভিজ্ঞতাবাদীসকলে যুক্তি দিয়ে যে কেৱল যৌক্তিক যুক্তিৰ ওপৰত নিৰ্ভৰ কৰাতকৈ সত্য বিচাৰি উলিওৱাৰ বাবে অভিজ্ঞতাবাদ এক অধিক নিৰ্ভৰযোগ্য পদ্ধতি। কাৰণ মানুহৰ জ্ঞানীয় পক্ষপাতিত্ব আৰু সীমাবদ্ধতা থাকে, যিবোৰে বিচাৰ-বুদ্ধিত ভুলৰ সৃষ্টি কৰিব পাৰে।২

অভিজ্ঞতাবাদে সহজাত ধাৰণা বা পৰম্পৰাৰ পৰিৱৰ্তে ধাৰণা গঠনৰ ক্ষেত্ৰত অভিজ্ঞতাভিত্তিক প্ৰমাণৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।৩ অভিজ্ঞতাবাদীসকলে যুক্তি দিব পাৰে যে পূৰ্বৰ ইন্দ্ৰিয়ভিত্তিক অনুভূতিৰ সম্পৰ্কৰ বাবেই পৰম্পৰা (বা ৰীতি-নীতি) সমূহৰ সৃষ্টি হয়।

ঐতিহাসিকভাৱে, অভিজ্ঞতাবাদ "খালী শ্লেট" ধাৰণাটোৰ সৈতে জড়িত আছিল। এই ধাৰণা অনুসৰি, জন্মৰ সময়ত মানুহৰ মনটো "খালী" হৈ থাকে আৰু কেৱল পৰৱৰ্তী অভিজ্ঞতাৰ জৰিয়তেহে ইয়াৰ চিন্তাভাৱনাসমূহ বিকশিত হয়।৪

বিজ্ঞানৰ দৰ্শনত অভিজ্ঞতাবাদে প্ৰমাণৰ ওপৰত গুৰুত্ব দিয়ে, বিশেষকৈ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে আৱিষ্কৃত হোৱা প্ৰমাণৰ ওপৰত। ই বৈজ্ঞানিক পদ্ধতিৰ এটা মৌলিক অংশ যে সকলো হাইপোথেছিছ আৰু তত্ত্ব কেৱল প্ৰাগনুভৱিক যুক্তি, অন্তৰ্দৃষ্টি বা ঐশ্বৰিক প্ৰকাশৰ ওপৰত ভিত্তি কৰি থকাৰ পৰিৱৰ্তে প্ৰাকৃতিক জগতৰ পৰ্যবেক্ষণৰ সৈতে পৰীক্ষা কৰি চাব লাগিব।

প্ৰায়েই প্ৰাকৃতিক বিজ্ঞানীসকলে ব্যৱহাৰ কৰা অভিজ্ঞতাবাদে ধাৰণা কৰে যে "জ্ঞান অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত" আৰু "জ্ঞান সাময়িক তথা সম্ভাৱনামূলক, যিটো ধাৰাবাহিক সংশোধন আৰু অসাৰতা প্ৰতিপন্নকৰণৰ অধীন"।৫ পৰীক্ষা-নিৰীক্ষা আৰু প্ৰমাণীকৃত জুখিব পৰা সঁজুলিকে ধৰি অভিজ্ঞতাভিত্তিক গৱেষণাই বৈজ্ঞানিক পদ্ধতিক পৰিচালিত কৰে।

ব্যুৎপত্তি

ইংৰাজী শব্দ empirical টো প্ৰাচীন গ্ৰীক ভাষা শব্দ ἐμπειρία (empeiria) ৰ পৰা আহিছে, যাৰ লেটিন প্ৰতিশব্দ হৈছে experientia। ইয়াৰ পৰাই ইংৰাজী experience (অভিজ্ঞতা) আৰু experiment (পৰীক্ষা) শব্দ দুটাৰ সৃষ্টি হৈছে।৬

তথ্যসূত্ৰ

  1. ↑ Psillos, Stathis; Curd, Martin. (2010). The Routledge Companion to Philosophy of Science. Routledge. পৃ. 129–38. ISBN 978-0415546133
  2. ↑ (17 May 2016). Francis Bacon and the Four Idols of the Mind. fs.blog
  3. ↑ Baird, Forrest E.; Walter Kaufmann. (2008). From Plato to Derrida. Pearson Prentice Hall. ISBN 978-0-13-158591-1
  4. ↑ Scheibe, Erhard. (2001). Between rationalism and empiricism: selected papers in the philosophy of physics. Springer. ISBN 0-387-98520-4
  5. ↑ Shelley, M. (2006). Empiricism. In F. English (Ed.), Encyclopedia of educational leadership and administration. (pp. 338–39). Thousand Oaks, CA: Sage Publications, Inc
  6. ↑ (20 January 2024). Definition of EMPIRIC. www.merriam-webster.com

সম্পৰ্কিত শ্ৰেণী

শিক্ষাদৰ্শন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিজ্ঞতাবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৮০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।