
বো’লা নৃত্য,(Bwola) যাক আচোলি বো’লা বুলিও কোৱা হয়, উত্তৰ উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ মাজত উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্য। ইয়াক বিশেষ উপলক্ষ্যত আৰু ৰজা আৰু মুখিলয়ালকে ধৰি নেতৃস্থানীয়লোকৰ সন্মুখত প্ৰদৰ্শনৰ বাবে ৰখা হয়। এই নৃত্য প্ৰায়ে নতুন মুখিয়াল নিযুক্তিৰ সময়ত বা বিভিন্ন ৰাজকীয় অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।১২
ইতিহাস

এই নৃত্য মূলতঃ ৰাজকীয় অনুষ্ঠানৰ বাবে একান্তভাৱে পৰিবেশন কৰা হৈছিল, কিন্তু বো’লা নৃত্য এতিয়া ৰাজনৈতিক নেতা আৰু গণ্যমান্য ব্যক্তিসকলৰ অনুষ্ঠানকো সামৰি লোৱাৰ দিশলৈ আগবাঢ়িছে। আচোলি জনগোষ্ঠীৰ ৰাজকীয় নৃত্য হিচাপে পৰিচিত, বো’লা নৃত্য হৈছে সন্মান আৰু শ্ৰদ্ধাৰ প্ৰতীক, আৰু পৰম্পৰাগতভাৱে মুখিয়ালসকলৰ অনুষ্ঠানৰ সময়ত প্ৰদৰ্শিত হয়।৩ নতুন মুখিয়াল বা আন যিকোনো ৰাজকীয় সমাৱেশত ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
বো’লা প্ৰথাই বৰ্তমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, নৃত্যৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দিষ্ট প্ৰাণীৰ অংশ নিষিদ্ধ কৰাকে ধৰি, যাৰ ফলত ইয়াক সাংস্কৃতিকভাৱে সংৰক্ষণৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োন হৈছে।২৪৫
পৰিৱেশন
বো’লা নৃত্য ইয়াৰ সুকীয়া উপাদান যেনে "লাৰকাৰকা" নামৰ কাঠৰ জাইলোফোন আৰু "জাগী" নামেৰে জনাজাত নলাকাৰ ড্ৰামৰ দ্বাৰা বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে। নৃত্যশিল্পীসকলে পৰম্পৰাগত সাজ-পোছাকত নিজৰ শোভা বৰ্ধন কৰিবলৈ পোছাকৰ লগত মূৰত উটপক্ষীৰ পাখি, কঁকালত এটা বগা কাপোৰ মাৰ্জিতভাৱে মেৰিয়াই থোৱা আৰু গোৰোহাৰ ঘণ্টা যিয়ে ইহঁতৰ গতিবিধিত ছন্দময় স্পৰ্শ যোগ কৰে, পৰিধন কৰে।৬
এই নৃত্য পুৰুষ-মহিলাই পৃথক পৃথক গোটত পৰিবেশন কৰে। পুৰুষৰ দলে প্ৰথমে প্ৰদৰ্শন কৰে, তাৰ পিছত মহিলাৰ দলে। নৃত্যৰ নেতৃত্বত এদল পুৰুষে জাইলোফোন আৰু ঢোল বজায়। নৃত্যশিল্পীসকলে বৃত্তাকাৰ গতিৰে গতি কৰে, পুৰুষসকলে ঘড়ীৰ কাঁটাৰ দিশত আৰু মহিলাসকলে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গতি কৰে। নৃত্যশিল্পীসকলে ভৰি দুখন ছন্দময় আৰ্হিত লৰচৰ কৰে, আনহাতে শৰীৰৰ ওপৰৰ অংশটো থিয় হৈ থাকে।৬৩
তথ্যসূত্ৰ
- ↑ Nunoo, Ama. (2020-02-05). A look at Bwola, the royal dance in Uganda. Face2Face Africa
- ↑ Bwola and Larakaraka of the Acholi OF NORTHERN UGANDA. Ebrary
- ↑ Uganda: The Bwola – The Royal Dance. Comboni Missionaries
- ↑ Dance Style - Aa. Universal Tongue
- ↑ (2021-08-15). Outlawed animal parts spell death of bwola dance. Monitor
- ↑ Uganda: The Bwola – The Royal Dance. Comboni Missionaries Ireland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বো’লা নৃত্য” প্ৰবন্ধৰ সংশোধন ৪৯১৫৯৯ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।