লেবাং বুমানি নৃত্য( Labang Bumani Dance) ত্ৰিপুৰা ৰাজ্যৰ অধিবাসী ত্ৰিপুৰী সম্প্ৰদায়ৰ মাজত প্ৰচলিত এক কৃষিভিত্তিক নৃত্য৷ “লেবাং’’ মানে ত্ৰিপুৰী ভাষাত এবিধ পতংগ যিয়ে ঝুম খেতিৰ উৎপাদিত শস্য নষ্ট কৰে৷ “বুমা’’ মানে কৌশল কৰি ধৰা৷ অৰ্থাৎ কৌশলপূৰ্ণভাবে লেবাং পোক ধৰাই লেবাংবুমানি৷ শস্যৰ লগত জড়িত কাৰণে ইয়াক কৃষিভিত্তিক নৃত্য বোলা হয়৷১ অতীজতে ঝুম খেতিৰ পৰা পোকবিধ আঁতৰাবলৈ যুৱক-যুৱতীসকলে হাতত দুডালকৈ বাঁহৰ লাঠি লৈ অভিযান চলাইছিল৷ যুৱতীসকলে তললৈ সৰি পৰা পোকবোৰ ধৰিছিল৷ যিমানেই বেছি পোক ধৰিব পাৰে শস্য সিমানেই বেছি ভাল হয় বুলি বিশ্বাস৷২৩ ইয়াৰ অনুকৰণতে পিছলৈ ইয়াক নৃত্য হিচাপে ধৰা হ’ল আৰু বৰ্তমান ই ত্ৰিপুৰাৰ অন্যতম বৈচিত্ৰ্যপূৰ্ণ নৃত্য৷
নৃত্যশৈলী
কৃষিভিত্তিক এই লেবাংবুমানি নৃত্য ল’ৰা আৰু ছোৱালী উভয়েই অংশগ্ৰহণ কৰে আৰু হাতত বাঁহৰ টকা লৈ নৃত্য কৰে৷২ আধুনিক ৰূপত মুঠ ১৩ টা ভংগী আছে৷৩ প্ৰথম ভংগীত আঠজন যুৱক দুহাতত বাঁহৰ লাঠি লৈ নৃত্যস্থলীত প্ৰৱেশ কৰি চাৰিওপিনে ঘূৰি ঘূৰি লাঠি বজাই বজাই শেষত দুটা শাৰীত বহি হাতৰ লাঠি বজাই থাকে৷৩ দ্বিতীয় ভংংগীত যুৱকসকলে হাতৰ লাঠি কাষত থৈ পতংগৰ সন্ধান কৰে আৰু হঠাৎ পতংগ দেখাৰ দৰে চকুৱে মুখে অভিনয় ফুটাই তোলে৷৩ তৃতীয় ভংগীত আঠগৰাকী যুৱতীয়ে এখন হাতত পোক এটা লৈ কৰাৰ দৰে অভিনয় কৰি দৌৰি নৃত্যস্থলীত প্ৰৱেশ কৰে৷৩ চতুৰ্থ ভংগীত যুৱকসকলে হাতৰ লাঠি তুলি বজাই পতংগবোৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু ছোৱালীবোৰে পতাকহস্ত মুদ্ৰাৰে তলৰ পৰা পতংগ বুটলি লোৱাৰ অভিনয় কৰে৷৩ পঞ্চম ভংগীত যুৱতীসকলে যুৱকসকলৰ কাষলৈ গৈ দেহ বেঁকা কৰি দূৰৈত পতংগ দেখুৱায়৷৩ ষষ্ঠ ভংগীত যুৱকসকল উঠে আৰু লাঠি বজাই থাকে, যুৱতীসকলে মূৰ তল কৰি পদ সঞ্চালন কৰি থাকে৷৩ সপ্তম ভংগীত যুৱক-যুৱতীসকলে জঁপিয়াই জঁপিয়াই পতংগ ধৰা অভিনয় কৰে৷ এই অংশত কেতিয়াবা দুটা শাৰী, কেতিয়াবা চাৰিটা শাৰী আৰু কেতিয়াবা গোলকৈ ঘূৰি ঘূৰি জঁপিয়াই থাকে৷৩ অষ্টম ভংগী যুৱকসকলৰ দুটা শাৰীৰ মাজত যুৱতীসকলেও দুটা শাৰীত থিয় হৈ মুখৰ ওচৰলৈ মুখ নি কাণে কাণে কিবা কোৱাৰ দৰে কৰে৷৩ নৱম ভংগীত যুৱতীসকলে মাটিত বহি পোক ধৰে, যুৱকসকলে ঘূৰি ঘূৰি হাতৰ লাঠি বজাই থাকে৷৩ দশম ভংগীত যুৱকযুৱতীসকলে দুটা শাৰীত থিয় হৈ ভৰিবোৰ আগলৈ পিছলৈ কৰি থাকে৷৩ একাদশ ভংগীত যুৱকসকলে শৰীৰ বেঁকা কৰি এবাৰ সোঁৱে এবাৰ বাঁৱে তিনিবাৰকৈ লাঠি বজায় আৰু যুৱতীসকলে একেই তালত চাপৰি মাৰে৷৩ দ্বাদশ ভংগীত যুৱকৰ দুই শাৰীৰ মাজত যুৱতীসকলে দুটা শাৰী কৰি আনন্দ প্ৰকাশক নৃত্য কৰে৷৩ ত্ৰয়োদশ ভংগীত যুৱক আৰু যুৱতীসকল দুটা শাৰীত থিয় দি যুৱতীসকলে হাতত পোক মুঠি মাৰি ধৰাৰ ভংগী কৰি পদ সঞ্চালন কৰে আৰু যুৱকসকলে হাতৰ লাঠি বজাই বজাই নৃত্যস্থলীৰ পৰা প্ৰস্থান কৰে৷৩ লেবাংবুমানি নৃত্যত যথেষ্ট অভিনয় পাৰদৰ্শিতাৰ প্ৰয়োজন হয়৷ কাৰণ ঝুম খেতিত পোক ধৰা কাৰ্যক নৃত্য আৰু অভিনয়ৰ মাধ্যমেৰে তুলি ধৰা হয়৷
তথ্যসূত্ৰ
- ↑ Folk Dances of Tripura
- ↑ Tripura - tribal and folk dance forms. Eastern Zonal Cultural Centre
- ↑ চক্ৰৱৰ্তী, ড° পদ্মিনী. (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য একটি সমীক্ষা. The Directorate of Research, Govt of Tripura. পৃ. ৪৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেবাং বুমানি নৃত্য” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৩৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।