অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লৱাণ্ডা নাচ

লৱাণ্ডা নাচ ( Lavanda Nach ) ভাৰত, নেপাল, মৰিচাছ আৰু কেৰিবিয়ান দ্বীপপুঞ্জত বাস কৰা ভোজপুৰী ভাষী সম্প্ৰদায়ৰ এক লোকনৃত্য। ইয়াক কেৱল মহিলাৰ দৰে সাজ-পোছাক পৰিধান কৰা পুৰুষেহে কৰে যাক "লৱাণ্ডা" বুলি কোৱা হয়।

হালনাগাদ: ১৭ মে’ ২০২৫ ৪১৩ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

লৱাণ্ডা নাচ ( Lavanda Nach ) ভাৰত, নেপাল, মৰিচাছ আৰু কেৰিবিয়ান দ্বীপপুঞ্জত বাস কৰা ভোজপুৰী ভাষী সম্প্ৰদায়ৰ এক লোকনৃত্য।১ ইয়াক কেৱল মহিলাৰ দৰে সাজ-পোছাক পৰিধান কৰা পুৰুষেহে কৰে যাক "লৱাণ্ডা" বুলি কোৱা হয়।২ বিয়াৰ বৰযাত্ৰাৰ সময়ত লৱাণ্ডা নৃত্যশিল্পীসকল এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়, যিয়ে দৰাক পৰিৱেষ্টিত কৰি কইনাৰ ঘৰলৈ লৈ যায়।৩৪

নাম

ভোজপুৰীৰ লউণ্ডা শব্দৰ আক্ষৰিক অৰ্থ হৈছে এজন ডেকা পুৰুষ কিশোৰ। কিন্তু দৈনন্দিন জীৱনত ইয়াক কেতিয়াবা নাৰীসুলভ আৰু নিম্ন জাতিৰ পৰা অহা পুৰুষৰ বাবে অপমানজনক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।৫ আনহাতে, নাচ শব্দটোৰ অৰ্থ হৈছে নৃত্য।

মোগল যুগত দৰবাৰৰ পাৰিষদসকলৰ স্থিতিৰ বৰ গুৰুত্ব আছিল। তেতিয়াৰ পৰাই মহিলা পৰিৱেশকৰ নৃত্য ধনী আঢ্যৱন্ত আৰু জমিদাৰসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। নাচ পৰিৱেশকসকলক আগতে বাঈজী বুলি কোৱা হৈছিল আৰু নৃত্যক বাঈজী নাচ বুলি কোৱা হৈছিল। আনহাতে ল'ৰাৰ নাচ নিম্ন জাতিৰ মাজত জনপ্ৰিয় আছিল আৰু ইয়াক বাঈজী নাচৰ পৰা পৃথক কৰিবলৈ নাচৰ সৈতে লউণ্ডা শব্দটো ব্যৱহাৰ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।৬

ইতিহাস

এই লোকনৃত্যৰ আটাইতকৈ পুৰণি উল্লেখ একাদশ শতিকাৰ পৰা পোৱা যায়, যি এতিয়া ভোজপুৰী অঞ্চলত জীয়াই আছে আৰু ১৯ শতিকাত বহু শতিকা ধৰি চলি থকা এই শিল্পকলাটোক ভিখাৰী ঠাকুৰে এক জননাট্যলৈ ৰূপান্তৰিত কৰাৰ এই ধাৰণাটো গ্ৰহণ কৰিছিল৷৭ তেৱেঁই হৈছে এই নৃত্য জনপ্ৰিয় কৰাৰ বাবে কৃতিত্ব পোৱাৰ দাবীদাৰ। বিংশ শতিকাৰ প্ৰথম কেইটামান দশকত যেতিয়া বিশ্বই নিপীড়িত লোকৰ অধিকাৰক স্বীকৃতি দি বৈপ্লৱিক পৰিৱৰ্তন সাক্ষী হৈছিল, তেতিয়া ভিখাৰী ঠাকুৰে চহা নাট্যৰ জৰিয়তে তেওঁলোকৰ অহৰহ সংগ্ৰাম আৰু জীয়াই থকাৰ প্ৰবৃত্তিসমূহ প্ৰদৰ্শন কৰিছিল; যিটো এি লোক-নাট্যৰ জৰিয়তে কথিত ভাষাত ‘লৱাণ্ডা নাচ’ নামেৰে পৰিচিত হৈছিল,৮ ইয়াত "গীত, নৃত্য, কমেডী, ব্যংগ, কৌতুক, ঠাট্টা-মস্কৰা, পেৰ'ডি আৰু নাটক একেলগে থাকে আৰু তাত পুৰুষে গোটেই ৰাতি মহিলাৰ দৰে সাজ-পাৰ পিন্ধি মহিলা সাজি অভিনয় কৰে৷"৯

পৰম্পৰা, স্বীকৃতি আৰু সমালোচনা

ভিখাৰী ঠাকুৰৰ শেষ শিষ্য ৰামচন্দ্ৰ মাঞ্জী নাচ থিয়েটাৰৰ এক মহান উত্তৰাধিকাৰ আৰু তেওঁ নাচৰ এক বিশাল প্ৰদৰ্শনসূচী যেনে বিদেচিয়া, গবৰঘিচোৰ, বেটি বেচৱা আদিৰ প্ৰদৰ্শন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল।১০ ৯৩ বছৰীয়া মাঞ্জীক ২০১৭ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল, যিটো বছৰ কাকতলীয়াভাৱে ভিখাৰী ঠাকুৰৰ থিয়েটাৰৰ শতবাৰ্ষিকীৰ বছৰ আছিল।

কিন্তু ঠাকুৰৰ নাট্য বংশধৰসকলে স্থাপন কৰা সীমা আৰু পৰিমাপ অতিক্ৰম কৰি সময়ৰ লগে লগে লৱাণ্ডা নাচৰ বৈচিত্ৰ্য বৃদ্ধি পালে। সময়ৰ লগে লগে মনোৰঞ্জনৰ একাধিক উৎসৰ সংযোগ আৰু উত্থানৰ লগতে লোক-শিল্পটোৱে নিজৰ ‘পেছাদাৰীত্ব’ হেৰুৱাই, বস্তুনিষ্ঠকৰণ আৰু বৈধকৰণৰ অনুমতি লোৱাৰ বাবে ই অপব্যৱহাৰৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবে সমালোচনাৰো সম্মুখী হৈছে।১১ যদিও লাভাণ্ডা নাচত নিয়োজিত পেছাদাৰী গোটসমূহক মহিলাৰ অংশগ্ৰহণত বাধা আৰোপ কৰাৰ বাবে সমালোচনা কৰা হৈছে, তথাপি ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে আৰ্কেষ্ট্ৰা নামৰ 'অশ্লীল নৃত্য দল'ৰ যোগেৰে মানৱ সৰবৰাহৰ প্ৰাদুৰ্ভাৱ, যিয়ে এসময়ত লৱাণ্ডা নাচক ভালদৰে গ্ৰহণ কৰা অঞ্চললৈ সন্দেহ বিয়পাইছে॥১২এই দ্ৰুত পৰিৱৰ্তনে লৱাণ্ডা নাচ শিল্পীসকলক তেওঁলোকৰ অভিনয় মূলসুঁতিৰ দৰ্শকৰ দাবী অনুসৰি সালসলনি কৰাৰ বাবে জোৰ দিছে।১৩

তথ্যসূত্ৰ

  1. ↑ Anna Morcom. (7 February 2014). Courtesans, Bar Girls & Dancing Boys: The Illicit Worlds of Indian Dance. Hachette India. পৃ. 196–. ISBN 978-93-5009-793-9
  2. ↑ The Tragic Exploitation of India's Launda Dancers
  3. ↑ UNICEF. (April 2010). SEXUAL ABUSE AND EXPLOITATION OF BOYS IN SOUTH ASIA A REVIEW OF RESEARCH FINDINGS, LEGISLATION, POLICY AND PROGRAMME RESPONSES. UNICEF Innocenti Research Centre
  4. ↑ (2018-04-19). 'हम सेक्स नहीं बेचते हैं ये तो बस एक कला है'. BBC News हिंदी
  5. ↑ Dost 2017, পৃ. 106
  6. ↑ Dost 2017, পৃ. 106
  7. ↑ Ramchandra Manjhi: The last scion of Bhikhari Thakur's Naach tradition. National Herald
  8. ↑ (12 July 2017). Celebrating 100 years of Bhikaji Thakur's 'Launda Naach'
  9. ↑ Shrivastava, Girish. (3 August 2018). The fire is still burning. The Hindu
  10. ↑ (14 October 2018). Ramchandra Manjhi: The last scion of Bhikhari Thakur's Naach tradition
  11. ↑ (16 May 2020). Launda Naach: Men Dress as Women & Dance in Front of Sexually Hungry Men in Bihar
  12. ↑ (31 December 2019). Launda Naach: Keeping Folk Art Alive in Bihar
  13. ↑ (4 November 2017). Act like a woman: How a little-known folk art form is sweeping away barriers of caste and gender, one Launda at a time

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্যভাৰতৰ নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৱাণ্ডা নাচ” প্ৰবন্ধৰ সংশোধন ৫০৯৬৪৮ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।