কাবায়ান (ইংৰাজী ভাষা: Kabayan; চুন্দানীজ: ᮊᮘᮚᮔ᮪) চুন্দানীজ সংস্কৃতিৰ এক কল্পিত আৰু জনপ্ৰিয় লোকচৰিত্ৰ, যাক পাছলৈ সমগ্ৰ ইণ্ডোনেছিয়াতেই জনপ্ৰিয় লোকচৰিত্ৰ হিচাপে গ্ৰহণ কৰা হয়। তেওঁৰ কাহিনীবোৰ ধেমেলীয়া, নম্ৰ আৰু একে সময়তে বুদ্ধিমান স্বভাৱৰ বুলি গণ্য কৰা হয়। কাবায়ানৰ কাহিনীসমূহ প্ৰাচীন কালৰেপৰা মৌখিক পৰম্পৰাৰ জৰিয়তে প্ৰচলিত হৈ আহিছে আৰু ১৯শ শতিকাৰপৰা বিশেষভাৱে লিপিবদ্ধ হ’বলৈ আৰম্ভ কৰে। এই কাহিনীবোৰত সাধাৰণতে চুন্দানী লোকসকলৰ দৈনন্দিন জীৱন, তেওঁলোকৰ সমাজ-সংস্কৃতি আৰু সময় অনুসৰি হোৱা পৰিৱৰ্তনৰ ছবি অংকিত হয়।১
কাবায়ানৰ চৰিত্ৰ মধ্যপ্ৰাচ্যৰ লোকচৰিত্ৰ যেনে আবু নুৱাছ আৰু নাছিৰুদ্দিনৰ সৈতে কিছু সাদৃশ্যপূৰ্ণ বুলি ধৰা হয়, কিয়নো তেওঁলোকৰ দৰে কাবায়ানো হাস্যৰস আৰু তীক্ষ্ণ বুদ্ধিৰ জৰিয়তে সমাজৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হয়।২৩
উৎপত্তি আৰু বৈশিষ্ট্য
কাবায়ান চুন্দানীজ লোককথাৰ এক কল্পনাপ্ৰসূত চৰিত্ৰ, যি প্ৰথমে মৌখিক পৰম্পৰাৰে এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ বাগৰি আহিছিল। পিছলৈ এই কাহিনীবোৰে লিখিত ৰূপ লাভ কৰে। এই কাহিনীসমূহ পুৰণি চুন্দানীজ সাহিত্যৰ সাধাৰণ পান্তুন বা ৱাৱাচান শ্ৰেণীৰ অন্তৰ্গত নহয়, কিয়নো ইয়াত ৰজা-মহাৰজা বা অভিজাত শ্ৰেণীৰ কাহিনী কেন্দ্ৰস্থ নহয়; বৰঞ্চ সাধাৰণ জনতাৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত।
কাবায়ানক সাধাৰণতে এক সহজ-সৰল কিন্তু চতুৰ গাঁওবাসী হিচাপে চিত্ৰিত কৰা হয়। কিছুমান সাহিত্যিক বৰ্ণনাত তেওঁক অলপ এলেহুৱা, বিশৃংখল সাজ-পোছাক পিন্ধা আৰু অলপ ওলোমা পেট থকা ব্যক্তি হিচাপে দেখুওৱা হৈছে; তথাপি তেওঁ জটিল পৰিস্থিতিতো নিজা বুদ্ধিৰে সমস্যাৰ সমাধান উলিয়াব পাৰে।
তেওঁৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—
- ব্যাৱহাৰিক বুদ্ধিমত্তা
- সংঘাতৰ সময়তো শান্ত স্বভাৱ
- সুযোগ বুজি লাভ ল’ব পৰা ক্ষমতা
উদাহৰণস্বৰূপে “মোৰো উনচাল” (হৰিণ চিকাৰ) কাহিনীত দেখা যায় যে, আনসকলে ডাঙৰ অস্ত্ৰ লৈ চিকাৰলৈ গ’লেও কাবায়ানে সৰু ছুৰী লৈ গৈছিল। আকস্মিকভাৱে এটা হৰিণ তেওঁৰ পৰিধান কৰা চাদৰত ফঁহিয়াই পৰাত তেওঁ যেনে নিজেই হৰিণ ধৰিলে বুলি গণ্য কৰা হয়। এই কাহিনীয়ে তেওঁৰ সহজ কিন্তু তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিয়ে।
এইদৰে কাবায়ান চুন্দানীজ জনজীৱনৰ প্ৰতীক—প্ৰকৃতিৰ সৈতে নিবিড় সম্পৰ্ক থকা, সহজ জীৱন-যাপন কৰা আৰু হাস্যৰসৰ মাজেৰে গভীৰ সামাজিক বাৰ্তা আগবঢ়োৱা এক সাংস্কৃতিক চিহ্ন।৪
সাহিত্য আৰু চলচ্চিত্ৰ
কাবায়ান চুন্দানীজ লোককাহিনীৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ। সময়ৰ লগে লগে এই কাহিনীবোৰ বিভিন্ন সাহিত্যিক ৰূপ আৰু চলচ্চিত্ৰত ৰূপান্তৰিত হৈছে। বিশেষকৈ পশ্চিম জাভা অঞ্চলত ই অতি জনপ্ৰিয়।৫
কিতাপ
বৰ্তমান সময়ত কাবায়ানৰ কাহিনীসমূহ লিখিত ৰূপতো প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। স্থানীয়ভাৱে পাছুণ্ডান অঞ্চলত, ৰাষ্ট্ৰীয়ভাৱে ইণ্ডোনেছিয়াত আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে ইংৰাজী আৰু ডাচ ভাষাতো এই কাহিনীবোৰ প্ৰকাশ পাইছে।
- ছি কাবায়ান, উতুয় টাটাং সোণতনি (১৯৫৯)
- ছি কাবায়ান মানুচিয়া লুকু, আচদিয়াত কৰ্তা মিহাৰ্জা (১৯৯৭)
- ছি কাবায়ান নংগোল দি জামান জেপাং, আচদিয়াত কৰ্তা মিহাৰ্জা
- ছি কাবায়ান ডান বেবেৰাপা ডংগেং সুন্দা লাইন্যা, আইপ ৰোচিদি (১৯৮৫)
- ছি কাবায়ান জাদি ৱাৰতাৱান, মুহতাৰ ইবনু থালাব (২০০৫)
- ছি কাবায়ান জাদি দুকুন, মহম্মদ আম্ব্ৰি
- কাবায়ান বিকিন উলাহ (২০০২, কমিক সংকলন)
- থ্ৰী ছাউথ ইষ্ট এছিয়ান প্লেজ: ছি কাবায়ান, উতুয় টাটাং সোণতনি; উছমান আৱাং; জু ফৰ লি। প্ৰকাশক: টেংগাৰা, কুৱালালামপুৰ, ১৯৭০ (ভাষা: ইংৰাজী)
- পেৰাডক্স চেৰিতা-চেৰিতা ছি কাবায়ান, ইয়াকব সুমাৰ্জো। প্ৰকাশক: কেলিৰ, বাণ্ডুং, ২০০৮ (ভাষা: ইণ্ডোনেছিয়ান)
- টেলছ অৱ ছি কাবায়ান, এম. জে. মাৰ্ফি। প্ৰকাশক: অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, হংকং, ১৯৭৫ (ভাষা: ইংৰাজী)
- ছি কাবায়ান, মূলিয়ানি এছ. য়েনি। প্ৰকাশক: পুছাত বাহাসা, দেপাৰ্তেমেন পেণ্ডিদিকান নাছিওনাল, জাকাৰ্টা, ২০০৪ (ভাষা: ইণ্ডোনেছিয়ান)
চলচ্চিত্ৰ
- ছি কাবায়ান (১৯৭৫)
- ছি কাবায়ান চাবা কোটা (১৯৮৯)
- ছি কাবায়ান ডান গাডিছ কোটা (১৯৮৯)
- ছি কাবায়ান ডান আনাক জিন (১৯৯১)
- ছি কাবায়ান চাবা মেট্ৰ'পলিটান (১৯৯২)
- ছি কাবায়ান কাৰি জোডোহ (১৯৯৪)
- ছি কাবায়ান: বুকান ইম্পিয়ান (২০০০)
- কাবায়ান জাদি মিলিয়ুনাৰ (২০১০)
চুন্দানীজ কাহিনী
- ছি কাবায়ান নগালা নাংকা
- ছি কাবায়ান নগালা টুতুত
তথ্যসূত্ৰ
- ↑ Yusup, Sinta Juliana. (2023). Babandingan Dongéng Si Kabayan Jeung Carita Abu Nawas: Ulikan Struktural Jeung Hermeneutik
- ↑ Murphy, M. J.; Ibrāhīm, ʻAbd Allāh. (1975). Tales of Si Kabayan. Oxford University Press
- ↑ Sontani, Utuy. (1970). Three South East Asian Plays: Si Kabayan by Utuy Sontani. Tenggara
- ↑ Ramdani, Dian Nugraha. Asal-usul Si Kabayan, Cerita Rakyat Sunda yang Terus Bertransformasi. detikjabar
- ↑ Daniswari, Dini. Cerita dan Pesan Moral Dongeng Si Kabayan Asal Jawa Barat. Kompas.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবায়ান” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৩৬ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।