কায়াহ ৰাজ্য (ကယားပြည်နယ်; পূৰ্বৰ কাৰেনি ৰাজ্য) হৈছে ম্যানমাৰৰ এখন ৰাজ্য। পূব ম্যানমাৰত অৱস্থিত ইয়াৰ উত্তৰে শ্বান ৰাজ্য, পূবে থাইলেণ্ডৰ মে হং ছন প্ৰদেশ আৰু দক্ষিণ আৰু পশ্চিমে কায়িন ৰাজ্য।১ ই প্ৰায় ১৮° ৩০′ আৰু ১৯° ৫৫′ উত্তৰ অক্ষাংশৰ ভিতৰত আৰু ৯৬° ৫০′ আৰু ৯৭° ৫০′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ আয়তন ১১,৬৭০ কিলোমিটাৰ (৪,৫১০ বৰ্গমাইল)।২ ইয়াৰ ৰাজধানী হৈছে ল্বয়কাউ (লয়-কাউ বুলিও উচ্চাৰণ কৰা হয়)।৩ ২০১৪ চনৰ ম্যানমাৰৰ লোকপিয়ল অনুসৰি এই ৰাজ্যৰ আনুমানিক জনসংখ্যা আছিল ২৮৬,৭৩৮ জন। ইয়াত প্ৰধানকৈ কাৰেনি জনগোষ্ঠীয়ে বাস কৰে, যাক ৰেড কেৰেন বা কায়াহ বুলিও কোৱা হয়, যিটো চীন-তিব্বতী জনগোষ্ঠী।৪
ইতিহাস
১৮৭৫ চনৰ ২১ জুনত বাৰ্মিজৰ ৰজা মিণ্ডন মিনৰ সৈতে হোৱা চুক্তিত ব্ৰিটিছ চৰকাৰে কাৰেনি ৰাজ্যৰ স্বাধীনতাক স্বীকৃতি আৰু নিশ্চয়তা প্ৰদান কৰে, যাৰ দ্বাৰা দুয়োপক্ষই এই অঞ্চলটোক কনবাং বাৰ্মাৰ বা গ্ৰেট ব্ৰিটেইনৰ নহয় বুলি স্বীকৃতি দিয়ে।৫
২০২১ চনৰ পিছত
২০২৩ চনৰ ৭ নৱেম্বৰ তাৰিখে কাৰেনি নেচনেল পিপলছ লিবাৰেচন ফ্ৰণ্ট, কাৰেনি আৰ্মি আৰু কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চে শাসকীয় ৰাজ্য প্ৰশাসন পৰিষদ জুন্টাৰ বিৰুদ্ধে "অপাৰেচন ১১০৭" নামেৰে জনাজাত সামৰিক আক্ৰমণ আৰম্ভ কৰে। ৰাজধানী দখল কৰাৰ লক্ষ্যৰে ২০২৩ চনৰ ১১ নৱেম্বৰৰ পৰা "অপাৰেচন ১১১১" নামেৰে জনাজাত অতিৰিক্ত আক্ৰমণ আৰম্ভ হয়।৬৭
২৮ নৱেম্বৰত দ্য ইৰাৱাডীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কে.এন.ডি.এফৰ উপ-মুখ্য সেনাধ্যক্ষ মাৰৱীয় (বাৰ্মিজ: မာဝီက)য়ে দাবী কৰিছিল যে জুন্তা বিৰোধী বাহিনীয়ে কায়াহ ৰাজ্যৰ ৮০% অংশ নিয়ন্ত্ৰণ কৰে আৰু লয়কাওৰ আধা অংশ নিয়ন্ত্ৰণ কৰে, য'ত এটা অন্তৱৰ্তীকালীন কাৰেনি চৰকাৰ স্থাপন কৰা হৈছিল। ই জুন্তা চৰকাৰৰ ঠাইত গঠন কৰা হৈছিল, যিখন ভাঙি পৰিছিল।৮৯১০
তথ্যসূত্ৰ
- ↑ Kayah State. The Kite Tales
- ↑ Kayah State. Myanmar 2024
- ↑ Burmese, RFA. (2024-06-07). Myanmar junta halfway to recapturing Kayah state capital. Radio Free Asia
- ↑ (1998-07-20). Northeast India, Myanmar, Animism. Encyclopedia Britannica
- ↑ পৃ. 678
- ↑ (9 November 2023). ကရင်နီဒေသ ၁၁၀၇ စစ်ဆင်ရေး တိုက်ပွဲ ဆင်နွှဲ. BBC News မြန်မာ
- ↑ (8 November 2023). ကရင်နီဒေသ ၁၁၀၇ စစ်ဆင်ရေး စတင်. ဗွီအိုအေ
- ↑ Kha, Kyaw. (28 November 2023). Operation 1111 'Close to Securing All of Kayah State for Myanmar Resistance'. The Irrawaddy
- ↑ Junta's Administration Ousted from Karenni State- Loikaw still a war-zone
- ↑ The Irrawaddy. (26 December 2023). Christmas mass held for IDPs in Karenni State. ফেইচবুক. Meta Platforms, Inc.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কায়াহ ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৬১৩৩৪৮ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।