কাচিন ৰাজ্য হ'ল ম্যানমাৰৰ এখন ৰাজ্য। ই ম্যানমাৰৰ উত্তৰ অংশত অৱস্থিত। এই ৰাজ্যৰ উত্তৰ আৰু পূৰ্ব দিশত চীন অৱস্থিত। দক্ষিণ দিশত অৱস্থিত শাহ ৰাজ্য। পশ্চিম দিশত ভাৰত আৰু ছাঘাইন অৱস্থিত। ৰাজ্যটিৰ মুঠ কালি হ'ল ৮৯,০৪১.৮ বৰ্গ কিলোমিটাৰ বা ৩৪,৩৭৯.২ বৰ্গ মাইল। কাচিন ৰাজ্যৰ মুঠ জনসংখ্যা হ'ল ১৬ লাখ ৮৯ হাজাৰ ৪৪১ জন। এই ৰাজ্যৰ সৰ্বোচ্চ শৃংগ হ'ল হকাকাবো ৰাজি। ইয়াৰ উচ্চতা ৫,৮৮৯ মিটাৰ। ৰাজ্যখনৰ ৰাজধানী চহৰ হ'ল মাইটকয়িনা। এই ৰাজ্যৰ অন্য প্ৰধান চহৰসমূহ হ'ল ভোমা আৰু পুটাআৰু। এই ৰাজ্যখন ২৩.২৭ৰ পৰা ২৮.২৫ ডিগ্ৰী উত্তৰ স্থানাংকত অৱস্থিত। ইণ্ডাইগয়ি হ্ৰদ এই ৰাজ্যতে অৱস্থিত। কাচিন ৰাজ্যত হিমালয়ৰ সম্প্ৰসাৰিত অংশ কাচিন পাহাৰ অৱস্থান কৰিছে। এই পাহাৰ ৰাজ্যৰ বেছি ভাগ অংশতে অৱস্থান কৰিছে।
অৱস্থান
কাচিন ৰাজ্য ম্যানমাৰৰ উত্তৰত চীন আৰু ভাৰতৰ সীমান্তত অৱস্থিত। এই ৰাজ্যৰ গড় উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ৬০০ ৰ পৰা ১০০০ মিটাৰতকৈও অধিক। সৰ্বোচ্চ অংশটো হ'ল হকাকাবো ৰাজি শৃংগ। ২৩.২৭ ৰ পৰা ২৮.২৫ ডিগ্ৰী উত্তৰ আৰু ৯৬ ৰ পৰা ৯৮.৪৪ ডিগ্ৰী পূৰ্বে ৰাজ্যখনৰ অৱস্থান। ৰাজ্যখন দেশৰ ৰাজধানীৰ পৰা প্ৰায় ১০০০ কিলোমিটাৰ বা ৬৫০ মাইল দূৰত অৱস্থিত।
অৰ্থনীতি
কাচিন ৰাজ্যৰ অৰ্থনীতি প্ৰধানত কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰশীল। কৃষি কাৰ্য কৰি এই ৰাজ্যৰ মানুহে জীবিকা নিৰ্বাহ কৰে। এই ৰাজ্যৰ প্ৰধান অৰ্থকৰী কৃষি হ'ল চাহ, ধান বা চাউল, পাট। ইয়াৰোপৰি ৰাজ্যখনত প্ৰচুৰ চেগুন গছ আছে। এই চেগুন গছৰ বাবেই বিভিন্ন আচবাৱ শিল্প গঢ়ি উঠিছে। ৰাজ্যখনৰ প্ৰধান নগৰসমূহ হ'ল মাইটকয়িন,ভোযা আৰু পুটাআৰু। এই নগৰসমূহত কিছু আধুনিক শিল্পৰ বিকাশ ঘটিছে। সেয়ে এই শিল্পবোৰ চহৰসমূহতেই সীমাবদ্ধ। নগৰৰ বাহিৰত এইবোৰৰ বেছি বিস্তাৰ ঘটা নাই। এই ৰাজ্যৰ কিছু এলেকাত সোণৰ খনি আছে, যিবোৰৰ ৰাজ্যখনৰ অৰ্থনীতিত যথেষ্ঠ ভূমিকা আছে। ইয়াৰোপৰি ইয়াত মূল্যবান পাথৰ বা জিম ষ্টোন পোৱা যায়। এই ৰাজ্যত এটা বিদ্যুৎ কেন্দ্ৰ গঢ়ি উঠিছে।
যোগাযোগ ব্যৱস্থা
ৰাজ্যখন পাহাৰ পৰ্বতৰ দ্বাৰা বেষ্টিত বাবে ৰাজ্যখনৰ মাজত যোগাযোগ ব্যৱস্থা গঢ়ি তোলা খুবেই কঠিন। তথাপি ৰাজ্যখনৰ পথ দ্বাৰা অন্য ৰাজ্যসমূহৰ লগত যুক্ত হৈ আছে। ৰাজ্যৰ চহৰসমূহৰ লগত দেশৰ ৰাজধানী আৰু অন্যান্য প্ৰধান চহৰসমূহৰ মাজত সুন্দৰ যাতায়াত ব্যৱস্থা আছে। ৰাজ্যখনত মুঠ তিনিটা বিমান বন্দৰ আছে। এই বিমান বন্দৰ কেইটা হ'ল- মাইটকয়িন বিমানবন্দৰ, ভোমা বিমানবন্দৰ আৰু পুটআৰু বিমানবন্দৰ। ইয়াৰ ভিতৰত মাইটকয়িন বিমান বন্দৰে সৰ্বাধিক যাত্ৰী বহন কৰে।
জনসংখ্যা
২০১৪ চনৰ হিচাপ অনুযায়ী কাচিন ৰাজ্যৰ মুঠ জনসংখ্যা হ'ল ১৬ লাখ ৮৯ হাজাৰ ৪৪১ জন। ১৯৭৩ চনত ৰাজ্যখনৰ জনসংখ্যা আছিল ৭ লাখ ৩৭ হাজাৰ ৯৩৯ জন তথা ১৯৮৩ চনত জনসংখ্যা আছিল ৯ লাখ ৪ হাজাৰ ৭৯৪ জন। এই ৰাজ্যত কাচিন জাতিৰ মানুহেই সংখ্যা গৰিষ্ঠ। ইয়াৰোপৰি ৰাজ্যখনত ভাৰতীয় আৰু চীনা মানুহ বাস কৰে।
ধৰ্ম
ৰাজ্যখনত সকলোতকৈ বেছি বৌদ্ধ ধৰ্মৰ মানুহ বসবাস কৰে। অন্য ধৰ্মসমূহৰ ভিতৰত প্ৰধান হ'ল খ্ৰীষ্টান, ইছলাম, আৰু হিন্দু ধৰ্ম। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬৪% শতাংশ মানুহে বৌদ্ধ ধৰ্ম পালন কৰে। খ্ৰীষ্টান ধৰ্ম পালন কৰে ৩৩ শতাংশই, হিন্দু আৰু ইছলাম ধৰ্ম পালন কৰে যথাক্ৰমে ০.৪ আৰু ১.৬ শতাংশ মানুহে। বাকী ১ শতাংশ মানুহে অন্য ধৰ্ম মত বিশ্বাস কৰে।
| ধৰ্মসমূহ | জনসংখ্যা % ১৯৮৩ ! জনসংখ্যা % ২০১৪'১ | |
|---|---|---|
| বৌদ্ধ ধৰ্ম | ৫৮.৫% | ৬৪.০% |
| খ্ৰীষ্টান | ৩৮.৫% | ৩৩.৮% |
| হিন্দু ধৰ্ম | ১.৮% | ০.৪% |
| ইছলাম | ০.৫% | ১.৬% |
| অন্য ধৰ্ম | ০.৭% | ০.২ |
তথ্যসূত্ৰ
- ↑ Department of Population Ministry of Labour, Immigration and Population MYANMAR. (July 2016). The 2014 Myanmar Population and Housing Census Census Report Volume 2-C. Department of Population Ministry of Labour, Immigration and Population MYANMAR. পৃ. 12–15
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাচিন ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৩৭৯৪২৮ (২৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।