অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মোহিঙ্গা

মোহিঙ্গা (; বাৰ্মিজ: မုန့်ဟင်းခါး)স্থানীয় ভাৱে মণ্ট হিন গাৰ বুলিও কোৱা হয়। মোহিঙ্গা হৈছে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ব্যঞ্জন। মোহিঙ্গা হৈছে চাউল নুডলছৰ সৈতে তৈয়াৰ কৰা মাছৰ চুপ, যাক সাধাৰণতে ৰাতিপুৱাৰ আহাৰ হিচাপে পৰিৱেশন কৰা হয়। ইয়াত লেমনগ্ৰাছ, হালধি আৰু মাছৰ চছৰ সৈতে সোৱাদ যুক্ত এক সমৃদ্ধ সোৱাদ থাকে।

হালনাগাদ: ৪ মে’ ২০২৬ ৬৬৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মোহিঙ্গা (; বাৰ্মিজ: မုန့်ဟင်းခါး)স্থানীয় ভাৱে মণ্ট হিন গাৰ বুলিও কোৱা হয়। মোহিঙ্গা হৈছে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ব্যঞ্জন। মোহিঙ্গা হৈছে চাউল নুডলছৰ সৈতে তৈয়াৰ কৰা মাছৰ চুপ, যাক সাধাৰণতে ৰাতিপুৱাৰ আহাৰ হিচাপে পৰিৱেশন কৰা হয়। ইয়াত লেমনগ্ৰাছ, হালধি আৰু মাছৰ চছৰ সৈতে সোৱাদ যুক্ত এক সমৃদ্ধ সোৱাদ থাকে। ইয়াৰ লগতে প্ৰায়ে সিজোৱা হয় কণী, চিলেণ্ট্ৰো আদি।১২ ৩মোহিঙ্গা দেশৰ বেছিভাগ ঠাইত সহজে উপলব্ধ, ডাঙৰ চহৰবোৰত পদৰ বিক্ৰেতা আৰু পথৰ কাষৰ দোকান আদিত বিক্ৰী কৰা হয়। মোহিঙ্গা পৰম্পৰাগতভাৱে ৰাতিপুৱাৰ আহাৰত খোৱা হয় যদিও বৰ্তমানৰ যিকোনো সময়তে খোৱা হয়। ব্যঞ্জনবিধত কণী, পিঁয়াজ বা বনৌষধি যোগ দিব পাৰি।

বিৱৰণ আৰু উপাদানসমূহ

মোহিঙ্গা প্ৰস্তুতৰ মুখ্য উপাদানবোৰ হৈছে ময়দা বা চাউলৰ গুড়ি, নহৰু, শ্বেলট বা পিঁয়াজ, লেমনগ্ৰাছ, আদা, মাছৰ পেষ্ট, মাছৰ চছ, আৰু কেটফিছ (বা অন্যান্য প্ৰকাৰৰ মাছ, যেনে মৃগাল কাৰ্প)।৩ এই সকলো উপাদান ৰান্ধি আৰু উতলাই এক ডাঠ জোল প্ৰস্তুত কৰা হয়। [৩৪মোহিঙ্গা চাউলৰ ভাৰ্মিচিলি, মাছৰ চছৰ সৈতে, নেমুৰ ৰস, মচমচীয়াকৈ ভজা পিঁয়াজ, ধনিয়া, গোলাকৃতিকৈ কটা পিঁয়াজৰ ৰিং,গুড়ি কৰা শুকান জলকীয়া আৰু বৈকল্পিক উপাদান হিচাপে, ভালদৰে ভজা বাৰ্মিজ ফ্ৰিটাৰ যেনে বুট, মাটি দাইল,লাও, ইউটিয়াওৰ টুকুৰা, লগতে সিজোৱা কণী আৰু ভজা নাগাপি মাছৰ সৈতে সুন্দৰকৈ সজাই পৰিৱেশন কৰা হয়। মোহিঙ্গাক চীনা চুপ চামুচেৰে খোৱা হয়, যাক বাৰ্মিজ ভাষাত মোহিঙ্গা জুন বা 'মহিঙ্গা চামুচ' বুলি কোৱা হয়। মোহিঙ্গা হৈছে ম্যানমাৰত পোৱা এক সচৰাচৰ ৰাতিপুৱাৰ আহাৰৰ ব্যঞ্জন, আৰু ম্যানমাৰৰ বহুতো চহৰ আৰু মহানগৰত সমগ্ৰ দিনৰ জলপানৰ আহাৰ হিচাপে উপলব্ধ।৫মোহিঙ্গা ম্যানমাৰৰ সকলোতে উপলব্ধ। পদপথৰ বিক্ৰেতা সকলে প্ৰায়ে মোহিঙ্গা বিক্ৰী কৰে, কিছুমানে কান্ধৰ খুটাৰ এফালে ষ্টোভত চুপ কলহ কঢ়িয়াই লৈ বিক্ৰী কৰা দেখা যায় আৰু আনফালে চাউলৰ ভাৰ্মিচেলি আৰু অন্যান্য উপাদান, লগতে বাটি আৰু চামুচ।

ইতিহাস আৰু উৎপত্তি

বিদ্যমান ৰেকৰ্ডৰ অনুপস্থিতিত মোহিঙ্গাৰ উৎপত্তি নিৰ্ধাৰণ কৰা কঠিন। পিয়ু চহৰ-ৰাজ্যসমূহৰ চাউল ৰখাৰ বাবে ব্যৱহৃত খাদ্য প্ৰক্ৰিয়াকৰণ সঁজুলি আৱিষ্কাৰ কৰা হৈছে।৬ তাৰ পৰা গম পোৱা যায় যে মোহিঙ্গাত ব্যৱহৃত মূল শ্বেতসাৰ চাউল ৰন্ধনৰ পৰম্পৰাৰ এক দীঘলীয়া ইতিহাস আছে। মোহিঙ্গাৰ প্ৰাচীনতম প্ৰসংগটো কনবাং ৰাজবংশৰ কবি ইউ পোন্নিয়াৰ 'আলিঙ্গা 'পদ্য কবিতাত দেখা যায়। বাৰ্মাৰ ইতিহাসৰ ইতিহাসবিদ খিন মাউং নিউণ্টে এই সিদ্ধান্তত উপনীত হৈছে যে প্ৰাক-ঔপনিৱেশিক সময়ত মোহিঙ্গা সম্ভৱতঃ সাধাৰণ লোকৰ ব্যঞ্জন আছিল। কিয়নো মোহিঙ্গাৰ বিষয়ে কোনো আনুষ্ঠানিক ৰন্ধন প্ৰণালীৰ ৰাজকীয় ৰেকৰ্ড বা ৰন্ধনৰ কিতাপত পোৱা নাযায়। বাগিদাওৰ শাসনকালৰ শেষাৰ্ধত ইউ মিন নামৰ এজন কবিয়ে 'মণ্ট দি' (မုန့်တီ) বাক্যাংশ ব্যৱহাৰ কৰি মোহিঙ্গাৰ বিষয়ে লিখিছিল। যদিও মণ্ট দি য়ে এতিয়া সাধাৰণতে আন এক প্ৰকাৰৰ চাউলৰ ভাৰ্মিচেলি ব্যঞ্জন বুজায়। এক ক্ষুদ্ৰ সংখ্যালঘুলোকে মোহিঙ্গাৰ সন্দৰ্ভত 'মণ্ট টি' শব্দৰ ব্যৱহাৰ অব্যাহত ৰাখিছে। দেশৰ বিভিন্ন অঞ্চলত মোহিঙ্গাক 'মণ্ট' (မုန့်) বা 'মণ্ট হিন' (မုန့်ဟင်း) বুলি কোৱা হয়।

আঞ্চলিক বিভিন্নতা

উপাদানৰ উপলব্ধতা আৰু ৰন্ধন প্ৰণালীৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ ম্যানমাৰত বিভিন্ন আঞ্চলিক প্ৰকাৰৰ মোহিঙ্গা আছে। উদাহৰণ স্বৰূপে, ৰাখাইন মোহিঙ্গাত অধিক মাছৰ পেষ্ট আৰু কম চুপ থাকে। আটাইতকৈ সচৰাচৰ প্ৰস্তুত কৰা সংস্কৰণটো নামনি ম্যানমাৰৰ পৰা আহিছে। য'ত সতেজ মাছ অধিক ব্যৱহৃত হয়। এই প্ৰকাৰৰ মোহিঙ্গা ইৰাৱতী বদ্বীপৰ পৰা উৎপন্ন হৈছে আৰু এইবিধ মোহিঙ্গাক প্ৰায়ে তাওচেট মোহিঙ্গা বুলি কোৱা হয়।৭ ৰেঙ্গুনৰ কেইবাখনো প্ৰসিদ্ধ মোহিঙ্গাৰ দোকানত ইৰাৱতী ডেল্টা শৈলীৰ মোহিঙ্গা পৰিৱেশন কৰা হয়, যাৰ ভিতৰত আছে মায়াউংমিয়া দাও চো আৰু বগালে দাও নিয়ো। ৮ ইৰাৱতী বদ্বীপৰ মোহিঙ্গাৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত

  1. বোগালে মোহিঙ্গা – মাছ আৰু প্ৰচুৰ জালুকৰ জোল দি ৰন্ধা,
  2. মায়াউংমিয়া মোহিঙ্গা – তিনি প্ৰকাৰৰ মাছৰ সৈতে ৰন্ধা, যেনে পটিযুক্ত স্নেকহেড, খোজ কঢ়া কেটফিছ, আৰু হেমিল্টনৰ কাৰ্প৯
  3. পাইপন মোহিঙ্গা,১০
  4. পাথেইন মোহিঙ্গা,১০
  5. ৰেঙ্গুন মোহিঙ্গা – কেটফিছ, চিনাবাদামৰ জোলত ৰন্ধা।১১

বাগো অঞ্চলৰ পৰা মোহিঙ্গাৰ প্ৰকাৰবোৰৰ ভিতৰত আছে:

  1. হিন্থাদা মোহিঙ্গা – কেটফিছৰ সলনি হিলছাৰে ৰন্ধা১২
  2. মাদাউক মোহিঙ্গা – পৰম্পৰাগত মিছামাছৰ আচাৰৰ সৈতে ৰন্ধা, আৰু কেঁচা বিলাহীৰ সৈতে পৰিৱেশন কৰা,১৩
  3. নিয়াউংলেবিন আৰু পিউণ্টাজা মোহিঙ্গা – মাছৰ সৈতে ৰন্ধা,বগৰীৰ আচাৰৰ সৈতে পৰিৱেশন কৰা হয়১৪
  4. টাউংগু মোহিঙ্গা – শুকান নুডল চালাডৰ দৰে পাতল জোলেৰে পৰিৱেশন কৰা হয়, কেঁচা বিলাহী, কটা সেউজীয়া মাহ, আৰু পিকল্ড বগা জুজুবৰ এটা ফালৰ সৈতে।১৫

উজনি ম্যানমাৰত মোহিঙ্গাৰ প্ৰকাৰবোৰৰ ভিতৰত আছে:

  1. আন্য মহিঙ্গা – ভজা চাউলৰ আটাৰ সলনি কুকুৰাৰ মাংস, মাছ আৰু বুটৰ আটাৰ জোলত ৰন্ধা হয়। ম্যানমাৰৰ উজনি চহৰ যেনে মনিৱা, ৱেটলেট, শ্বেবো, কিয়াউকপাডাউং, আৰু মিংগিয়ানৰ সচৰাচৰ এই মোহিঙ্গা দেখা যায়।১৬
  2. মোহিঙ্গাত – কেটফিছ আৰু সেউজীয়া পিঁয়াজৰ জোৰেৰে সৈতে ৰন্ধা হয়।১৭

দক্ষিণ আৰু পূৱ ম্যানমাৰৰ ভিতৰত থকা প্ৰকাৰবোৰ হ'ল:--

  1. দাৱেই মোহিঙ্গা – পৰম্পৰাগত মোহিঙ্গাৰ দৰে, পাপৰিকাৰ সলনি ক'লা জালুকৰ সৈতে ৰন্ধা হয়।১৮
  2. কাইন মোহিঙ্গা –মিঠা বা মচলাযুক্ত স্বাদ, ধনিয়াৰ সলনি কেঁচা বিলাহী,গজালি ওলোৱা মাহ, সেউজীয়া বীন আৰু পুদিনাৰ সৈতে পৰিৱেশন কৰা হয়।
  3. মাওলামাইন মোহিঙ্গা – সিজোৱা মটৰ, সেউজীয়া মাহ, পদিনা, মাছৰ পিঠা আৰু গুড়ৰ সৈতে পাতল জোলেৰে স্থিৰতাত ৰন্ধা হয়।

তথ্যসূত্ৰ

  1. ↑ (2017-02-22). Burmese Food Primer: Essential Dishes To Eat In Myanmar. Food Republic
  2. ↑ (2020-07-19). Super bowls: Burmese recipes by the Rangoon Sisters. the Guardian
  3. ↑ Aye, MiMi. (2020). Mandalay: Recipes & Tales from a Burmese Kitchen. Bloomsbury Absolute. পৃ. 107–108. ISBN 9781472959492
  4. ↑ Bush, Austin. (12 July 2017). 10 foods to try in Myanmar -- from tea leaf salad to Shan-style rice. CNN
  5. ↑ (2017-12-17). The best thing I ate in 2017. the Guardian
  6. ↑ (2016-04-05). မုန့်ဟင်းခါး အကြောင်း သိကောင်းစရာ. MyFood Myanmar
  7. ↑ Thinn Thiri San. (2019-07-24). မုန့်ဟင်းခါး နှင့် မြန်မာလူမျိုး. Yangon Style
  8. ↑ ငြိမ်းအိအိထွေး. (2018-08-29). ရန်ကုန်မြို့က နာမည်ကျော် မုန့်ဟင်းခါးဆိုင် ၁ဝ ဆိုင်. The Myanmar Times
  9. ↑ (2015-12-13). မြောင်းမြမုန့်ဟင်းခါး. MyFood Myanmar
  10. ↑ (2018-08-13). ဒေသအစားအစာ တစ်ခုဖြစ်သည့် တောင်ငူမုန့်ဟင်းခါး. TimeAyeyar
  11. ↑ (2015-12-29). ရန်ကုန် မုန့်ဟင်းခါး. MyFood Myanmar
  12. ↑ San San Oo. (2017-07-25). ဟင်္သာတမုန့်ဟင်းခါး. FOOD Magazine Myanmar
  13. ↑ (2016-04-05). မဒေါက် မုန့်ဟင်းခါး. MyFood Myanmar
  14. ↑ လှမြိုင်. (2019-08-06). မုန့်ဟင်းခါး ဋီကာ (ဒါဖတ်ပြီးမှ မုန့်ဟင်းခါး စားပါ). Lwin Pyin News
  15. ↑ (2016-03-08). တောင်ငူ မုန့်ဟင်းခါး ရေကျဲ. MyFood Myanmar
  16. ↑ (2016-04-04). ညောင်ပင်ကြီး မုန့်ဟင်းခါး (သို့) အညာ မုန့်ဟင်းခါး. MyFood Myanmar
  17. ↑ (2016-04-04). အင်းမုန့်ဟင်းခါး (သို့) အင်းမုန့်တီ. MyFood Myanmar
  18. ↑ (2019-02-01). မုန့်ဟင်းခါးချက်နည်းအမျိုးမျိုး. Yangon Life

সম্পৰ্কিত শ্ৰেণী

ম্যানমাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহিঙ্গা” প্ৰবন্ধৰ সংশোধন ৬০৪৪৫৬ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।