অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাৰ্মা অইল কোম্পানী

বাৰ্মা অইল কোম্পানী (Burmah Oil Company) এক আগশাৰীৰ ব্ৰিটিছ তেল কোম্পানী আছিল। ই এসময়ত এফ টি এছ ই ১০০ সূচকাংকৰ এটা গঠনকাৰী একক আছিল। ১৯৬৬ চনত বাৰ্মায়ে কেষ্ট্ৰল অধিগ্ৰহণ কৰে আৰু ইয়াৰ নাম বাৰ্মাহ-কেষ্ট্ৰল ৰখা হয়। ২০০০ চনত বি পি আমোকোৱে কোম্পানীটো ক্ৰয় কৰিছিল।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৪১০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বাৰ্মা অইল কোম্পানী (Burmah Oil Company) এক আগশাৰীৰ ব্ৰিটিছ তেল কোম্পানী আছিল। ই এসময়ত এফ টি এছ ই ১০০ সূচকাংকৰ এটা গঠনকাৰী একক আছিল। ১৯৬৬ চনত বাৰ্মায়ে কেষ্ট্ৰল অধিগ্ৰহণ কৰে আৰু ইয়াৰ নাম বাৰ্মাহ-কেষ্ট্ৰল ৰখা হয়। ২০০০ চনত বি পি আমোকোৱে কোম্পানীটো ক্ৰয় কৰিছিল।

ইতিহাস

বাৰ্মা অইল কোম্পানীৰ পতাকা
বাৰ্মা অইল কোম্পানীৰ পতাকাছবি: TilmannR · Public domain

১৮৮৬ চনত পূব ভাৰতৰ এজন ব্যৱসায়ী ডেভিদ চাইম কাৰ্গিলে তেওঁৰ ৰেংগুন অইল কোম্পানী লিমিটেডৰ উত্তৰাধিকাৰী হিচাপে বাৰ্মা অইল কোম্পানীত গ্লাছগোত প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় উপমহাদেশৰ তৈলক্ষেত্ৰসমূহ অধিক সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে তেওঁ এই কোম্পানী প্ৰতিষ্ঠা কৰিছিল।১ ১৯০৪ চনত তেওঁৰ মৃত্যুৰ পিছত মালিকীস্বত্ব আৰু অধ্যক্ষৰ পদ তেওঁৰ পুত্ৰজন কাৰ্গিলৰ হাতলৈ যায়।২

১৯০০ চনত এডমিৰালটিয়ে নিজৰ যুদ্ধজাহাজৰ ইঞ্জিনৰ শক্তি প্ৰদানৰ বাবে কয়লাৰ পৰা ইন্ধন তেললৈ সলনি কৰাৰ পৰিকল্পনা কৰিছিল। ১৯০৫ চনত বাৰ্মাই এডমিৰালটিৰ সৈতে ৰেংগুনৰ পৰা নৌসেনাৰ ইন্ধন তেল যোগান ধৰিবলৈ চুক্তিবদ্ধ হয়।১

২০ শতিকাৰ প্ৰথম দশকত বাৰ্মা অইলে এংলো-পাৰ্চিয়ান অইল কোম্পানী প্ৰতিষ্ঠা কৰি পাৰস্যত উইলিয়াম নক্স ডি আৰ্চিৰ প্ৰাৰম্ভিক সন্ধানৰ সফলতা লাভ কৰে। এংলো-পাৰ্চিয়ান অইল কোম্পানীত বাৰ্মা অইলৰ ৯৭% মালিকীস্বত্ব আছিল। কালক্ৰমত বাৰ্মা অইল ব্ৰিটিছ সাম্ৰাজ্যৰ সৰ্ববৃহৎ তেল কোম্পানী হিচাপে পৰিগণিত হয়। পিছলৈ এই সহযোগী কোম্পানীটোৰ নাম এংলো-ইৰানিয়ান অইল কোম্পানী আৰু শেষত বি পি ৰখা হয়।৩

১৯৩৮ চনত ব্ৰিটিছ বাৰ্মাত বাৰ্মা অইলৰ এক বৃহৎ জাতীয়তাবাদী প্ৰতিবাদ আৰু সাধাৰণ ধৰ্মঘটৰ বিষয় হৈ পৰে। এই বিপ্লৱক ১৩০০ বিপ্লৱ বুলি জনা যায়। অৱশেষত বাৰ্মা অইলে তেওঁলোকৰ কেইটামান দাবী মানি লয়। কিন্তু বেছিভাগৰ ক্লান্তিৰ বাবে এই ধৰ্মঘটৰ অন্ত পৰিল।৪

প্ৰায় এশ বছৰ ধৰি এই কোম্পানীয়ে তেল উদ্যোগত আৰু ব্ৰিটিছ পেট্ৰলিয়ামৰ ওপৰত ইয়াৰ উল্লেখযোগ্য প্ৰভাৱৰ জৰিয়তে মধ্যপ্ৰাচ্যত তেলৰ আৱিষ্কাৰত মুখ্য ভূমিকা পালন কৰিছিল।৫ ই বাৰ্মা, বাংলাদেশ (পূৰ্বতে পূব পাকিস্তান) আৰু অসম (ভাৰতত)ত বি অ' চি ব্ৰেণ্ডৰ অধীনত আৰু ভাৰতৰ বাকী অংশত শ্বেলৰ সৈতে বাৰ্মা-শ্বেলৰ যৌথ উদ্যোগৰ জৰিয়তে বজাৰ দখল কৰিছিল।৬

১৯০১ চনলৈ ষ্টেণ্ডাৰ্ড অইল কোম্পানীয়ে বাৰ্মাত কাম আৰম্ভ কৰিছিল। তেতিয়ালৈকে বাৰ্মা অইলে এই অঞ্চলত একচেটিয়া অধিকাৰ লাভ কৰিছিল। ১৯৬৩ চনলৈকে এই কোম্পানীটোৱে বাৰ্মাত কাম কৰিছিল। তাৰপিছত নে উইনে দেশৰ সকলো উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰে।৬ বাৰ্মা অইলৰ ৰাষ্ট্ৰীয়কৃত সম্পত্তিৰ পৰা ম্যানমা তেল আৰু গেছ উদ্যোগৰ সৃষ্টি কৰা হয়।৭

১৯৬৪ চনত বাৰ্মা অইল কোম্পানী বনাম লৰ্ড এডভোকেট নামৰ এক গুৰুত্বপূৰ্ণ আইনী গোচৰত জড়িত হৈ ১৯৪২ চনত ব্ৰিটিছ বাহিনীয়ে বাৰ্মাৰ তৈলক্ষেত্ৰসমূহ আক্ৰমণকাৰী জাপানী সেনাৰ হাতত নপৰাকৈ ধ্বংস কৰাৰ ক্ষতিপূৰণ সম্পৰ্কে জড়িত হৈ পৰিছিল। হাউছ অৱ লৰ্ডছৰ ন্যায়িক সমিতিত ৩-২ সিদ্ধান্ত লোৱা হৈছিল যদিও ইয়াৰ প্ৰভাৱ বিশেষভাৱে যুদ্ধৰ ক্ষতি আইন, ১৯৬৫ৰ ফলত ওলোটা হৈ পৰিছিল।৮

১৯৬৩ চনত কোম্পানীটোৱে বাৰ্মা এৰি ১৯৮৬ চনলৈকে ভাৰত, পাকিস্তান, বাংলাদেশ, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু উত্তৰ সাগৰত নতুনকৈ অন্বেষণ আৰম্ভ কৰে।৯ ১৯৬৬ চনত বাৰ্মায়ে কেষ্ট্ৰলক অধিগ্ৰহণ কৰি ইয়াৰ নাম বাৰ্মা-কেষ্ট্ৰললৈ সলনি কৰে।১০

১৯৭৪ চনত কোম্পানীটোৱে টেংকাৰ পৰিবহণত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ পিছত বেংক অৱ ইংলেণ্ডে বাৰ্মা অইলক উদ্ধাৰ কৰে। বেংকৰ উদ্ধাৰ অভিযানৰ মূল আছিল যে এবছৰৰ বাবে অনুগ্ৰহৰ ব্যৱস্থা কৰা যাতে কোম্পানীটো সৰু আৰু অধিক কাৰ্য্যক্ষম হ'ব পাৰে।৬ বেংক অৱ ইংলেণ্ডেও কোম্পানীটোৰ বিদেশী মুদ্ৰাৰ ঋণৰ ৬৫ কোটি ডলাৰৰ নিশ্চয়তা দিবলৈ সন্মত হয়।১১

২০০০ চনত বাৰ্মাহক বি পি আমোকোৱে অধিগ্ৰহণ কৰে।১২

অধিক পঢ়ক

  • A two-volume history of the company was written by T.A.B. Corley: A History of the Burmah Oil Company, 1886–1924 (published 1983) and A History of the Burmah Oil Company. Vol 2, 1924–66 (published 1988).

তথ্যসূত্ৰ

  1. ↑ Dictionary of Scottish Business Biography, published 1986
  2. ↑ T. A. B. Corley, A History of the BURMAH OIL Company, 1886-1924 (1983)
  3. ↑ Michael Gasson (Former Group Archivist, BP Archive). Home: The BP Archive. Business History Links: Business Archives. Association of Business Historians
  4. ↑ Wei Yan Aung. (8 January 2020). The Day Myanmar's Oil Workers Downed Tools. The Irrawaddy
  5. ↑ History: Bharat Petroleum
  6. ↑ The coloured history of the Burmah Oil Company
  7. ↑ U Kyaw Nyein. Country Report for Myanmar. Ministry of Energy
  8. ↑ Law of War: Burmah Oil Company v. Lord Advocate
  9. ↑ The Burmah Oil Archive at Warwick University
  10. ↑ British entrepreneurs and brand names
  11. ↑ Times, Terry Robards; Special to The New York. (1975-01-03). Woes of Burmah Oil Trim British Stocks. New York Times
  12. ↑ BP buys Burmah Castrol BBC News 14 March 2000

সম্পৰ্কিত শ্ৰেণী

তৈল উদ্যোগম্যানমাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্মা অইল কোম্পানী” প্ৰবন্ধৰ সংশোধন ৬২২২৭০ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।