মোগল সাম্ৰাজ্য
৪১ প্ৰবন্ধ
-
মোগল সাম্ৰাজ্য
মোগল সাম্ৰাজ্য বা মোগল চলতনত (আৰবী:চল্তনাত আল হিন্দীয়া; ফাৰ্চী:বিলাদ-ই-হিন্দোস্তান; ঐতিহাসিক হিন্দী:মুগলিয়া চলতনত) দক্ষিণ এছিয়াৰ এক প্ৰাৰম্ভিক আধুনিক সাম্ৰাজ্য আছিল।
-
আকবৰ
আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ (ইংৰাজী: Abu'l-Fath Jalal-ud-din Muhammad Akbar) (১৫ অক্টোবৰ ১৫৪২ – ২৭ অক্টোবৰ ১৬০৫), হৈছে মোগল সাম্ৰাজ্যৰ তৃতীয়জন সম্ৰাট। তেঁওক “মহামতি আকবৰ” আৰু “আকবৰ প্ৰথম” নামেৰেও জনা যায়।
-
তাজমহল
তাজমহল (ताज महल, تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল।
-
হাৰেম
হাৰেম (Harem; حريم ḥarīm; "মহিলাসকলৰ কাৰণে নিৰ্ধাৰিত পবিত্ৰ স্থান, য’ত অন্য পুৰুষৰ প্ৰবেশ নিষিদ্ধ") হৈছে মুছলমান পৰিয়ালত মহিলাসকলৰ বাবে সংৰক্ষিত ঘৰুৱা স্থান।এই ব্যক্তিগত স্থানে পৰম্পৰাগত ভাৱে মহিলাসকলৰ শ্লীলতা, বিশেষাধিকাৰ আৰু সুৰক্ষা বজাই ৰাখে বুলি ভৱা হয়।
-
ছাহজাহান
ছাহজাহানৰ সম্পূৰ্ণ নাম আছিল মিৰ্জা শ্বাহব-উদ-দিন মুহাম্মাদ খুৰৰাম শ্বাহজাহান। (পাৰ্চী উচ্চাৰণঃ [ʃɑːh d͡ʒa.ˈhɑːn]; জ্বলা। 'বিশ্বৰ ৰজা'), যাক শ্বাহজাহান দ্য মেগনিফিচেণ্ট বুলিও কোৱা হয়। ১৬২৮ চনৰ পৰা ১৬৫৮ চনলৈকে তেওঁ মোগলৰ সাম্ৰাজ্যৰ সম্ৰাট আছিল।
-
দৰবাৰী নাচ
দৰবাৰী নাচ (; (नाच; ناچ; nautch; नृत्य) ছোৱালী নৰ্তকীয়ে মোগলৰ ৰাজ-দৰবাৰত পৰিবেশন কৰা এটা জনপ্ৰিয় নাচৰ প্ৰকাৰ। এই কলা মোগল সাম্ৰাজ্যৰ শেষৰ ফালে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ছোৱাত জাতিস্কাৰ হৈ পৰিছিল।
-
জাহানাৰা বেগম
জাহানাৰা বেগম (جہان آرا بیگم; Jahanara Begum; ২৩ মাৰ্চ ১৬১৪ – ১৬ চেপ্তেম্বৰ ১৬৮১) এগৰাকী মোগল ৰাজকুমাৰী আৰু ১৬৩১ চনৰ পৰা ১৬৮১ চনলৈ পাদশাহ বেগম আছিল। তেওঁ সম্ৰাট শাহ জাহান আৰু মমতাজ মহলৰ জ্যেষ্ঠ সন্তান আছিল। সাধাৰণতে বেগম চাহিব বুলি উল্লিখিত বেগম জাহানাৰা দাৰা চিকো আৰু ঔৰংজেৱৰ বায়েক আছিল।
-
বাবৰী মছজিদ
বাবৰী মছজিদ (IAST: Bābarī Masjid; অৰ্থ বাবৰৰ মছজিদ) ভাৰতৰ অযোধ্যা নগৰৰ এটি মছজিদ আছিল৷ মছজিদৰ শিলালিপি অনুসৰি, ইয়াক মোগল সম্ৰাট বাবৰৰ সেনাপতি জেনাৰেল মিৰ বাকিয়ে ১৫২৮-২৯ চনত (৯৩৫ হিঃ) নিৰ্মাণ কৰাইছিল।
-
মমতাজ মহল
মমতাজ মহল ( ممتاز محل;; Mumtaz Mahal; জন্ম আৰ্জুমন্দ বানু বেগম; ২৭ এপ্ৰিল ১৯৫৩- ১৭ জুন ১৬৩১) ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শ্বাহ জাহানৰ বেগম আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শ্বাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাৰ তাজমহল নিৰ্মাণ কৰাইছিল।
-
ওস্তাদ আহমদ লাহোৰী
ওস্তাদ আহমদ লাহোৰী (প্ৰায় ১৫৮০-১৬৪৯) যাক আহমদ মিমাৰ (অৰ্থ 'আহমদ স্থপতি') নামেৰেও জনা যায়, মোগল সাম্ৰাজ্যৰ এজন স্থপতি আৰু অভিযন্তা আছিল। তেওঁ ছাহজাহানৰ ৰাজত্বকালত মুখ্য স্থপতি হিচাপে কাম কৰিছিল।
-
নুৰ জাহান (মোগল সম্ৰাজ্ঞী)
নুৰ জাহান (Nur Jahan; জন্ম মেহেৰ-উন-নিচা; ৩১ মে ১৫৭৭- ১৮ ডিচেম্বৰ ১৬৪৫) মোগল সম্ৰাট জাহাঙ্গীৰৰ বিংশতম তথা শেষৰগৰাকী পত্নী আছিল। আকবৰ এজন উজীৰ-এ-আজমৰ (মন্ত্ৰী) কন্যা আছিল নুৰ জাহান। নুৰ জাহান শব্দৰ অৰ্থ বিশ্বৰ পোহৰ।
-
আনাৰকলী
আনাৰকলী (; Anarkali; জন্ম. শৰিফ-উন-নিচা) বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত লাহোৰৰ এগৰাকী নৰ্তকী আছিল। তেওঁৰ জন্মৰ নাম শৰিফ-উন-নিচা আৰু তেওঁক নাদিৰা বেগম বুলিও জনা যায়।
-
মাহ চুচাক বেগম
মাহ চুচাক বেগম ( অৰ্থাৎ চন্দ্ৰ ফুল; মৃত্যু ২৮ মাৰ্চ ১৫৬৪) দ্বিতীয় মোগল সম্ৰাট হুমায়ুনৰ পত্নী আছিল। তেওঁ আছিল এগৰাকী উচ্চাভিলাষী ভদ্ৰমহিলা যিয়ে নাইব চুবাদাৰক বাহিৰ কৰি নিজাববীয়াকৈ কাবুল শাসন কৰিছিল, এবাৰ তেওঁৰ সেনাবাহিনীক ব্যক্তিগতভাৱে তেওঁ নেতৃত্ব দিছিল আৰু জালালাবাদত সম্ৰাট আকবৰে মাহ চুচাকৰ…
-
হামিদা বানু বেগম
হামিদা বানু বেগম (প্ৰায় ১৫২৭ – ২৯ আগষ্ট ১৬০৪) দ্বিতীয় মোগল সম্ৰাট হুমায়ুনৰ সম্ৰাজ্ঞী পত্নী আৰু তেওঁৰ উত্তৰাধিকাৰী তৃতীয় মোগল সম্ৰাট আকবৰৰ মাতৃ আছিল। পুত্ৰ আকবৰে তেওঁক মৰিয়ম মাকানি (শব্দ অৰ্থত 'মৰিয়ামৰ সৈতে বাস কৰা') উপাধি প্ৰদান কৰে। আকবৰৰ দিনত তেখেতে পাদশাহ বেগম উপাধিও বহন কৰিছিল।
-
হুমায়ুনৰ সমাধিক্ষেত্ৰ
হুমায়ুনৰ সমাধিক্ষেত্ৰ (हुमायूँ का मक़बरा, Humayun ka Maqbara) হ'ল মোগল সম্ৰাট হুমায়ুনৰ সমাধিক্ষেত্ৰ। ১৫৬২ খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। এইটোৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্ছী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াথে।
-
গুলবদন বেগম
গুলবদন বেগম (২০ নৱেম্বৰ ১৫২২ – ৭ ফেব্ৰুৱাৰী ১৬০৩) মোগল ৰাজকুমাৰী আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সম্ৰাট বাবৰৰ কন্যা আছিল। তেওঁৰ ভতিজা আৰু হুমায়ুনৰ পুত্ৰ সম্ৰাট আকবৰৰ অনুৰোধত লিখা তেওঁৰ সতীয়া ভাতৃ আৰু বাবৰৰ উত্তৰাধিকাৰী সম্ৰাট হুমায়ুনৰ জীৱনৰ বিৱৰণী হুমায়ুন-নামাৰ লেখিকা হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
ছাকিনা বানু বেগম
ছাকিনা বানু বেগম, মৃত্যু ২৫ আগষ্ট ১৬০৪ চন; এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুন আৰু মাহ চুচাক বেগমৰ কন্যা।
-
জেব-উন-নিছা
জেব-উন-নিছা ( زیب النساء مخفی; Zeb-un-Nissa; ১৫ ফ্ৰেব্ৰুৱাৰী ১৬৩৮- ২৬ মে ১৭০২) এগৰাকী মোগল ৰাজকুমাৰী৷ তেওঁ সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ এগৰাকী কবি আছিল আৰু মাখফি ছদ্মনামেৰে লিখিছিল। জীৱনৰ শেষ বিশ বছৰ সম্ৰাট পিতৃয়ে তেওঁক দিল্লীৰ শালিমাৰগড় দুৰ্গত বন্দী কৰি থৈছিল।
-
বাদশ্বাহ বেগম
বাদশ্বাহ বেগম (প্ৰায় ১৭০৩ – ১৪ ডিচেম্বৰ ১৭৮৯) আছিল মোগল সম্ৰাট মহম্মদ শ্বাহৰ প্ৰথম পত্নী আৰু মুখ্য পত্নী। তেওঁক জনপ্ৰিয়ভাৱে মালিকা-উজ-জামানী ("যুগৰ ৰাণী") উপাধিৰে জনা যায় যিটো তেওঁৰ স্বামীয়ে তেওঁলোকৰ বিয়াৰ ঠিক পিছতেই তেওঁক প্ৰদান কৰিছিল।
-
ৰোশনাৰা বেগম
ৰোশনাৰা বেগম; (৩ ছেপ্টেম্বৰ ১৬১৭ – ১১ ছেপ্টেম্বৰ ১৬৭১) আছিল এগৰাকী মোগল ৰাজকুমাৰী আৰু কবি। সম্ৰাট শ্বাহজাহান আৰু তেওঁৰ পত্নী মমতাজ মহলৰ তৃতীয় কন্যা আছিল আৰু ১৬৫৭ চনত শ্বাহজাহানৰ অসুস্থতাৰ পিছত সংঘটিত হোৱা উত্তৰাধিকাৰ যুদ্ধৰ সময়ত তেওঁ কনিষ্ঠ ভাতৃ ঔৰংজেবক সহায় কৰিছিল।
-
উধাম বাই
উধাম বাই বা কুদছিয়া বেগম (মৃত আনুমানিক ১৭৬৮) মোগল সম্ৰাট মহম্মদ শ্বাহৰ পত্নী আৰু সম্ৰাট আহমদ শ্বাহ বাহাদূৰৰ মাতৃ আছিল। আৰম্ভণিতে তেওঁক প্ৰশাসক নিযুক্তি দিয়া হয় আৰু ১৭৪৮ চনৰপৰা ১৭৫৪ চনলৈকে তেওঁ বাস্তৱিক ৰিজেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
গুলচেহৰা বেগম
গুলচেহৰা বেগম (গুলচেহৰা, গুলচিহৰা বা গুলশৰা বুলিও জনা যায়; প্ৰায় ১৫১৫–১৫৫৭) এগৰাকী মোগল ৰাজকুমাৰী, ভাৰতৰ সম্ৰাট জাহিৰ উদ-দীন মহম্মদ বাবৰৰ কন্যা আৰু সম্ৰাট হুমায়ুনৰ সতীয়া ভগ্নী। পিছত তেওঁৰ সতীয়া ভতিজা ৰাজকুমাৰ জালাল-উদ-দিন মহম্মদে সম্ৰাট আকবৰ হিচাপে সাম্ৰাজ্য সিংহাসনত আৰোহণ কৰে।
-
চালিহা বাণু বেগম
চালিহা বাণু বেগম ( মৃত্যু ১০ জুন ১৬২০) সম্ৰাট জাহাংগীৰৰ মুখ্য পত্নী আছিল। ১৬২০ চনত তেওঁৰ মৃত্যুৰ আগলৈকে সম্ৰাট স্বামীৰ ৰাজত্বকালৰ বেছিভাগ সময় তেওঁ পাদশাহ বেগম আছিল।
-
বখ্ট-উন-নিছা বেগম
বখ্ট-উন-নিছা বেগম(প্ৰায় ১৫৪৭ – ২ জুন ১৬০৮) এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুনৰ কন্যা আছিল।
-
বেগা বেগম
বেগা বেগম ( Bega Begum) (১৫১১-১৭ জানুৱাৰী ১৫৮২) মোগল সাম্ৰাজ্যৰ সম্ৰাট হুমায়ুনৰ প্ৰথম পত্নী হিচাপে জান-ই-কালান নামেৰে জনাজাত আছিল আৰু হজলৈ যোৱাৰ পিছত তেওঁ হাজী বেগম নামেৰেও পৰিচিত হৈছিল।
-
আইছা চুলতান বেগম
আইছা চুলতান বেগম মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মোগল সম্ৰাট সম্ৰাট বাবৰৰ প্ৰথম পত্নী হিচাপে ফেৰঘনা উপত্যকা আৰু সমৰকন্দৰ ৰাণী পত্নী আছিল। আইছা স্বামীৰ প্ৰথম ভতিজা ভগ্নী আৰু জন্মৰপৰা টাইমুৰিড ৰাজকুমাৰী আছিল। বাবৰৰ পৈতৃক ককাক সমৰকন্দ আৰু বুখাৰাৰ ৰজা চুলতান আহমেদ মিৰ্জাৰ কন্যা।
-
আকবৰ শ্বাহ (হীৰা)
আকবৰ শ্বাহ হ’ল ভাৰতৰ মোগল সাম্ৰাজ্যৰ সময়ৰ এক ঐতিহাসিক হীৰা, যাক "ময়ূৰ সিংহাসনৰ দ্যুতি" বুলিও জনা যায়। এইটো এক অনিয়মিত নাচপতি আকৃতিৰ হীৰা যাৰ বৰণ পাতল সেউজীয়া আৰু ওজন ৭৩.৬০ কেৰাট।
-
আলিবৰ্দি খান
আলিবৰ্দি খান (১৬৭১ – ৯ এপ্ৰিল ১৭৫৬) ১৭৪০ চনৰ পৰা ১৭৫৬ চনলৈকে বংগৰ নবাব আছিল। তেওঁ ১৭৪০ চনত নবাবৰ নাচিৰি বংশক ওফোৰাই সৰফৰাজ খানক পৰাস্ত কৰে আৰু নিজে ক্ষমতা দখল কৰে।
-
ঔৰংগাবাদী মহল
ঔৰংগাবাদী মহল ( Aurangabadi Mahal; اورنگ آبادی محل; অৰ্থ "ৰাজ সিংহাসনৰ সমৃদ্ধি"; মৃত্যু.১৬৮৮) মোগল সম্ৰাট ঔৰৎজেৱৰ পত্নী আছিল।
-
খাছ মহল
খাছ মহল অৰ্থাৎ "প্ৰাসাদৰ সুন্দৰজন", মোগল সম্ৰাট জাহাংগীৰৰ অন্যতম মুখ্য পত্নী আৰু সম্ৰাজ্ঞী আছিল।