অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হাৰেম

হাৰেম (Harem; حريم ḥarīm; "মহিলাসকলৰ কাৰণে নিৰ্ধাৰিত পবিত্ৰ স্থান, য’ত অন্য পুৰুষৰ প্ৰবেশ নিষিদ্ধ") হৈছে মুছলমান পৰিয়ালত মহিলাসকলৰ বাবে সংৰক্ষিত ঘৰুৱা স্থান।এই ব্যক্তিগত স্থানে পৰম্পৰাগত ভাৱে মহিলাসকলৰ শ্লীলতা, বিশেষাধিকাৰ আৰু সুৰক্ষা বজাই ৰাখে বুলি ভৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হাৰেম (Harem; حريم ḥarīm; "মহিলাসকলৰ কাৰণে নিৰ্ধাৰিত পবিত্ৰ স্থান, য’ত অন্য পুৰুষৰ প্ৰবেশ নিষিদ্ধ")১২ হৈছে মুছলমান পৰিয়ালত মহিলাসকলৰ বাবে সংৰক্ষিত ঘৰুৱা স্থান।৩৪৫এই ব্যক্তিগত স্থানে পৰম্পৰাগত ভাৱে মহিলাসকলৰ শ্লীলতা, বিশেষাধিকাৰ আৰু সুৰক্ষা বজাই ৰাখে বুলি ভৱা হয়। প্ৰাচীন কালত, ৰজাঘৰীয়া হাৰেম সমূহত ৰাজকুমাৰসকলৰ উপপত্নীসকলো বাস কৰিছিল। পৰিয়ালৰ ব্যক্তিত্ব, সামাজিক-অৰ্থনৈতিক স্থিতি আৰু স্থানীয় ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰি হাৰেমৰ গাঁথনি আৰু একগামি বা বহুগামীতাৰ ব্যাপ্তি বিভিন্ন ধৰণৰ। ৩এই ব্যৱস্থা ভূমধ্য সাগৰীয় আৰু মধ্যপ্ৰাচ্যৰ সভ্যতাত বিশেষকৈ উচ্চবিত্ত আৰু ৰাজপৰিয়ালৰ মাজত অধিক পৰিলক্ষিত হয়।৬ পৰম্পৰাগত পাৰ্চী আৱাসিক স্থাপত্যত এই মহিলাৰ মহলসমূহক 'অন্দৰুনি' অৰ্থাৎ ভিতৰছোৱা আৰু ভাৰতীয় উপনিৱেশত 'জানানা' বুলি কোৱা হয়। একোটা হাৰেমত এজন পুৰুষৰ এক বা একাধিক স্ত্ৰী, উপ-পত্নী, অপ্ৰাপ্ত বয়স্ক পুত্ৰ, অবিবাহিতা কন্যা, আত্মীয় আৰু পৰিচাৰিকাসকল বাস কৰিছিল।৪

ভাৰতত মোগল সাম্ৰাজ্যৰ আমোলত সম্ৰাটৰ হাৰেমৰ নিৰাপত্তা ব্যৱস্থা নিকপকপীয়া আছিল। প্ৰথমে কিন্নৰ প্ৰহৰীসকলে হাৰেমৰ ব্যৱস্থাপনা আৰু নিৰাপত্তা ব্যৱস্থাত নিয়োজিত আছিল।৪ এইসকল কিন্নৰক নাজিৰ বুলি অভিহিত কৰা হৈছিল। প্ৰতিদিনে মহিলা প্ৰহৰীসকলে নাজিৰৰ ওচৰত হাৰেমৰ ঘটনাৱলী পেচ কৰিছিল। হাৰেমত বহিৰাগতৰ প্ৰবেশ আছিল প্ৰায় অসম্ভৱ। মোগলৰ অনুকৰণত বঙ্গৰ নবাসকলেও হাৰেমৰ ব্যৱস্থা প্ৰচলন কৰিছিল। আনকি ইংৰাজৰ আমোলতো হাৰেমৰ ব্যৱস্থা প্ৰচলন আছিল। তেতিয়া হাৰেমত আৰ্মেনিয়ান আৰু পৰ্টুগীজ নাৰীসকলকো দেখা গৈছিল।৭

শিক্ষাৰ প্ৰসাৰ আৰু নাৰী স্বাৱলম্বিতাৰ সুযোগ বৃদ্ধি তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰসাৰৰ পৰিপ্ৰেক্ষিতত আধুনিক যুগত হাৰেম অনুষ্ঠানটো তীব্ৰ পতনৰ সন্মুখীন হৈছে যদিও নাৰীক আৱদ্ধ কৰি ৰখাৰ এই পৰম্পৰা পৃথিৱীৰ বিভিন্ন অংশ, বিশেষকৈ আফগানিস্তান আৰু ফাৰ্চী উপকূলীয় বহু অঞ্চলত এতিয়াও দেখা যায়।৪

অসংখ্য নাৰীৰ উদ্দীপক ভঙ্গীয়ে প্ৰাচ্যৰ হাৰেমৰ যৌন পৰাধীনতা সম্পৰ্কীয় কাল্পনিক ধাৰণাই পশ্চিমৰ জগতখনৰ চিত্ৰকলা, নাটক, চলচ্চিত্ৰ আৰু সাহিত্য কৰ্মত প্ৰভাৱ পেলাইছে।৩৪ ষোল শতিকাৰ ইউৰোপীয় নৱজাগৰণৰ কিছুমান প্ৰাৰম্ভিক পেইণ্টিঙত অ’টোমান হাৰেমৰ মহিলাসকলক মৰ্যাদাসম্পন্ন আৰু ৰাজনৈতিকভাবে তাৎপৰ্যপূৰ্ণ ৰূপত চিত্ৰিত কৰিছে।৮ ইছলামীয় ইতিহাসৰ বিভিন্ন যুগত হাৰেমৰ মহিলাসকলে, উদাহৰণ স্বৰূপে অ’টোমান সাম্ৰাজ্যৰ মহিলাসকলে, কম-বেছি পৰিমাণৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছিল।৯

মোগল হাৰেম

কেৱল যে সম্ৰাটৰ পত্নী, উপপত্নী, নাচনী ছোৱালী আৰু দাসসকলহে হাৰেমত আছিল, তেনে নহয়। অন্য বহু নাৰী যেনে সম্ৰাটৰ মাক, খুৰীয়েক, মাহীমাক, আইতাক, ভনীয়েক, জীয়েক আৰু অন্যান্য আত্মীয় মহিলাসকলে তথা ডাঙৰ নোহোৱালৈকে ল’ৰা শিশুবোৰেও তাত বাস কৰিছিল। হাৰেম পৰিসৰতে বজাৰ, ধুবী, ৰান্ধনীঘৰ, খেলপথাৰ, পঢ়াশালি, স্নানাগাৰ আদি উপলব্ধ আছিল। হাৰেমত পদানুক্ৰম অনুসৰণ কৰা হৈছিল। ইয়াৰ মুখ্য কৰ্তৃত্ব আছিল পত্নী আৰু সম্ৰাটৰ মহিলা আত্মীয়সকলৰ আৰু তাৰপিছতে উপপত্নীসকলৰ।১০ উৰ্দুবেগিছ পদৱীৰ মহিলাসকলৰ ওপৰত সম্ৰাট আৰু হাৰেমৰ মহিলাসকলৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত আছিল।১১১২ সুৰক্ষাৰ দায়িত্বত থকা মহিলাসকল সাধাৰণতে হাবচি, টাটাৰ, তুৰ্কী আৰু কাশ্মিৰী মূলৰ আছিল। কাশ্মিৰী মহিলাসকলক বাচনি এইবাবে কৰা হৈছিল যে তেওঁলোকৰে পৰ্দা প্ৰথা অনুসৰণ কৰা নাছিল। বেছিভাগ মহিলাক দাস হিচাপে ক্ৰয় কৰা হৈছিল আৰু তেওঁলোকক উক্ত দায়িত্ব পালন কৰাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hans Wehr, J. Milton Cowan. (1976). A Dictionary of Modern Written Arabic. Spoken Language Services. পৃ. 171–172
  2. ↑ Harem at WordReference.com
  3. ↑ Cartwright-Jones, Catherine. (2013). Harem. The Oxford Encyclopedia of Islam and Women. Oxford University Press. ISBN 9780199764464
  4. ↑ Anwar, Etin. (2004). Harem. Encyclopedia of Islam and the Muslim World. MacMillan Reference USA
  5. ↑ Harem in Merriam-Webster Dictionary
  6. ↑ Elfriede Haslauer. (2005). Harem. The Oxford Encyclopedia of Ancient Egypt. Oxford University Press. ISBN 9780195102345
  7. ↑ Elfriede Haslauer. (2005). Harem. The Oxford Encyclopedia of Ancient Egypt. Oxford University Press. ISBN 9780195102345
  8. ↑ Madar 2011
  9. ↑ Britannica 2002
  10. ↑ Sharma, Anjali. (28 November 2013). Inside the harem of the mughals. The New Indian Express
  11. ↑ Lal, K.S. (1988). The Mughal Harem. Aditya Prakashan. পৃ. 14, 52–55. ISBN 8185179034
  12. ↑ Abu 'l-Fazl Allami. (1977). The Ain-i Akbari. Munishram Manoharlal. পৃ. 45–47. ISBN 9788186142240
  13. ↑ Hambly, Gavin. (1998). Women in the medieval Islamic world: Power, patronage, and piety. St. Martin's Press. পৃ. 431–433. ISBN 0312210574

সম্পৰ্কিত শ্ৰেণী

ইছলামী সংস্কৃতিমোগল সাম্ৰাজ্যইছলামিক আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰেম” প্ৰবন্ধৰ সংশোধন ৬৩১২১৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।