মোগল সাম্ৰাজ্য
৪১ প্ৰবন্ধ
-
গ্ৰেট মোগল ডায়মণ্ড
গ্ৰেট মোগল আছিল এটা বৃহৎ হীৰা, যিটো সম্ভৱতঃ ১৬৫০ চনৰ আশে-পাশে দক্ষিণ ভাৰতৰ গোলকোণ্ডা অঞ্চলৰ কোল্লুৰ খনিৰ পৰা উদ্ধাৰ কৰা হৈছিল। জাঁ-বেপ্টিষ্ট টাভাৰ্নিয়াৰে হীৰাটিৰ বৰ্ণনা এইদৰে দিছিল: "শিলটোৰ আকৃতি এনেকুৱা যেন কোনোবাই এটা কণী মাজভাগত কাটি থৈছে"। ইয়াৰ ওজন ২৮০ কেৰেট (৫৬ গ্ৰাম)।
-
জীনত মহল
বেগম চাহিবা জীনত মহল বা জীনত মহল ( زینت محل; Zeenat Mahal, ১৮২৩- ১৭ জুলাই ১৮৮৬) বাহাদুৰ শাহ (দ্বিতীয়) জফৰৰ প্ৰিয়তম পত্নী আছিল। তেওঁ সাম্ৰাজ্যৰ প্ৰশাসনত যথেষ্ঠ পৰিমানে হস্তক্ষেপ কৰাৰ উপৰিও নিজৰ পুত্ৰ মিৰ্জা জৱান বখটক সিংহাসনৰ উত্তৰাধিকাৰ পাতিবৰ প্ৰচেষ্টা চলাইছিল।
-
তিমুৰ ৰুবি
তিমুৰ ৰুবি (ইংৰাজী: Timur Ruby; যাক 'খিৰাজ-ই-আলম' বা "বিশ্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি" বুলিও কোৱা হয়) হ’ল এডাল ডিঙিৰ হাৰত খটোৱা ৩৫২.৫৪ কেৰাট (৭০.৫ গ্ৰাম) ওজনৰ এটা পালিশ কৰা ৰঙা স্পিনেল (spinel)।
-
পানীপথৰ প্ৰথম যুদ্ধ
পানীপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনৰ ২১ এপ্ৰিল তাৰিখে উত্তৰ ভাৰতৰ দিল্লীৰ চুলতান ইব্ৰাহিম খান লোডীৰ বিৰুদ্ধে বাবৰৰ আগ্ৰাসী বাহিনীৰ মাজত হৈছিল। বাবৰৰ বাহিনীয়ে বাৰুদৰ আগ্নেয়াস্ত্ৰ আৰু কামান ব্যৱহাৰ কৰি ইব্ৰাহিমক পৰাস্ত কৰে। ভাৰত উপমহাদেশত বাৰুদ অস্ত্ৰৰ সৈতে জড়িত প্ৰাচীন যুদ্ধৰ ভিতৰত এয়া আছিল অন্যতম।
-
পৰী বিবি
পৰী বিবি (সুন্দৰী ভদ্ৰমহিলা), আনুষ্ঠানিক নাম ইৰাণ দুখট ৰহমত বাণু নামেৰে জনাজাত, যি ১৬৭৮ চনত মৃত্যুবৰণ কৰে। তেওঁ শায়েস্তা খানৰ কন্যা আছিল। শায়েস্তা খান চতুৰ্থ আছফ খানৰ পুত্ৰ আৰু মুমতাজ মহলৰ ভাতৃ আছিল।
-
বিবি মুবাৰিকা
বিবি মুবাৰিকা বা বিবি মুবাৰিকা ইউছুফজাই আছিল মোগল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী পত্নী। তেওঁ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সম্ৰাট বাবৰৰ পঞ্চম পত্নী আছিল। হুমায়ুন-নামাত তেওঁৰ কথা সঘনাই উল্লেখ কৰা আছে, তেওঁৰ সতীয়া মাক গুলবদন বেগমৰ দ্বাৰা, যিয়ে তেওঁৰ সতীয়া সন্তান বিবি মুবাৰিকাক 'আফগান লেডী' বা 'আফগানি আঘাচা'…
-
বিহাৰী লাল
বিহাৰী লাল চৌবে বা বিহাৰী (১৫৯৫–১৬৬৩) এজন হিন্দী কবি, ব্ৰজ ভাষা, সাতছাই (সাতশ পদ) গ্ৰন্থৰ বাবে বিখ্যাত। প্ৰায় সাতশ কম্পলেটৰ এই সংকলন সম্ভৱতঃ কাব্যিক শিল্পৰ আটাইতকৈ বিখ্যাত হিন্দী ৰচনা, ইয়াৰ আখ্যান আৰু সৰল শৈলীৰ ভিন্নতা আছে।বৰ্তমান ইয়াক ৰীতিকাল বা 'ঋতি কাল' অৰ্থাৎ কবিসকলে ৰজাৰ বাবে কবিতা লিখা…
-
মহাম আংগা
মহাম আংগা (মৃত্যু ২৫ জুন ১৫৬২) আছিল মোগল সম্ৰাট আকবৰৰ ধাই মাতৃ আৰু মুখ্য পৰিচাৰিকা। ১৫৬০ চনৰ পৰা ১৫৬২ চনলৈকে তেওঁ কিশোৰ সম্ৰাটৰ ৰাজনৈতিক উপদেষ্টা আৰু মোগল সাম্ৰাজ্যৰ বাস্তৱিক উপদেষ্টা আছিল।.
-
মালিকা-ই-জাহান
মালিকা-ই-জাহান ("বিশ্বৰ ৰাণী") আছিল চুলতান আলাউদ্দিন খালজীৰ প্ৰথম আৰু মুখ্য পত্নী,মালিকা-ই-জাহান দিল্লী চুলতান ৰাজ্য শাসন কৰা খিলজী বংশৰ আটাইতকৈ শক্তিশালী শাসক। আলাউদ্দিনৰ পূৰ্বপুৰুষ আৰু পিতৃৰফালৰপৰা ককাক খিলজী বংশৰ প্ৰতিষ্ঠাপক চুলতান জালালুদ্দিন খিলজীৰ কন্যা।
-
শ্বাহ বেগম
শ্বাহ বেগম (সাক্ষৰ অৰ্থত 'ৰয়েল লেডী'; প্ৰায় ১৫৭০ – ৫ মে' ১৬০৫) ৰাজকুমাৰ চেলিমৰ (পৰৱৰ্তী সময়ত সম্ৰাট জাহাংগীৰ) প্ৰথম পত্নী আৰু মুখ্য পত্নী আছিল। চেলিমৰ প্ৰথম পত্নী হোৱাৰ বাবে তেওঁক জান-ই-কালান বুলি জনা গৈছিল।
-
ৰংমহল
ৰংমহল বা ৰঙৰ প্ৰাসাদ পুৰণি দিল্লীৰ লালকিল্লাত অৱস্থিত। ই প্ৰথমে সাম্ৰাজ্যবাদী হাৰেমৰ অংশ হিচাপে কাম কৰিছিল। ই ৰাজপ্ৰাসাদৰ সেইটো অংশ আছিল য’ত ৰাজপৰিয়ালৰ মহিলা সদস্যসকলে জিৰণি ল’ব পাৰিছিল। শ্বাহজাহানৰ শাসনকালত ইয়াক পেলেচ অৱ ডিষ্টিংচন (ইমতিয়াজ মহল) বুলি জনা গৈছিল।