অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চালিহা বাণু বেগম

চালিহা বাণু বেগম ( মৃত্যু ১০ জুন ১৬২০) সম্ৰাট জাহাংগীৰৰ মুখ্য পত্নী আছিল। ১৬২০ চনত তেওঁৰ মৃত্যুৰ আগলৈকে সম্ৰাট স্বামীৰ ৰাজত্বকালৰ বেছিভাগ সময় তেওঁ পাদশাহ বেগম আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চালিহা বাণু বেগম ( মৃত্যু ১০ জুন ১৬২০) সম্ৰাট জাহাংগীৰৰ মুখ্য পত্নী আছিল।১ ১৬২০ চনত তেওঁৰ মৃত্যুৰ আগলৈকে সম্ৰাট স্বামীৰ ৰাজত্বকালৰ বেছিভাগ সময় তেওঁ পাদশাহ বেগম আছিল।২

পৰিয়াল

চালিহা বাণু বেগম কাইম খানৰ কন্যা৩ আৰু আকবৰৰ সময়ৰপৰা শ্বুজাআত খানৰ পুত্ৰ মুকিম খানৰ নাতিনী।৪

বিবাহ

১৬০৮ চনত, তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত জাহাংগীৰে তেওঁক বিয়া কৰায়। ফলস্বৰূপে তেওঁৰ ভায়েক আব্দুৰ ৰহিমৰ স্থিতি বহুখিনি আগবাঢ়ি গ’ল। তেখেতক তাৰ্বিয়াত খান উপাধিৰে সন্মানিত কৰা হয়। চালিহাই পুত্ৰৰ বাবে লোৱা তেওঁৰ পুত্ৰ মিয়ান জোহক মহাবত খানে জাহাংগীৰৰ প্ৰতি অহংকাৰী আচৰণ কৰাৰ ফলত ঝেলুম নদীৰ পাৰত হত্যা কৰে।৫

তেওঁ পাদশাহ মহল ("প্ৰাসাদৰ ৰাজ্যপাল") আৰু পাদশাহ বানু ("সাৰ্বভৌম ভদ্ৰমহিলা") উপাধি লাভ কৰিছিল।৬৭ খবৰ অনুসৰি জাহাংগীৰৰ মৰমৰ নুৰ জাহানৰ প্ৰতি একমাত্ৰ শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল তেওঁ। কিন্তু নুৰজাহান আছিল এক ভয়ংকৰ প্ৰতিদ্বন্দ্বী যিয়ে কেৱল জাহাংগীৰেই নহয়, চৰকাৰী কাম-কাজতো আধিপত্য বিস্তাৰ কৰিছিল।৮ ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি উইলিয়ামছ হকিন্সে জাহাংগীৰৰ মুখ্য পত্নীসকলৰ ভিতৰত তেওঁক লক্ষ্য কৰিছিল। তেওঁ তলত দিয়া কথাখিনি কৈছিল।

“হি (জাহাংগীৰ)ৰ .... তিনিশ পত্নী আছে যাৰ চাৰিগৰাকী ৰাণী হিচাপে মুখ্য হ'ব, ক’বলৈ গ’লে প্ৰথমগৰাকীৰ নাম পদাছা বাণু, কাইমে চান (কাইম খান)ৰ কন্যা; দ্বিতীয়জনৰ নাম গাইছ বেইগে (মিৰ্জা ঘিয়াছ বেগ)ৰ কন্যা নুৰ মহল (নুৰজাহান); তৃতীয়জনী ছেইনচান (জৈন খান কোকা)ৰ কন্যা; চতুৰ্থজন হ'ল হাকিম হুমাউন (মিৰ্জা মহম্মদ হাকিম)ৰ কন্যা, যি তেওঁৰ পিতৃ একবেৰ পদাছা (আকবৰ)ৰ ভাতৃ আছিল।৯’’

চালিহা বাণু বেগম হিন্দী কবিতাৰ বিষয়ত ভালদৰেই পাকৈত আছিল বুলি কোৱা হয়।৭

মৃত্যু

১৬২০ চনৰ ১০ জুনত চালিহা বানু বেগমৰ মৃত্যু হয়।১০ জাহাংগীৰে লক্ষ্য কৰিলে যে চালিহাৰ মৃত্যুৰ আগজাননী জ্যোতিষী জোতিক ৰায়ে কৈছিল; তথাপি তেওঁৰ নিজৰ ৰাশিফলৰপৰা লোৱা ভৱিষ্যদ্বাণীৰ সঠিকতাক লৈ তেওঁ আচৰিত হৈছিল।১১

তথ্যসূত্ৰ

  1. ↑ Findly, Ellison Banks. (1993). Nur Jahan, empress of Mughal India. Oxford University Press. পৃ. 125. ISBN 9780195360608
  2. ↑ (1958). The Journal of the Numismatic Society of India, Volumes 20-21. Numismatic Society of India. পৃ. 196
  3. ↑ Lal, K.S. (1988). The Mughal harem. Aditya Prakashan. পৃ. 27. ISBN 9788185179032
  4. ↑ Awrangābādī Prasad Shāhnavāz, পৃ. 925
  5. ↑ Awrangābādī Prasad Shāhnavāz, পৃ. 926
  6. ↑ Abdul Kader, M. (1988). Historical Fallacies Unveiled. İslamic Foundation Bangladesh. পৃ. 105
  7. ↑ Sharma, Sudha. (March 21, 2016). The Status of Muslim Women in Medieval India. SAGE Publications India. পৃ. 144, 209. ISBN 978-9-351-50567-9
  8. ↑ Asiatic Society (Calcutta, India). (1 January 1932). Journal and Proceedings of the Asiatic Society of Bengal. Asiatic Society. পৃ. 62
  9. ↑ Foster, Sir William. (1975). Early travels in India, 1583-1619. AMS Press. পৃ. 100–101. ISBN 978-0-404-54825-4
  10. ↑ Jahangir, Emperor; Thackston, Wheeler McIntosh. (1999). The Jahangirnama: memoirs of Jahangir, Emperor of India. Freer Gallery of Art and Arthur M. Sackler Gallery, Smithsonian Institution; New York: Oxford University Press. পৃ. 340. ISBN 978-0-19-512718-8
  11. ↑ Findly, E.B. (1993). Nur Jahan, Empress of Mughal India. OUP E-Books. Oxford University Press. পৃ. 125. ISBN 978-0-19-507488-8

সম্পৰ্কিত শ্ৰেণী

মোগল সাম্ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চালিহা বাণু বেগম” প্ৰবন্ধৰ সংশোধন ৬৩১৬২৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।