মমতাজ মহল ( ممتاز محل;; Mumtaz Mahal; জন্ম আৰ্জুমন্দ বানু বেগম; ২৭ এপ্ৰিল ১৯৫৩- ১৭ জুন ১৬৩১)১ ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শ্বাহ জাহানৰ বেগম আছিল।২ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শ্বাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাৰ তাজমহল নিৰ্মাণ কৰাইছিল।৩৪
পৰিবাৰ আৰু প্ৰাৰম্ভিক জীৱন
তাজমহল: মমতাজ আৰু শ্বাহ জাহানৰ অন্তিম বিশ্ৰাম স্থান]]
১৫৯৩ চনৰ ২৭ এপ্ৰিলত আগ্ৰাত মমতাজৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকৰ নাম আছিল আবুল হাচান আচফ খান আৰু দিৱানজী বেগম। মাক দিৱানজী এজন ফাৰ্চী ৰান্ধনীৰ জীয়ৰী আছিল। দেউতাক মোগল সাম্ৰাজ্যৰ এক উচ্চ পদত অধিষ্ঠিত বিত্তশালী ব্যক্তি আছিল। ১৫৭৭ চনত তেওঁলোক পৰিয়াল ভাৰতলৈ আহে। আচফ খান মোগল সম্ৰাজ্ঞী নুৰ জাহানৰ ডাঙৰ ভায়েক আছিল।৫
বিবাহ
শ্বাহ জাহানে ১৬০৭ চনত মমতাজক বাকদান কৰিছিল, যেতিয়া মমতাজ চৈধ্য বছৰ বয়সীয়া শ্বাহ জাহান পোন্ধৰ বছৰীয়া আছিল। ইয়াৰ পাঁচ বছৰ পিছত ৩০ এপ্ৰিল ১৬১২ত আগ্ৰাত তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হৈছিল।৬৭ এইখন এখন প্ৰেমবিবাহ আছিল।৮ বিয়াৰ পিছত শ্বাহ জাহানে তেওঁক "মমতাজ মহল" বেগম উপাধি ৯১০ তেওঁলোকৰ বাকদান আৰু বিবাহৰ মাজৰ সময়ছোৱাত শ্বাহ জাহানে ১৯০৯ চনত প্ৰথম পত্নী ৰাজকুমাৰী কান্দাহাৰী বেগমক বিয়া কৰায়। মমতাজক বিয়া কৰোৱাৰ পিছতো তেওঁ আৰু এগৰাকী ইজ-উন-নিচা বেগমক বিয়া কৰায়।১১ ইজ-উন-নিচা-বেগম এজন শীৰ্ষস্থানীয় মোগল দৰবাৰীৰ জীয়ৰী আছিল।১২১৩
মৃত্যু

বুৰহানপুৰত ১৭ জুন ১৬৩১ত চতুৰ্দশ সন্তানটো জন্ম দিবলৈ গৈ প্ৰসৱোত্তোৰ ৰক্তক্ষৰণত মমতাজৰ মৃত্যু হয়।১৪ প্ৰায় ত্ৰিশ ঘণ্টা জোৰা প্ৰসৱ বেদনাত তেওঁ ভুগিছিল। দাক্ষিণাত্য মালভূমিলৈ অভিযানত যোৱা স্বামীক তেওঁ সঙ্গ দিছিল। তেওঁৰ দেহ অস্থায়ীভাবে বুৰহানপুৰত শ্বাহ জাহানৰ খুৰাক ৰাজকুমাৰ ডেনিয়েলে নিৰ্মাণ কৰা তাপ্তী নদীৰ পাৰৰ জৈনাবাদ নামৰ বাগিছা এখনত অস্থায়ীভাবে কবৰ দিয়া হৈছিল।১৫১৬ তেওঁৰ মৃত্যুৰ পিছত সম্ৰাট প্ৰায় এবছৰৰ বাবে শোকাকুল হৈ নিজকে নিৰ্জনতাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। এবছৰ পাছত তেওঁ যেতিয়া জন-সন্মুখলৈ আহিল, তেতিয়া তেওঁৰ চুলিয়ে শুকুলা বৰণ ধাৰণ কৰিছিল; ৰাজহাড বেঁকা হৈ গৈছিল আৰু মুখ শোতোৰা পৰিছিল।১৬১৭ মমতাজৰ আটাইতকৈ ডাঙৰ জীয়েক জাহানাৰা বেগমে দেউতাক শোক-সাগৰৰ পৰা উলিয়াই আনিছিল।১৮
গ্ৰন্থপঞ্জী
- Koch, Ebba. (2006). The Complete Taj Mahal: And the Riverfront Gardens of Agra. Thames & Hudson Ltd. পৃ. 288 pages. ISBN 0-500-34209-1
- Preston, Diana & Michael. (2007). A Teardrop on the Cheek of Time. Doubleday. পৃ. 354 pages. ISBN 978-0-385-60947-0
- Tillotson, Giles. (2008). Taj Mahal. Harvard University Press. ISBN 9780674063655
- Banks Findley, Ellison. (1993). Nur Jahan: Empress of Mughal India. Nur Jahan: Empress of Mughal India. ISBN 9780195074888
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Pickthall, Marmaduke William; Asad, Muhammad. (1 January 1975). Islamic Culture. Islamic Culture Board. পৃ. 196
- ↑ Lach, Donald F.; Kley, Edwin J. Van. (1998). Asia in the Making of Europe, Volume III: A Century of Advance. Book 2, South Asia. University of Chicago Press. পৃ. 689. ISBN 9780226466972
- ↑ Tillotson, Giles. (2008). Taj Mahal. Profile Books. পৃ. 11. ISBN 9781847652478
- ↑ (2013). Tourism, Planning, and Community Development Community Development – Current Issues Series. Routledge. পৃ. 128. ISBN 9781135711887
- ↑ (2012). Events that formed the modern world: from the European Renaissance through the War on Terror. ABC-CLIO. পৃ. 254. ISBN 9781598849011
- ↑ Findly 1993, পৃ. 39
- ↑ Findly 1993, পৃ. 39
- ↑ Findly 1993, পৃ. 164
- ↑ Pant, Chandra. (1978). Nur Jahan and Her Family. Dandewal Publishing House. পৃ. 112
- ↑ Koch, p. 18
- ↑ Sarker, Kobita. (2007). Shah Jahan and his paradise on earth: the story of Shah Jahan's creations in Agra and Shahjahanabad in the golden days of the Mughals. K.P. Bagchi & Co. পৃ. 38. ISBN 9788170743002
- ↑ Tillotson 2012, পৃ. 21
- ↑ Findly 1993, পৃ. 308
- ↑ Khan, 'Inayat; Begley, Wayne Edison. (1990). The Shah Jahan nama of 'Inayat Khan: an abridged history of the Mughal Emperor Shah Jahan, compiled by his royal librarian: the nineteenth-century manuscript translation of A.R. Fuller (British Library, add. 30,777). Oxford University Press. পৃ. 647. ISBN 9780195624892
- ↑ Preston, p. 171
- ↑ Koch, p. 20
- ↑ Begley, Wayne E. The Myth of the Taj Mahal and a New Theory of Its Symbolic Meaning. The Art Bulletin
- ↑ Annemarie Schimmel. (2005). The empire of the Great Mughals: history, art and culture. Sang-E-Meel Pub. পৃ. 151. ISBN 9781861891853
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতাজ মহল” প্ৰবন্ধৰ সংশোধন ৬৩২৫৫৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।