সিন্ধি বিৰিয়ানী হৈছে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা উৎপত্তি হোৱা এক বিশেষ মাংস আৰু চাউলেৰে তৈয়াৰী বিৰিয়ানী খাদ্য ৷ পাকিস্তানী খাদ্য আৰু সিন্ধী খাদ্যৰ অন্যতম ব্যৱহৃত তথা জনপ্ৰিয় খাদ্য এইবিধ। ১
উপকৰণ
এই বিখ্যাত সিন্ধী খাদ্যবিধ ৰন্ধাত ব্যৱহাৰ কৰা মৌলিক উপকৰণসমূহ তলত উল্লেখ কৰা হ’ল:
মাটন বা চিকেন বা মাছ বা মিছামাছ, বাছমতী চাউল, আলু, বিলাহী, দৈ, নিমখ, পিঁয়াজ, হালধি, হালধি, আদা, ইলাচি, ক'লা ইলাচিৰ গুটি, লৱঙ্গ, ৰঙা জলকীয়া, জিৰা গুটি, ডালচেনিৰ লাঠি, ৰঙা মৰিচাৰ গুড়ি, তেল, পদিনা পাত, ধনীয়া পাত, কেশৰ, থেতেলিয়াই লোৱা আলু, সেউজীয়া মৰিচা কুচি, জিৰা আৰু জলকীয়া গুড়ি।
প্ৰস্তুত প্ৰণালী
- কেৰাহীত পিয়াঁজ দি মধ্যমীয়া জুইত সোণালী বাদামী ৰঙৰ হোৱালৈকে মাংস, আদা আৰু নহৰু দি ১০ মিনিট মান ভাজিব।
- গৰম মছলা, শুকান গোটা মছলা, গুড়ি মছলা, দৈ, আলু দি আৰু ৫ মিনিট ভাজি ল'ব।
- আধা গিলাচ বা তাতোকৈ অধিক পানী দি ঢাকোন দি মাংস কোমল হোৱালৈকে কম জুইত ৰান্ধিব।
- মাংস সিজিলে আৰু তেল পৃথক হ’লে তিয়াই থোৱা বগৰী দি কেৰাহীখন এফালে ৰাখিব।
- ভাতখিনি ৮০% সিজি যোৱালৈকে উতলা পানীত তিয়াই থোৱা চাউলখিনি দি ভাতখিনি ভালদৰে পানী উলিয়াই ছেকি লওক।
- এটা সুকীয়া কেৰাহীত সিজোৱা ভাতখিনি মাংসৰ ওপৰত সমানে মেলি দি ভাতৰ ওপৰত বিলাহী, সেউজীয়া মৰিচা, পদিনা পাত বিস্তাৰ কৰক।
- ভাতৰ ওপৰত হালধীয়া ফুড কালাৰিং ছটিয়াই ঢাকোন দি অতি কম জুইত ভাত কোমল হোৱালৈকে সিজাই লওক।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিন্ধী বিৰিয়ানী” প্ৰবন্ধৰ সংশোধন ৪৫৪২৩৬ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।