মাগডা মাৰ্কেট মাণ্ডিকো (জন্ম ১৯৫৮) এগৰাকী এণ্ডোৰাৰ জৈৱ প্ৰযুক্তিবিদ আৰু পৰীক্ষাগাৰৰ ব্যৱসায়ী। পেছাদাৰী জীৱনৰ বেছিভাগ সময় আমেৰিকাৰ ছান ডিয়েগোত কটায়।
কেৰিয়াৰ
১৯৫৮ চনত এণ্ডোৰাৰ কেনিলোত মাৰ্কেটৰ জন্ম হৈছিল।১২ সৰুতে মাকৰ মৃত্যু হয়।৩ মাৰ্কেটে ফ্ৰান্সৰ ইনষ্টিটিউট নেচনেল ডেছ চাইন্সেছ এপ্লিকেচন ডি টুলুজ (INSA)ৰপৰা জৈৱ ৰসায়ন বিজ্ঞানত পি এইচ ডি লাভ কৰে।৪৫ অধ্যয়ন সম্পূৰ্ণ কৰাৰ কিছুসময়ৰ পাছতে তেওঁ ফ্ৰান্সৰ ট্ৰেন্সজিন নামৰ জৈৱ প্ৰযুক্তি কোম্পানী এটাত কাম কৰিবলৈ আৰম্ভ কৰে।৬
তেওঁৰ স্বামী ফ্ৰান্সোৱা ফেৰেৰ সৈতে কেলিফৰ্ণিয়ালৈ গুচি যায়, যিজনো এজন বিজ্ঞানী আৰু ১৯৮০ চনৰ শেষৰফালে তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট গৱেষণা কৰিবলৈ যায়।৬
প্লাজমিড ডি এন এ উৎপাদন আৰু জিনৰ পৰিমাণ নিৰ্ণয়ৰ ক্ষেত্ৰত কৰা অগ্ৰণী কামৰ বাবে এই দম্পতীহালে অতি সোনকালেই ছান ডিয়েগোত স্বীকৃতি লাভ কৰে।৬ ১৯৯৮ চনত তেওঁলোকে ঔষধ উদ্যোগক জৈৱ প্ৰযুক্তি সেৱা আগবঢ়োৱা কোম্পানী আলথিয়া টেকন'লজিছ প্ৰতিষ্ঠা কৰে আৰু ২০০০ চনৰপৰা ২০০৮ চনলৈকে মাৰ্কেট ইয়াৰ সহ-মুখ্য কাৰ্যবাহী বিষয়া আছিল।৬৭ ২০১৩ চনত এজিনোমোটো আলথিয়া ইনকৰ্পৰেশ্যনে কোম্পানীটো অধিগ্ৰহণ কৰে।৬ ২০০৮ চনত তেওঁলোকে আণৱিক নিদানৰ বাবে নিবেদিত আলথিয়াডিএক্স প্ৰতিষ্ঠা কৰে আৰু ২০১৩ চনত আলমা লাইফ চাইন্সেছ নামৰ এটা বিনিয়োগ কোম্পানী প্ৰতিষ্ঠা কৰে যাৰ মাৰ্কেট ইয়াৰ সহ-মুখ্য কাৰ্যবাহী বিষয়া।৬৭৮৪
মাৰ্কেটে এই খণ্ডৰ আন আন আমেৰিকান কোম্পানীসমূহৰ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে, যেনে ভাইকেল ইনকৰ্পৰেশ্যন, এমিলিন ফাৰ্মাচিউটিকেলছ, প্ৰটিন পলিমাৰ টেকন’লজিছ, চেণ্টে, ইণ্ডেপেণ্ডা, পৰ্টেবল জিনমিক্স, এম ডি ৰিভল্যুচন, আৰ্কটুৰাছ থেৰাপিউটিক্স লিমিটেড আৰু চিণ্ট্ৰ’ কৰ্প; আৰু ট্ৰেভাৰ্ছা থেৰাপিউটিক্স, হুয়া বায়'ছায়েন্স, আৰু ট্ৰাইয়াছ থেৰাপিউটিক্সৰ দৰে বৈজ্ঞানিক কোম্পানীসমূহৰ ষ্টাৰ্ট-আপ আৰু বিত্তীয় সাহায্যৰ সৈতে জড়িত।৬৮৯
মাৰ্কেট বায়’কম, ছান ডিয়েগো ইকনমিক ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন আৰু কিয়’ট’ চিম্পোজিয়াম অৰ্গেনাইজেচন আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগোৰ মূৰছ কেন্সাৰ চেণ্টাৰ আৰু বায়’লজিকেল ছায়েন্সৰ ডিন লিডাৰশ্বিপ কাউন্সিলৰ দৰে অলাভজনক সংস্থাৰ সদস্যও।৬৮ ২০১৪ চনত মাৰ্কেটে লাইফ চাইন্সেছ ফাউণ্ডেশ্যনৰ উপদেষ্টা ব'ৰ্ডত যোগদান কৰে।১০
তেখেতে কেলিফৰ্ণিয়াত এণ্ডোৰাৰ সন্মানীয় কনছুল হিচাপেও কাম কৰি আহিছে।৪
তেওঁৰ শেহতীয়া প্ৰকল্পসমূহ কৃত্ৰিম বুদ্ধিমত্তা, নতুন কৰ্কট ৰোগৰ চিকিৎসা, আৰু ক’ভিড-১৯ আৰু ইনফ্লুৱেঞ্জাৰ বিৰুদ্ধে সুৰক্ষিত আৰ এন এ ভেকচিন প্ৰস্তুতৰ সৈতে জড়িত।৩
তথ্যসূত্ৰ
- ↑ (16 September 2024). Magda Marquet hablará de biotecnología en la inauguración del curso académico de la UdA. La Ciutat
- ↑ Solanellas, Toni. (8 October 2024). La superheroïna de cal Ton de Borró. Altaveu
- ↑ Silva, Dani. (21 October 2024). Magda Marquet: “Hi ha risc d’agreujar les desigualtats globals amb les revolucions biotecnològiques”. Diari d'Andorra
- ↑ (16 September 2024). Magda Marquet parlarà de biotecnologia a la inauguració del curs acadèmic. University of Andorra
- ↑ Magda Marquet. theorg.com
- ↑ (10 September 2015). Executive Q&A: Magda Marquet of Althea Technologies and Alma Life Sciences. San Diego Business Journal
- ↑ Magda Marquet, Ph.D.. anaptysbio.com
- ↑ Arcturus Therapeutics Appoints Four New Directors and Reaches Settlement. United States Securities and Exchange Commission
- ↑ Arcturus Therapeutics Appoints Four New Directors and Reaches Settlement Agreement with Founder Joseph E. Payne
- ↑ Magda Marquet Joins Board of Advisors of Nonprofit Organization Dedicated to Biotech History
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগডা মাৰ্কেট” প্ৰবন্ধৰ সংশোধন ৬০৩৫৫৬ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।