বৰ্ণালী দাস ( Barnali Das) এগৰাকী অসমৰ যুৱ-জ্যোতিৰ্বিজ্ঞানী৷ তেওঁ তেওঁৰ নিজা অধ্যয়নৰ দ্বাৰা মহাকাশত সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ আঠটা তৰাৰ১ বিশেষ বৈশিষ্ট্য ধৰা পেলাবলৈ সক্ষম হয়৷২
জন্ম আৰু পৰিচয়
বৰ্ণালী দাসৰ জন্ম ১৯৯৩ চনত বৰপেটা জিলাৰ পাটাছাৰকুছিৰ সৰিহ চাকলা গাঁৱত৷ তেওঁৰ পিতৃৰ নাম মুনিন্দ্ৰ নাথ দাস, এগৰাকী প্ৰবক্তা আৰু মাতৃৰ নাম শিৰণ কলিতা, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ বৰ্ণালী দাস এওঁলোকৰ দ্বিতীয় সন্তান৷৩ তেওঁৰ স্বামীৰ নাম সুৰজিৎ মণ্ডল৷ তেওঁ পশ্চিমবংগৰ আৰু এগৰাকী মহাকাশ বিজ্ঞানী৷ বৰ্তমান আমেৰিকাৰ নিউজাৰ্ছিত তেওঁ সূৰ্যৰ বিষয়ে গৱেষণা কৰি আছে৷ বৰ্ণালী দাস আৰু সুৰজিৎ মণ্ডল দুয়ো একেটি শিক্ষানুষ্ঠানতে উচ্চশিক্ষা লাভ কৰিছিল৷৪
শিক্ষা
১৯৯৭ চনত পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনত প্ৰাথমিক শিক্ষা আৰম্ভ হয়৷ ২০০৯ চনত সেই বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান পাই উত্তীৰ্ণ হয়৷ ২০১১ চনত পাঠশালাৰ “কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ’’ৰ পৰা ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰি উচ্চতৰ মাধ্যমিক স্তৰ উত্তীৰ্ণ হয়৷ ২০১৪ চনত দিল্লীৰ “হংসৰাজ কলেজ’’ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০১৬ চনত কানপুৰৰ “ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান’’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷৩
কৃতিত্ব
স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা সময়ত বৰ্ণালী দাসে “NCRA-TIFR(National Centre For Radio Astrophysics-Tata Institute of Fundamental Research)ত VSRP ৰ অধীনত প্ৰকল্প এটাত কাম কৰে আৰু তাৰপাছতেই তেওঁ NCR-TIFRত পি,এইছ,ডি কৰাৰ সুযোগ পায়৷২ ২০১৮ চনত তেওঁ পূৰ্ণাংগ ৰূপত গৱেষণাৰ কামত নিয়োজিত হৈ সফলতা লাভ কৰিছিল ২০২১ চনত৷৪ ড° পুনম চন্দ্ৰাৰ তত্তাৱধানত গৱেষণা কৰিছিল৷১
গৱেষণাৰ বিষয়
বৰ্ণালী দাসৰ গৱেষণাৰ মূল বিষয় আছিল, সূৰ্যতকৈ উত্তপ্ত আৰু বৃহৎ চুম্বকীয় গুণৰ তৰাৰ “ৰেডিঅ তৰংগ’’ বিকিৰণৰ বৈশিষ্ট্য ধৰা পেলোৱা৷ প্ৰকৃততে এটি তৰাৰ উষ্ণতাৰ ওপৰত তৰাটিৰ ৰং নিৰ্ভৰ কৰে৷ এই তৰাবোৰে নিজৰ জীৱনকালত নিজ কেন্দ্ৰত হিলিয়াম উৎপন্ন কৰে৷ এই সময়খিনি হ’ল "Main Sequence Phase''৷ এই বৈশিষ্ট্যৰ তৰাৰ পৰা ২০০০ চনত বিশেষ ধৰণৰ ৰেডিঅ তৰংগ ধৰা পৰাৰ পিছত এক দশকৰো অধিক কাল তেনে বিকিৰণ দ্বিতীয় এটাৰ পৰা ধৰা পৰা নাছিল৷ গতিকে, এনে বিকিৰণক লৈ ধাৰণা হৈছিল যে, ই অতি বিৰল পৰিঘটনা৷ বৰ্ণালী দাসে ইয়াৰ সন্ধান কৰি ইতিপূৰ্বে আৱিষ্কাৰ কৰা ১১টি উত্তপ্ত তৰাৰ বিশেষ ৰেডিঅ তৰংগ বিকিৰণৰ বৈশিষ্ট্য ৮টি তৰাৰ ক্ষেত্ৰত আৱিষ্কাৰ কৰিছিল৷২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ণালী দাস” প্ৰবন্ধৰ সংশোধন ৫৩৮২৯১ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।