ডাঃ ভি. আৰ ললিথাম্বিকা ( V. R. Lalithambika; জন্ম ১৯৬২) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সৈতে কাম কৰি অহা এজন ভাৰতীয় অভিযন্তা আৰু বিজ্ঞানী। উন্নত লঞ্চাৰ প্ৰযুক্তিৰ বিশেষজ্ঞ আৰু ২০২২ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে গগণিয়ান অভিযানৰ নেতৃত্ব দিছিল।১২
প্ৰাথমিক জীৱন
ললিথাম্বিকাৰ জন্ম হৈছিল ১৯৬২ চনত ভাৰতৰ তিতা কেৰেলাৰ তিৰুৱনন্তপুৰমত। তেওঁৰ ঘৰ থুম্বা ৰকেট টেষ্ট চেণ্টাৰৰ ওচৰত থকাৰ বাবেই সৰুৰে পৰাই ইছৰোৰ প্ৰতি আকৰ্ষিত হৈছিল। বিজ্ঞানৰ সৈতে তেওঁৰ পৰিচয় অতি সোনকালে আৰম্ভ হৈছিল মূলতঃ তেওঁৰ ককাকৰ বাবে, যিয়ে ঘৰতে লেন্স, মাইক্ৰস্কোপ আদিৰ দৰে গেজেট বনাইছিল আৰু লগতে ইছৰ’ৰ কামৰ বিষয়েও তেওঁক অৱগত কৰিছিল। তেওঁৰ ককাক এজন গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু গেজেট নিৰ্মাতা আছিল। তেওঁৰ পিতৃও এজন অভিযন্তা আছিল।২
তেওঁ অভিযান্ত্ৰিক মহাবিদ্যালয়ত বৈদ্যুতিক অভিযান্ত্ৰিকী বিষয়ত বি.টেক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ এম.টেক. ত্ৰিবেন্দ্ৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিয়ন্ত্ৰণ অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে। ইছৰোত যোগদান কৰাৰ আগতে তেওঁ দুখন কলেজত কাম কৰিছিল। ইছৰোৰ সৈতে কাম কৰি থাকোঁতে তেওঁ পি এইচ ডি লাভ কৰিছিল।৩১২
জীৱিকা
ললিথাম্বিকা উন্নত উৎক্ষেপণ বাহন প্ৰযুক্তিৰ বিশেষজ্ঞ। তেওঁ ১৯৮৮ চনত তিৰুৱনন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ (ভিএছএছচি)ত যোগদান কৰিছিল।৩৪ তেওঁ ৰকেট নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা ব্যৱস্থাৰ ডিজাইন কৰা এটা দলৰ নেতৃত্ব দিছিল। তেওঁ অগমেণ্টেড চেটেলাইট লঞ্চ ভেহিকেল (ASLV), মেৰু চেটেলাইট লঞ্চ ভেহিকেল (PSLV) আৰু জিঅ'চিনক্ৰ'নাছ চেটেলাইট লঞ্চ ভেহিকেল (GSLV) আৰু পুনৰ ব্যৱহাৰযোগ্য লঞ্চ বাহন (RLV)কে ধৰি বিভিন্ন ইছৰো ৰকেটৰ সৈতে কাম কৰিছে।৫১ ১০০ৰো অধিক মহাকাশ অভিযানৰ অংশ হিচাপে তেওঁ অংশগ্ৰহণ কৰিছে।২
বেংগালুৰুৰ ইছৰোৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে তেওঁ তিৰুৱনন্তপুৰমৰ ভিএছএছচিৰ উপ-সঞ্চালক (নিয়ন্ত্ৰণ, নিৰ্দেশনা আৰু অনুকৰণ) আছিল।২
বঁটা
তেওঁ মহাকাশ সোণৰ পদক (২০০১), ইছৰো ব্যক্তিগত মেৰিট বঁটা আৰু ইছৰোৰ প্ৰদৰ্শন উৎকৰ্ষ বঁটা (২০১৩) লাভ কৰে।১ তেওঁ লঞ্চ ভেহিকেল টেকন'লজিৰ উৎকৃষ্টতাৰ বাবে এষ্ট্ৰ'নটিকেল ছ'চাইটি অৱ ইণ্ডিয়া বঁটাও লাভ কৰিছে।৪ ২০২৩ চনত ভাৰত আৰু ফ্ৰান্সৰ মাজত মহাকাশ সহযোগিতা বৃদ্ধিৰ বাবে তেওঁ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক অৰ্ডাৰ লিজিয়ন ডি অনাৰ সন্মান লাভ কৰে।৬
ব্যক্তিগত জীৱন
তেওঁৰ স্বামী প্ৰদীপ কুমাৰ এ.বি. কেৰেলা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ।
তথ্যসূত্ৰ
- ↑ (2017-02-26). India’s rocket women. Deccan Chronicle
- ↑ Singh, Surendra. (2018-09-23). Meet the woman scientist heading India’s Gaganyaan project. The Times of India
- ↑ Jayaraj, Nandita. (2018-09-01). Marriage stopped her from going to IIT, but she still became ISRO’s top engineer. The Print
- ↑ (2018-08-19). VR Lalithambika, the woman who will lead India's human space flight programme. The Economic Times
- ↑ Meet The Woman Who Leads India's "Manned Mission" To Space. NDTV.com
- ↑ ബഹിരാകാശ സഹകരണം; മലയാളി ശാസ്ത്രജ്ഞ വി.ആർ ലളിതാംബികയ്ക്ക് ഫ്രാൻസിന്റെ പരമോന്നത സിവിലിയൻ ബഹുമതി. Janmabhumi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. আৰ ললিথাম্বিকা” প্ৰবন্ধৰ সংশোধন ৪৮৫১৭৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।