অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হিড়িম্ব

হিড়িম্ব (हिडिम्ब) মহাভাৰতৰ পাতত হিড়িম্ব এজন মহাবলবান দৈত্য ৰজা। তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল।

হালনাগাদ: ৭ জানুৱাৰী ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হিড়িম্ব (हिडिम्ब) মহাভাৰতৰ পাতত হিড়িম্ব এজন মহাবলবান দৈত্য ৰজা।১ তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল। এই উদ্দেশ্যে হিড়িম্বীয়ে এগৰাকী সুন্দৰ নাৰীৰ ৰূপ ধাৰণ কৰি পাণ্ডৱসকলক হিড়িম্বৰ ওচৰলৈ লৈ আনিছিল। হিড়িম্বই ভীমৰ সৈতে যুঁজ কৰি মৃত্যুক আঁকোৱালি লয়২।৩ হিড়িম্বীৰ ককায়েক হিচাপে তেওঁ ঘটোৎকচৰ খুৰাৱক আছিল। তেওঁ ১২ ফুট দৈৰ্ঘ্যৰ আছিল বুলি জনা যায়। লোকবিশ্বাস মতে হিড়িম্ব কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ আছিল আৰু ডিমাছা জনগোষ্ঠীসকলে নিজকে দৈত্যৰাজ হিড়িম্বৰ বংশধৰ বুলি বিশ্বাস কৰে। তেওঁ হিড়িম্বেশ্বৰ বা হিড়িম্ব বুলিও জনা যায়। ভাসৰ এখন বিশেষ সংস্কৃত নাট 'মধ্যমা' (मध्यमव्यायोग, The Middle One)। এই নাটকত পিতা-পুত্ৰ ভীম আৰু ঘটোতকচৰ পুনৰ মিলনৰ বিষয়ে বৰ্ণিত হৈছে যি নেকি হিড়িম্বৰ মানৱ দেহেৰ আকাঙ্ক্ষাৰ অধীনত সঞ্চালিত। ইয়াৰ চৰিত্ৰসমূহ যদিওবা মহাভাৰতৰ পৰা সংগ্ৰহ কৰা, কাহিনীটো প্ৰকৃততে ভাসৰ কাল্পনিক সৃষ্টি।

মঠ-মন্দিৰ

হিমাচল প্ৰদেশত হিড়িম্বী দেৱীৰ নামত উৎসৰ্গিত বহু কেইটা মঠ-মন্দিৰ বৰ্তমানো পোৱা যায়। মানালিৰ হিড়িম্বী দেৱীৰ মন্দিৰ আটাইতকৈ জনপ্ৰিয়। এই মন্দিৰত দেৱীৰ এটা সৰু মূৰ্তি আৰু পদ চিহ্ন আছে। হিড়িম্বক কুল্লু উপত্যকাৰ সকলোতকৈ শক্তিশালী আৰু আধ্যাত্মিক দেৱতা হিচাপে গণ্য কৰা হয়। দেৱীৰ নামত উৎসৰ্গিত কাঠৰে নিৰ্মিত আন এটা মন্দিৰৰ শিখৰ ভাগ আৰু মূল দৰ্জাখন ৫০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। প্ৰচলিত আছে যে এই মন্দিৰৰ শিল্পনিৰ্মাণ কৰা শিল্পী জনে মন্দিৰৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ তেওঁৰ হাত দুখন কাটি পেলাইছিল যাতে তেওঁৰ পুনৰাই ক'তো তেনে শিল্প নিৰ্মাণ কৰিব নোৱাৰে। এই মন্দিৰটো দেৱদাৰ অৰণ্যৰ মাজত অৱস্থিত।

প্ৰতিবছৰে দশহাৰা উৎসৱত অংশগ্ৰহণৰ বাবে ভক্তগণ চুবুৰীয়া কুল্লু চহৰলৈ যায় য'ত কুল্লু ঘাটৰ পৰা হিড়িম্বৰ ৰথ আৰু প্ৰভু শ্ৰীৰামৰ মুখ্য ৰথৰ লগতে অন্যান্য দেৱতা সকলৰ ৰথযাত্ৰা অনুষ্ঠিত হয়। সম্পূৰ্ণ সাত দিনৰ এই উৎসৱৰ অন্তত 'লংকাদাহনৰ' দিনা হিড়িম্ব দেৱতা বাবে বলি উৎসৰ্গা কৰা হয়। হিড়িম্বী পুত্ৰ ঘটোৎকচ চুবুৰীয়া বাঞ্জাৰ আৰু চিৰাজ উপত্যকাৰ জন্মপ্ৰিয় লোক দেৱতা।

বিশ্বাস

  • নাগালেণ্ডৰ ডিমাপুৰ নামটো হিড়িম্ব নামৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। এই নামটো হিড়িম্বপুৰ নামৰ পৰা সৃষ্ট। ডিমাপুৰ হৈছে ডিমাছা কছাৰীসকলৰ প্ৰথম ৰাজধানী।
  • গুজৰাটৰ সাবৰকাণ্ঠা জিলাৰ বিজয়নগৰৰ বনতেই হিড়িম্ব আৰু ভীমৰ মাজত যুঁজ হোৱা বুলি বিশ্বাস কৰা হয়। ইয়াৰোপৰি ভাৰতৰ আন আন বহু অঞ্চল হিড়িম্বীৰ স্থান বুলি গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ HimVani, Team. (2007-03-28). Hidimba: The unsung heroine of Mahabharata. HimVani
  2. ↑ The Mahabharata, Book 1: Adi Parva: Hidimva-vadha Parva: Section CLIV. www.sacred-texts.com
  3. ↑ (2015). Mahabharata. Penguin Books. পৃ. 265-272. ISBN 9780143425144

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰমহাভাৰতৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিড়িম্ব” প্ৰবন্ধৰ সংশোধন ৫৬৮২৮১ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।