মাদ্ৰৱতী (Madravti) পাণ্ডৱ বংশৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ পৰীক্ষিত ৰজাৰ পত্নী আৰু জন্মেজয়ৰ মাতৃ আছিল মাদ্ৰৱতী।
স্বামীৰ মৃত্যু
শৃংগী ঋষিৰ শাপত তক্ষক নাগে তেওঁৰ স্বামী পৰীক্ষিতক দংশি মাৰে।১
এদিন পৰীক্ষিত ৰজাই চিকাৰ কৰিবলৈ বনলৈ যায় আৰু পিয়াহ লগাত পানী বিচাৰি শমিক মুনিৰ আশ্ৰম পায়গৈ। শমিক মনি তেতিয়া চকু মুদি ধ্যানমগ্নহৈ আছিল। ৰজা পৰীক্ষিতে ধ্যান কৰা ভাও জুৰি মুনিয়ে তেখেতক অৱজ্ঞা কৰা বুলি ভাবি, খঙত ওচৰতে পৰি থকা মৰা সাপ এডাল মুনিৰ ডিঙিত মেৰিয়াই দি থৈ যায়।
ৰজাই মুনিৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱা বাৰ্তা পাই শমীক মুনিৰ পুত্ৰ শৃংগীয়ে খঙত অগ্নিশৰ্মাহৈ কৌষিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক সাত দিন পিছত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিয়ে।
উল্লেখ আছে যে মৃত্যুৰ আগমুহূৰ্তত শুকে তেওঁৰ আগত মহাভাগৱতৰ কথা কৈছিল।১
বংশধৰ
মাদ্ৰৱতীৰ পতি পৰীক্ষিত ৰজা আছিল পাণ্ডৱ বংশৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। উত্তৰাৰ পিতৃ আছিল বিৰাট আৰু মাতৃ সুদেষ্ণা। কুন্তীয় পুত্ৰ অৰ্জুনৰ পুত্ৰ আছিল অভিমন্যু। অভিমন্যুৰ মাক সুভদ্ৰা আছিল বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী। সুভদ্ৰা আছিল দেৱী যোগমায়াৰ অৱতাৰ তথা কৃষ্ণ আৰু বলোৰামৰ ভনী।
বংশলতা
মূল প্ৰবন্ধ: মহাভাৰতৰ পাত্ৰ
তথ্যসূত্ৰ
- ↑ হেমচন্দ্ৰ বৰুৱা. পৰীক্ষিত ( গ্ৰন্থ=হেমকোষ ). পৃ. ৬৬১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদ্ৰৱতী” প্ৰবন্ধৰ সংশোধন ৪০৪৫৯১ (৬ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।