অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দুঃশলা

দুঃশলা (Sanskrit: दुःशला), (দুঃশলা নামটো দুশলা হিচাপেও ঠায়ে ঠায়ে লিখা দেখা যায়) কৌৰৱ কূলৰ ধৃতৰাষ্ট্ৰ ৰজাৰ একমাত্ৰ দুহিতা আছিল। হিন্দু মহাকাব্য মহাভাৰতত কৌৰৱৰ ভগ্নী হিচাপে দুঃশলা বৰ্ণিত হৈছে।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দুঃশলা (সংস্কৃত ভাষা: दुःशला), (দুঃশলা নামটো দুশলা হিচাপেও ঠায়ে ঠায়ে লিখা দেখা যায়) কৌৰৱ কূলৰ ধৃতৰাষ্ট্ৰ ৰজাৰ একমাত্ৰ দুহিতা আছিল। হিন্দু মহাকাব্য মহাভাৰতত কৌৰৱৰ ভগ্নী হিচাপে দুঃশলা বৰ্ণিত হৈছে। ৰাণী গান্ধাৰীৰ গৰ্ভত আৰু ৰজা ধৃতৰাষ্ট্ৰৰ ঔৰষত জন্ম লাভ কৰা শতজন পুত্ৰ সন্তানৰ মাজত দুঃশলা একমাত্ৰ কন্যা সন্তান আছিল। কৌৰৱৰ কনিষ্ঠতম দুঃশলাৰ এজন বৈমাতৃ ভাতৃও আছিল, আৰু তেওঁৰ নাম আছিল যুযুৎসু। উল্লেখ্য যে, যুযুৎসুৰ মাতৃ আছিল দুঃশলাৰ মাতৃ ৰাণী গান্ধীৰ এগৰাকী আপডাল ধৰোঁতা পৰিচাৰিকা। সিন্ধু সাম্ৰ্যাজ্যৰ অধিপতি জয়দ্ৰথৰ সৈতে দুঃশলা বিবাহপাশত আৱদ্ধ হৈছিল। দুঃশলাৰ এজন পুত্ৰ আছিল, যাৰ নাম আছিল সুৰথ। ১২

বিৱৰণ

ৰজা গান্ধাৰী আৰু ৰাণী গান্ধাৰীৰ ১০০ জন পুত্ৰৰ জন্মৰ পিছত কনিষ্ঠতম হিচাপে জন্ম লাভ কৰা দুঃশলা সকলোৰে প্ৰিয়পাত্ৰ আছিল। তেওঁ পিতামহ ভীষ্মৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হৈছিল। ৩ দুঃশলাক সিন্ধু প্ৰদেশৰ ৰজা জয়দ্ৰথলৈ বিয়া দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁৰ বৈবাহিক জীৱন মসৃণ নাছিল। মহাভাৰতৰ কাহিনী অনুসৰি, জয়দ্ৰথে নিজৰ কু-অভিপ্ৰায় চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে দ্ৰৌপদীক অপহৰণ কৰি নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে জয়দ্ৰথৰ সেই প্ৰচেষ্টা বিফল হয়। পাণ্ডৱৰ পঞ্চ ভাতৃয়ে সেই অপৰাধৰ শাস্তি হিচাপে জয়দ্ৰথক মৃত্যুদণ্ড প্ৰদান কৰিবলৈ সিদ্ধান্ত কৰিলে। কিন্তু, জয়দ্ৰথৰ পত্নী দুঃশলাই তেওঁৰ পিতৃব্য ভাতৃসকলক জয়দ্ৰথক হত্যা নকৰিবলৈ কাকুতি মিনতি কৰিলে। ভগ্নীৰ অনুৰোধ ৰক্ষা কৰি পাণ্ডৱ ভাতৃগণে জয়দ্ৰথক কেৱল মূৰৰ চুলি খুৰাই দিয়েই এৰি দিলে। পৰৱৰ্তী কালত জয়দ্ৰথে প্ৰতিশোধ পূৰণ কৰিবলৈ কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ পুত্ৰ অভিমন্যুক বেহুৰ ভিতৰত নিধন কৰোৱাত বৃহ ভূমিকা গ্ৰহণ কৰিছিল। অভিমন্যুৰ নিধনৰ পিছত অৰ্জুনে তেওঁৰ সখা কৃষ্ণৰ সহযোগত জয়দ্ৰথক শিৰচ্ছেদ কৰিছিল।

পৰৱৰ্তী সময়ত পাণ্ডৱে যেতিয়া অশ্বমেধ যজ্ঞৰ আয়োজন কৰিছিল, তেতিয়া পাণ্ডৱৰ অশ্ব সিন্ধু দেশ গৈ পাইছিল। সেইসময়ত সিন্ধু দেশৰ শাসনৰ বাঘজৰী দুঃশলা আৰু জয়দ্ৰথৰ পুত্ৰ সুৰথৰ হাতত আছিল। সুৰথে তেওঁৰ সহযোগী নিপুণ ধনুৰ্বিদসকলৰ সৈতে অৰ্জুনৰ বাট ভেটিলে। তেওঁলোকৰ মাজত সংঘটিত যুদ্ধত অৰ্জুনে সুৰথ আৰু সৈন্যবাহিনীক পৰাভূত কৰি নিধণ কৰিলে। সেইসময়ত সুৰথৰ পুত্ৰ শিশু অৱস্থাত আছিল। পৰিস্থিতিৰ বিষমতাত বিতত হৈ দুঃশলাই তেওঁৰ নাতিল'ৰাৰ সৈতে আহি অৰ্জুনৰ সম্মুখত ৰোদন কৰিবলৈ ধৰিলে। ভগ্নীৰ ক্ৰন্দত অৰ্জুনৰ হৃদয় দুখত ভগ্ন হৈ পৰিল। অৰ্জুনে তেতিয়া যুদ্ধৰ সমাপ্তি ঘটাই দুঃশলাৰ শিশু নাতিকেই সিন্ধু দেশৰ ৰাজ্যধিপতি হিচাপে ঘোষণা কৰিলে। ৪৫

প্ৰসংগ

তথ্যসূত্ৰ

  1. ↑ Mani 1975, পৃ. 263
  2. ↑ (2017-10-24). Unveiling the secret of Duhsala, the only sister of 100 Kaurava Brothers. Detechter
  3. ↑ Least Known Characters Of Mahabharata – Duhsala. Robas World
  4. ↑ Mani 1975, পৃ. 263
  5. ↑ Shalom 2017

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুঃশলা” প্ৰবন্ধৰ সংশোধন ৪৬৯৫৩২ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।