হাৰমনিয়াকোচৰ ইলিয়াড হৈছে চতুৰ্দশ শতিকাৰ কনষ্টাণ্টিাইন হাৰমনিয়াকোচৰ দ্বাৰা ৰচিত ইলিয়াডৰ এক বাইজেণ্টাইন ব্যাখ্যা। এই কবিতাটো এপাইৰাছৰ শাসকৰ নিৰ্দেশত লিখা হৈছিল, যিয়ে হাৰমনিয়াকোচক গ্ৰীক কথিত ভাষাত এই মহাকাব্যখনৰ এক নতুন সংস্কৰণ লিখিবলৈ অনুৰোধ কৰিছিল।১
পটভূমি আৰু পাঠ
কনষ্টাণ্টিাইন হাৰমনিয়াকোচ আছিল চতুৰ্দশ শতিকাৰ এজন বাইজেণ্টাইন পণ্ডিত আৰু কবি। তেওঁৰ বিষয়ে খুব কমেইহে জনা যায়, কেৱল ইয়াৰ বাহিৰে যে তেওঁ বাইজেণ্টাইন সাম্ৰাজ্যৰ উত্তৰাধিকাৰী ৰাজ্য এপাইৰাছৰ ৰাজধানী আৰ্টাৰ ৰাজকীয় বৃত্তত বাস কৰিছিল। প্ৰায় ১৩৩০ খ্ৰীষ্টাব্দত শাসক দ্বিতীয় জন অৰচিনী (১৩২৩–১৩৩৫) আৰু তেওঁৰ পত্নী আন্না পালাইঅ’ল’জিনাৰ নিৰ্দেশত তেওঁ হোমাৰৰ মহাকাব্য ইলিয়াডৰ ব্যাখ্যা ৰচনা কৰে।২৩ কবিতাটোত ৮,৭৯৯টা অন্ত্যমিল নোহোৱা আঠ অক্ষৰীয়া ট্ৰ’কেইক ছন্দৰ শাৰী আছে আৰু ইয়াক ২৪টা ৰেপচোডী আৰু ১৪২টা অধ্যায়ত বিভক্ত কৰা হৈছে।২
বিষয়বস্তু আৰু শৈলী
হাৰমনিয়াকোচৰ ইলিয়াড মূলতঃ ১২ শতিকাৰ দুটা কৃতিৰ ওপৰত আধাৰিত আছিল: কনষ্টাণ্টিাইন মানাচেচৰ ক্ৰনিকে চিনপচিচ আৰু জন জেজেচৰ এলিগৰীজ অৱ দা ইলিয়াড।২ তেওঁৰ উদ্দেশ্য আছিল হোমাৰৰ ৰচনাৱলীক তেওঁৰ সমসাময়িকসকলৰ বাবে সহজবোধ্য কৰি তোলা। সেয়েহে কিছুমান অংশ হুবহু নকল কৰাৰ বিপৰীতে অন্য কিছুমান অংশ যথেষ্ট পৰিৱৰ্তন কৰা হৈছে যাতে অলিম্পিয়ান দেৱতাসকলৰ "পৌত্তলিক" উল্লেখবোৰ আঁতৰাই মধ্যযুগীয় গ্ৰীক জগতৰ চিনাকি পৰিস্থিতিবোৰ প্ৰতিফলিত কৰিব পৰা যায়।৩৪ কাহিনীভাগৰ ক্ষেত্ৰত হাৰমনিয়াকোচে যুদ্ধৰ লগতে ইয়াৰ আগৰ আৰু পিছৰ ঘটনাসমূহৰো বিৱৰণ দিছে।৩ অৱশ্যে তেওঁ ইলিয়াডৰ ঘটনাসমূহৰ পৰিৱৰ্তন ঘটায় আৰু ট্ৰজান চক্ৰৰ বাবে অচিনাকি চৰিত্ৰসমূহৰ অন্তৰ্ভুক্ত কৰে; উদাহৰণস্বৰূপে তেওঁ একিলিচক হাংগেৰীয় আৰু বুলগেৰীয় সৈন্যৰ এক ৰেজিমেণ্ট প্ৰদান কৰে।২
কবিতাটো কথিত ভাষাত লিখা হৈছে য’ত পাণ্ডিত্যপূৰ্ণ আৰু জনপ্ৰিয় বাগধাৰাৰ মিশ্ৰণ দেখা যায়।২৫ তদুপৰি, এয়া যুক্তি দিয়া হৈছে যে হাৰমনিয়াকোচৰ এই কৰ্ম আছিল বাইজেণ্টাইন পাণ্ডিত্যৰ এক উদাহৰণ আৰু ইয়াৰ ওপৰত সেই যুগৰ অন্যান্য ৰচনা যেনে কাল্লিমাচোচ আৰু ক্ৰাইচোহো উপন্যাসৰ তুলনাত পশ্চিমীয়া ৰাজকীয় আখ্যানৰ (ৰোমাঞ্চ) প্ৰভাৱ যথেষ্ট কম আছিল।৬ এই কৃতিখন ১৮৯০ চনত এমিল লেগ্ৰেণ্ডৰ দ্বাৰা প্ৰকাশিত হৈছিল।২
বাহ্যিক সংযোগ
- La Guerre De Troie, par Constantinos Hermoniakos Emile Legrand. কবিতাটোৰ মূল সংস্কৰণ আৰু ফৰাচী ভাষাত ইয়াৰ পাতনি।
তথ্যসূত্ৰ
- ↑ Edwin, John. (1921). A History of Classical Scholarship. Vol. 1. from the Sixth Century B.c. to the End of the Middle Ages. Third Edition.. Campridge University Press Archive. পৃ. 432. ISBN 978-0-313-30813-0
- ↑ Merry, Bruce. (2004). Encyclopedia of modern Greek literature. Greenwood Publishing Group. পৃ. 172. ISBN 978-0-313-30813-0
- ↑ Kazhdan. (1991). ((Oxford Dictionary of Byzantium)). Oxford University Press. পৃ. 921. ISBN 978-0-19-504652-6
- ↑ Dēmaras, Kōnstantinos. (1972). A history of modern Greek literature. SUNY Press. পৃ. 29. ISBN 978-0-87395-071-8
- ↑ Beaton, Roderick. (1996). The medieval Greek romance. Routledge. পৃ. 107. ISBN 978-0-415-12032-6
- ↑ Arbel Benjamin; Hamilton Bernard; Jacoby David. (1989). Latins and Greeks in the Eastern Mediterranean after 1204. Routledge. পৃ. 89. ISBN 978-0-7146-3372-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰমনিয়াকোচৰ ইলিয়াড” প্ৰবন্ধৰ সংশোধন ৬২৯১৬৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।