অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দা অডিচী: এ মডাৰ্ণ চিকুৱেল

দা অডিচী: এ মডাৰ্ণ চিকুৱেল হৈছে গ্ৰীক কবি আৰু দাৰ্শনিক নিকোচ কাজান্তজাকিচৰ দ্বাৰা ৰচিত এখন মহাকাব্যিক কবিতা, যিখন হোমাৰৰ অডিচীৰ ওপৰত আধাৰিত। মূল অডিচীৰ দৰেই ইয়াকো ২৪টা অধ্যায়ত (ৰাস্পোডী) বিভক্ত কৰা হৈছে আৰু ইয়াত ৩৩,৩৩৩টা ১৭-অক্ষৰীয়া শ্লোক আছে।

হালনাগাদ: ১৬ মাৰ্চ ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দা অডিচী: এ মডাৰ্ণ চিকুৱেল হৈছে গ্ৰীক কবি আৰু দাৰ্শনিক নিকোচ কাজান্তজাকিচৰ দ্বাৰা ৰচিত এখন মহাকাব্যিক কবিতা, যিখন হোমাৰৰ অডিচীৰ ওপৰত আধাৰিত।১ মূল অডিচীৰ দৰেই ইয়াকো ২৪টা অধ্যায়ত (ৰাস্পোডী) বিভক্ত কৰা হৈছে আৰু ইয়াত ৩৩,৩৩৩টা ১৭-অক্ষৰীয়া শ্লোক আছে। জাৰ্মানীৰ পৰা ক্ৰীটলৈ ঘূৰি অহাৰ পিছত কাজান্তজাকিচে ১৯২৪ চনত ইয়াৰ কাম আৰম্ভ কৰিছিল। ১৯৩৮ চনত কবিতাটো চুড়ান্তভাৱে প্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ইয়াৰ সাতটা ভিন্ন সংস্কৰণৰ খচৰা তৈয়াৰ কৰিছিল। কাজান্তজাকিচে ইয়াক তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৃতি বুলি গণ্য কৰিছিল। ১৯৫৮ চনত কিমন ফ্ৰায়াৰৰ দ্বাৰা ই সম্পূৰ্ণৰূপে ইংৰাজীলৈ অনূদিত হয়।২

সাৰাংশ

অডিচিয়াছ ইথিকালৈ ঘূৰি আহে আৰু তেওঁৰ শান্ত পাৰিবাৰিক জীৱনৰ প্ৰতি অতি সোনকালে অসন্তুষ্ট হৈ নতুন দুঃসাহসিক অভিযান হাতত লোৱাৰ সিদ্ধান্ত লয়। প্ৰথমে তেওঁ স্পাৰ্টাৰ ৰজা মেনিলাউচৰ পত্নী হেলেনক উদ্ধাৰ কৰিবলৈ স্পাৰ্টালৈ যাত্ৰা কৰে, যাৰ অপহৰণে ট্ৰজান যুদ্ধৰ সূচনা কৰিছিল। ইয়াৰ পিছত তেওঁ ক্ৰীটলৈ যায় য’ত এক ষড়যন্ত্ৰই ৰজাক সিংহাসনচ্যুত কৰে। হেলেনে এজন সোণালী চুলিৰ বৰ্বৰৰ সৈতে পলাই গৈ তেওঁক পৰিত্যাগ কৰে আৰু তেওঁ মিচৰলৈ যাত্ৰা অব্যাহত ৰাখে, য’ত পুনৰ এক শ্ৰমিক বিদ্ৰোহ সংঘটিত হয়। তেওঁ পুনৰ নীল নদীৰ উৎস হ্ৰদ অভিমুখে যাত্ৰা কৰে। তাত উপস্থিত হোৱাৰ পিছত তেওঁৰ সংগীসকলে শিবিৰ স্থাপন কৰে আৰু তেওঁ নিজৰ ঈশ্বৰৰ ওপৰত মনোনিৱেশ কৰিবলৈ পৰ্বতত আৰোহণ কৰে। হ্ৰদলৈ ঘূৰি অহাৰ পিছত তেওঁ নিজৰ ধৰ্মৰ আজ্ঞাৰ ওপৰত ভিত্তি কৰি এখন চহৰ স্থাপন কৰে। ভূমিকম্পৰ ফলত চহৰখন সোনকালেই ধ্বংস হয়। সংগীসকলৰ বলিদানৰ জৰিয়তে ঈশ্বৰৰ প্ৰকৃত অৰ্থ বুজিবলৈ ব্যৰ্থ হোৱাৰ বাবে অডিচিয়াছে অনুতাপ কৰে। ইয়াৰ পিছত তেওঁৰ জীৱন এজন তপস্বীৰ জীৱনলৈ ৰূপান্তৰিত হয়।

অডিচিয়াছে মাদাৰ্থ (গৌতম বুদ্ধৰ এক অৱতাৰ), কাপেটান এনাচ (অৰ্থাৎ কেপ্তেইন ৱান, যিসকল লোক অবাধ্য আৰু এক জেদী প্ৰকৃতিৰ তেওঁলোকৰ বাবে ব্যৱহৃত এক গ্ৰীক লোক-প্ৰকাশ), ওৰফে ডন কুইক্সোট আৰু এজন আফ্ৰিকান গাঁৱৰ মাছমৰীয়া ওৰফে যীশুক লগ পায়। তেওঁ মৃত্যুৰ বিৰুদ্ধে যুঁজ দি আৰু নিজৰ ধৰ্ম প্ৰসাৰ কৰি আফ্ৰিকাৰ অধিক দক্ষিণলৈ যাত্ৰা কৰে। অৱশেষত তেওঁ এণ্টাৰ্কটিকালৈ যায় আৰু এজনী হিমশৈলই তেওঁক হত্যা নকৰালৈকে এবছৰ ধৰি গাঁৱৰ মানুহৰ সৈতে বাস কৰে। তেওঁৰ মৃত্যু আছিল গৌৰৱময় কাৰণ ই তেওঁৰ পুনৰ্জন্ম আৰু বিশ্বৰ সৈতে একত্ৰীকৰণক সূচায়।

বিষয়বস্তু

অডিচীয়ে কাজান্তজাকিচৰ আদৰ্শ আৰু আধ্যাত্মিক চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ এটা কেন্দ্ৰীয় বিষয়বস্তু হ’ল অন্তিম লক্ষ্যত উপনীত হোৱাৰ পৰিৱৰ্তে কেৱল সংগ্ৰামৰ বাবে সংগ্ৰাম কৰাৰ গুৰুত্ব।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Poulakidas, Andreas K. (1969). Nikos Kazantzakis: Odysseus as Phenomenon. Comparative Literature Studies. পৃ. 126–140
  2. ↑ Kazantzakis, Nikos. (2012). The Selected Letters of Nikos Kazantzakis. Princeton University Press. পৃ. 718. ISBN 978-0-691-14702-4

সম্পৰ্কিত শ্ৰেণী

মহাকাব্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দা অডিচী: এ মডাৰ্ণ চিকুৱেল” প্ৰবন্ধৰ সংশোধন ৫৮৯১৯২ (১৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।