বিশ্বাস পক্ষপাতিতা (Belief Bias) হৈছে একধৰণৰ প্ৰৱণতা যাৰ প্ৰভাৱত যুক্তি-চালিত সিদ্ধান্ত এটাক বিচাৰ কৰোঁতে যুক্তিটোৰ পৰিৱৰ্তে সিদ্ধান্তটোকহে গুৰুত্ব দিয়া হয়৷ ১ এজন ব্যক্তিয়ে সিদ্ধান্ত-বিৰোধী প্ৰতি-যুক্তিসমূহক নাকচ কৰি নিজৰ মূল্যবোধ, বিশ্বাস আৰু পূৰ্ব-আৰোপিত জ্ঞানক সমৰ্থন কৰা সিদ্ধান্ত এটাক গ্ৰহণ কৰাৰ সম্ভাৱনা বেছি৷ ২ বিশ্বাস পক্ষপাতিতা হৈছে সততে দৃষ্টিগোচৰ হোৱা সাধাৰণ পক্ষপাতিতা আৰু এটা বিশেষ ত্ৰুটি৷ আমি সহজতেই নিজৰ বিশ্বাসৰ দ্বাৰা অন্ধ হ'ব পাৰোঁ আৰু এটা অশুদ্ধ সিদ্ধান্তত উপনীত হ'ব পাৰোঁ৷ একাধিক যুক্তিনিৰ্ভৰ কাৰ্যত বিশ্বাস পক্ষপাতিতাই গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে; যেনে-চৰ্তযুক্ত যুক্তিবাদ (conditional reasoning)৩, সম্পৰ্ক যুক্তিবাদ(relation reasoning),৪ আৰু সকৰ্মক যুক্তিবাদ (transitive reasoning)৫
ছিলোছিজম (syllogism)
ছিলোছিজম হৈছে এক প্ৰকাৰৰ যৌক্তিক বক্তব্য য'ত দুটা বা ততোধিক আধাৰৰ (Premise) ওপৰত ভিত্তি কৰি এটা সিদ্ধান্ত নিৰ্মাণ কৰা হয়৷ তলত দুটামান উদাহৰণ দিয়া হৈছে-
সকলো মানুহেই মৰণশীল৷ (প্ৰধান আধাৰ) ছক্ৰেটিছ এজন মানুহ৷ (গৌণ আধাৰ) সেয়েহে, ছক্ৰেটিছ মৰণশীল৷ (সিদ্ধান্ত)
অবৈধ ছিলোছিজমৰ এটা উদাহৰণ হৈছে:
সকলো কিশোৰীয়েই উচ্চাকাংক্ষী৷ কিশোৰীসকল অধ্যয়নত পৰিশ্ৰমী৷ তেওঁলোক অধ্যয়নত পৰিশ্ৰমী, কাৰণ তেওঁলোক উচ্চাকাংক্ষী৷
একাধিক অধ্যয়নত দেখা গৈছে যে, ছিলোজিছমৰ ক্ষেত্ৰত অধিকসংখ্যক অংশগ্ৰহণকাৰীয়েই আধাৰৰ ওপৰত নিৰ্মাণ কৰা সিদ্ধান্ত এটাক অশুদ্ধভাৱে চিনাক্ত কৰে৷ ১ বাস্তৱ পৃথিৱীত এটা কথা সত্য হ'ব পাৰে যে, (ক) কিশোৰীসকলে অধ্যয়ন কৰে আৰু (খ) কাৰণ তেওঁলোক উচ্চাকাংক্ষী৷ পিছে এই বক্তব্যটোত এটা আঁসোৱাহ আছে; কিয়নো সিদ্ধান্তটো আধাৰৰ জৰিয়তে সমৰ্থিত নহয়৷ বক্তব্যৰ বৈধতাটো সিদ্ধান্তৰ সত্যতাৰ পৰা স্বাধীন৷ অসত্য সিদ্ধান্তৰ বাবে বৈধ বক্তব্য থাকিব পাৰে আৰু শুদ্ধ সিদ্ধান্তৰ বাবে অবৈধ বক্তব্য থাকিব পাৰে৷ সেয়েহে, সিদ্ধান্তৰ গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি বক্তব্য এটাৰ বৈধতা বিচাৰ কৰাটো ত্ৰুটিপূৰ্ণ৷ এই ত্ৰুটিকেই বিশ্বাস পক্ষপাতিতা হিচাপে নামকৰণ কৰা হৈছে৷ ১
বিশ্বাস পক্ষপাতিতা আৰু সময়
২০০৫ চনত ইভানছ আৰু হমছৰ তত্ত্বাৱধানত এটা বিশেষ অধ্যয়ন সম্পন্ন হয়৷৬ তেওঁলোকে দুটা বিশেষ গোট নিয়োগ কৰি যুক্তিসংগত এলানি প্ৰশ্ন তেওঁলোকৰ সমুখত উত্থাপন কৰিলে৷ এটা গোটক উত্তৰ দিবলৈ মাথোঁ দুই ছেকেণ্ড সময় দিয়া হ'ল৷ আনহাতে আনটো গোটক পৰ্যাপ্ত সময় দিয়া হ'ল৷ ফলাফল আহিলত দেখা গ'ল যে, দুই ছেকেণ্ড সময়ৰ গোটটোৱে দাখিল কৰা অধিকসংখ্যক প্ৰশ্নতেই অশুদ্ধ৷ কিন্তু পৰ্যাপ্ত সময় দিয়া গোটটোত অশুদ্ধতাৰ সংখ্যা কম৷ পৰীক্ষকদ্বয়ে সৰ্বশেষত জনালে যে-এইয়া হৈছে যৌক্তিকতাৰ পৰিৱৰ্তে বিশ্বাস-নিৰ্ভৰ চিন্তনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰিণতি৷
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Robert J. Sternberg; Jacqueline P. Leighton. (2004). The Nature of Reasoning. Cambridge University Press. পৃ. 300. ISBN 978-0-521-00928-7
- ↑ Evans, Jonathan; Newstead, Stephen; Byrne, Ruth. (1993). Human Reasoning: The Psychology of Deduction. Lawrence Erlbaum Associates, Publishers. পৃ. 243. ISBN 9780863773136
- ↑ Evans, Jonathan St. B. T.; Handley, Simon J.; Bacon, Alison M. (2009-01-01). Reasoning Under Time Pressure. Experimental Psychology. পৃ. 77–83
- ↑ Andrews, Glenda. (2010-10-01). Belief-based and analytic processing in transitive inference depends on premise integration difficulty. Memory & Cognition. পৃ. 928–940
- ↑ Roberts, Maxwell J.; Sykes, Elizabeth D. A. (2003-01-01). Belief bias and relational reasoning. The Quarterly Journal of Experimental Psychology Section A. পৃ. 131–154
- ↑ Evans, Jonathan St B. T.; Curtis-Holmes, Jodie. (2005-09-01). Rapid responding increases belief bias: Evidence for the dual-process theory of reasoning. Thinking & Reasoning. পৃ. 382–389
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বাস পক্ষপাতিতা” প্ৰবন্ধৰ সংশোধন ৬২৪৩২১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।