অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জ’হাৰি ৱিনড’

জ’হাৰি ৱিনড’ হৈছে নিজৰ লগতে আনৰ সৈতে এজন মানুহৰ সম্পৰ্কৰ কথা বুজিবলৈ ব্যৱহাৰ কৰা এক নক্সা বা আহিলা। এই নক্সাই আত্মসচেতনতা আৰু ব্যক্তিত্ব বিকাশৰ জৰিয়তে পাৰস্পৰিক সম্পৰ্ক, গোট এটাৰ আভ্যন্তৰীন বুজাবুজি আৰু আন্তঃগোট সম্পৰ্ক উন্নত কৰাত সহায় কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৬৪ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জ’হাৰি ৱিনড’ হৈছে নিজৰ লগতে আনৰ সৈতে এজন মানুহৰ সম্পৰ্কৰ কথা বুজিবলৈ ব্যৱহাৰ কৰা এক নক্সা বা আহিলা। এই নক্সাই আত্মসচেতনতা আৰু ব্যক্তিত্ব বিকাশৰ জৰিয়তে পাৰস্পৰিক সম্পৰ্ক, গোট এটাৰ আভ্যন্তৰীন বুজাবুজি আৰু আন্তঃগোট সম্পৰ্ক উন্নত কৰাত সহায় কৰে। আমেৰিকাৰ দুজন মনস্তত্ববিদ জোচেফ লাফ্ট (১৯১৬-২০১৪) আৰু হেৰিংটন ইংঘামে (১৯১৪-১৯৯৫) জ’হাৰি ৱিনড’ৰ প্ৰৱৰ্তন কৰিছিল।১ জ’হাৰি নামটো তেওঁলোক দুয়োৰে নামৰ প্ৰথম অংশ একত্ৰিত কৰি ৰখা হৈছে।

প্ৰায়োগিক ক্ষেত্ৰত এজন লোকক বিশেষণৰ বা দোষ-গুণৰ এখন তালিকা দিয়া হয় আৰু তাৰ মাজৰ পৰা কিছুমান বিশেষণ বাছি ল'বলৈ দিয়া হয় যি তেওঁৰ ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে। আনহাতে সেই ব্যক্তিজনৰ সংগীসকলকো একেখন তালিকা দিয়া হয় আৰু ইয়াৰ মাজৰ পৰা প্ৰত্যেকে উক্ত ব্যক্তিজনৰ ব্যক্তিত্ব প্ৰতিফলন কৰা বিশেষণ নিৰ্বাচন কৰিব লাগে। ইয়াৰ পিছত এই বিশেষণসমূহ বিশ্লেষণ কৰা হয়। ২

জ’হাৰি ৱিনড’ত মূলতঃ চাৰিটা ভাগ থাকে। এইকেইটা হৈছে:

  1. মুক্ত (Open or Arena): এই ভাগটোত উক্ত ব্যক্তিগৰাকী আৰু তেওঁৰ সংগী উভয় পক্ষৰে নিৰ্বাচিত অৰ্থাৎ উমৈহতীয়া বিশেষণসমূহ ৰখা হয়। গতিকে এই ভাগটোত এনে বৈশিষ্ট্য বা গুণসমূহ অন্তৰ্ভুক্ত কৰা হয় যাৰ বিষয়ে ব্যক্তিগৰাকী নিজে আৰু তেওঁৰ সংগীসকল অৱগত।নতুন একোটা গোটত সাধাৰণতে গোটৰ সদস্যসকলৰ মুক্ত অঞ্চল তুলনামূলকভাৱে সৰু হয়। গোট এটাত সদস্যসকলৰ মুক্ত অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হয়। কিয়নো বৃহৎ পৰিসৰৰ মুক্ত অঞ্চলে পাৰস্পৰিক বুজাবুজিৰ মাত্ৰা বৃদ্ধি কৰে আৰু ফলস্বৰূপে গোটটো অধিক উৎপাদনক্ষম হয়।
  2. অন্ধ (Blind): এই ভাগটোত কেৱল সংগীসকলে নিৰ্বাচন কৰা বিশেষণসমূহ ৰখা হয় আৰু ই ব্যক্তিগৰাকীয়ে নিজৰ বিষয়ে নিজে নজনা দিশটো প্ৰতিনিধিত্ব কৰে।
  3. নিভৃত (Hidden or Façade): এই ভাগটোত কেৱল অৱতীৰ্ণ ব্যক্তিগৰাকীয়ে নিৰ্বাচন কৰা বিশেষণসমূহ ৰখা হয় আৰু ই ব্যক্তিগৰাকীৰ আনে নজনা দিশটো প্ৰতিনিধিত্ব কৰে।
  4. অজ্ঞ/অজ্ঞাত (Unknown): যিকেইটা বিশেষণ দুয়োপক্ষৰে পৰাই নিৰ্বাচিত কৰা নহয় সেইকেইটাক এই ভাগটোত ৰখা হয় আৰু ই ব্যক্তিজনৰ উন্মোচিত নোহোৱা দিশটো প্ৰতিনিধিত্ব কৰে।
''জ'হাৰি ৱিনড'''ৰ সম্পূৰ্ণ নক্সা। ইয়াত কিদৰে মুক্ত অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি সেয়া দেখুওৱা হৈছে।
জ'হাৰি ৱিনড'ৰ সম্পূৰ্ণ নক্সা। ইয়াত কিদৰে মুক্ত অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি সেয়া দেখুওৱা হৈছে।ছবি: Chiring chandan · CC BY-SA 4.0

সাধাৰণতে গোট এটাৰ সদস্য আৰু নেতৃত্বই অধিক উৎপাদন ক্ষমতা লাভৰ কাৰণে অন্ধ, নিভৃত আৰু অজ্ঞাত অঞ্চলকেইটাৰ পৰিসৰ হ্ৰাস কৰি মুক্ত অঞ্চলটোৰ পৰিৱৰ্দ্ধন কৰিবৰ বাবে যত্ন কৰে। পাৰস্পৰিক বাৰ্তালাপ আৰু প্ৰশ্নোত্তৰৰ যোগেদি মুক্ত অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি।

জ’হাৰি বিশেষণসমূহ

জ’হাৰি ৱিনড’ত সক্ষম, সাহসী, শান্ত, আনন্দমুখৰ, যুক্তিবাদী, লাজকুৰীয়া, বিশ্বাসী আদি ৫৫ টা বিশেষণ বা বৈশিষ্ট্য থাকে যি অংশগ্ৰহনকাৰীজনৰ সম্ভৱপৰ বিশেষত্ব বা দোষ-গুণসমূহ প্ৰতিফলিত কৰে।৩

তথ্য সংগ্ৰহ

  • Luft, Joseph. (1972). Einfuhrung in die Gruppendynamik. Klett
  • Hase, Steward; Alan Davies; Bob Dick. (1999). The Johari Window and the Dark Side of Organisations. Southern Cross University
  • Handy, Charles. (2000). 21 Ideas for Managers. Jossey-Bass. ISBN 0-14-027510-X

তথ্যসূত্ৰ

  1. ↑ Luft, J.; Ingham, H. (1955). The Johari window, a graphic model of interpersonal awareness. Proceedings of the western training laboratory in group development. University of California, Los Angeles
  2. ↑ Luft, Joseph. (1969). Of Human Interaction. National Press. পৃ. 177
  3. ↑ Staff (undated). Johari Window. kevin.org

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ’হাৰি ৱিনড’” প্ৰবন্ধৰ সংশোধন ৬৩১৫১৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।