অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মকৰ ক্ৰান্তি

মকৰ ক্ৰান্তি (Tropic of Capricorn) হ’ল দক্ষিণ গোলাৰ্ধ তথা বিষুৱ ৰেখাৰ পৰা দক্ষিণে ২৩.৫ ডিগ্ৰী অক্ষাংশত অংকন কৰা এক কাল্পনিক ৰেখা। পৃথিৱীয়ে আগবাঢ়ি গৈ থাকোঁতে এই মকৰ ক্ৰান্তিৰ ওপৰত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে; যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। ই সূৰ্যৰ দক্ষিণায়ণৰ শেষ সীমা।

হালনাগাদ: ৩ ফেব্ৰুৱাৰী ২০২৩ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
Relationship of Earth's axial tilt (ε) to the tropical and polar circles
Relationship of Earth's axial tilt (ε) to the tropical and polar circlesছবি: cmglee, NASA · Public domain

মকৰ ক্ৰান্তি (Tropic of Capricorn) হ’ল দক্ষিণ গোলাৰ্ধ তথা বিষুৱ ৰেখাৰ পৰা দক্ষিণে ২৩.৫ ডিগ্ৰী অক্ষাংশত অংকন কৰা এক কাল্পনিক ৰেখা। পৃথিৱীয়ে আগবাঢ়ি গৈ থাকোঁতে এই মকৰ ক্ৰান্তিৰ ওপৰত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে; যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। ই সূৰ্যৰ দক্ষিণায়ণৰ শেষ সীমা। মকৰ ক্ৰান্তি ৰেখাৰ সমমান উত্তৰ গোলাৰ্ধত কৰ্কট ক্ৰান্তি কল্পনা কৰা হৈছে।

মকৰ ক্ৰান্তি ৰেখা পৃথিৱীৰ মানচিত্ৰত অংকন কৰা পাঁচডাল প্ৰধান কাল্পনিক অক্ষৰেখাৰ ভিতৰত এডাল। ইয়াৰ অক্ষাংশ বৰ্তমান বিষুৱৰেখাৰ দক্ষিণে ২৩°২৬′১০.৯′′ (বা ২৩.৪৩৬৩৫°),১ কিন্তু ই বৰ্তমান প্ৰতি বছৰে ০.৪৭ আৰ্কছেকেণ্ড বা ১৫ মিটাৰ হাৰত অতি ক্ৰমান্বয়ে উত্তৰ দিশলৈ গতি কৰি আছে।

বিশ্বৰ ৩% তকৈও কম জনসংখ্যা ইয়াৰ দক্ষিণে বাস কৰে; ই দক্ষিণ গোলাৰ্ধৰ জনসংখ্যাৰ প্ৰায় ৩০% ৰ সমতুল্য।

ভূগোল আৰু পৰিৱেশ

মকৰ ক্ৰান্তি হৈছে দক্ষিণ নাতিশীতোষ্ণ অঞ্চল আৰু উত্তৰে ক্ৰান্তীয় অঞ্চলৰ মাজৰ বিভাজন ৰেখা। উত্তৰ গোলাৰ্ধত মকৰ ক্ৰান্তিৰ সমতুল্য হৈছে কৰ্কট ক্ৰান্তি।

বিশ্বজুৰি

প্ৰাইম মেৰিডিয়ানৰ পৰা পূবলৈ মকৰ ক্ৰান্তিয়ে ১০খন দেশৰ মাজেৰে পাৰ হৈ যায়:

স্থানাংকদেশ, ভূখণ্ড বা মহাসাগৰটোকা
আটলাণ্টিক মহাসাগৰ
Erongo, Khomas, Hardap, Khomas (again), and Omaheke regions
Kgalagadi, Kweneng and Central districts
Limpopo Province
Gaza and Inhambane provinces
ভাৰত মহাসাগৰMozambique Channel
Toliara and Fianarantsoa provinces
ভাৰত মহাসাগৰ
Western Australia, Northern Territory and Queensland
প্ৰশান্ত মহাসাগৰCoral Sea Passing just south of Cato Reef in 's Coral Sea Islands Territory
Passing just north of the Minerva Reefs, and just south of Tubuai
Antofagasta Region
Jujuy, Salta, Jujuy (again), Salta (again) and Formosa provinces
Boquerón, Presidente Hayes, Concepción, San Pedro and Amambay departments
Mato Grosso do Sul, Paraná, and São Paulo states
আটলাণ্টিক মহাসাগৰ

মকৰ ক্ৰান্তিৰ সম্পূৰ্ণ দক্ষিণে থকা দেশসমূহৰ তালিকা

পৃথিৱীৰ বেছিভাগ ঠাই উত্তৰ গোলাৰ্ধত আছে বাবে মাত্ৰ চাৰিখন দেশহে মকৰ ক্ৰান্তিৰ সম্পূৰ্ণ দক্ষিণে আছে-

  • এছৱাটিনি (পূৰ্বতে চুইজাৰলেণ্ড)
  • লেচোথো
  • নিউজিলেণ্ড
  • উৰুগুৱে

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ obliquity of the ecliptic (Eps Mean)

সম্পৰ্কিত শ্ৰেণী

ভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মকৰ ক্ৰান্তি” প্ৰবন্ধৰ সংশোধন ৩৪৪০০৩ (৩ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।