মীৰা ঠাকুৰ ভাৰতৰ বিহাৰৰ এগৰাকী শিল্পী। তেওঁ চিকি ঘাঁহৰ শিল্পকলাৰ সাধনা কৰে আৰু শিকায় ৷ তেওঁ ইউনেস্কোৰ পৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ মোহৰ আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে ৷
কেৰিয়াৰ
মীৰা ঠাকুৰৰ জন্ম হৈছিল ভাৰতৰ বিহাৰৰ মধুবনীৰ উমৰিত। চাৰি বছৰ বয়সতে তেওঁ মাকৰ পৰা চিকি ঘাঁহৰ শিল্প শিকিবলৈ আৰম্ভ কৰে, ইয়াৰে তেওঁলোকে বিভিন্ন অলংকাৰ, ফুলদানি আৰু বাকচ তৈয়াৰ কৰে। ১ ছিক্কি হৈছে কেৱল বিহাৰ আৰু উত্তৰ প্ৰদেশত পোৱা এবিধ ঘাঁহ, ইয়াৰপৰা সোণালী ৰঙৰ আঁহ উলিয়াব পাৰি। ২ ঠাকুৰে মধুবনীতে থাকি হস্তকলা বিকাশ কেন্দ্ৰ চলায়। এই সংস্থাই সমাজ তথা পৰিয়ালৰ পৰা বঞ্চিত মহিলাসকলক শিল্পকৰ্মৰ প্ৰশিক্ষণ দিয়ে। ২ ৩ ইয়াৰ দ্বাৰা লোক কলা হস্তশিল্প প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছে। ৪
বঁটা আৰু স্বীকৃতি
দিল্লী ক্ৰাফ্ট কাউন্সিলে তেওঁক ১৯৮৮ চনৰ ৫ বাল শিল্পী আৰ্টিষ্ট বঁটা প্ৰদান কৰে আৰু ২০০৫ চনত ইউনেস্কোৰ পৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ মোহৰ লাভ কৰে। ৬ ২০২২ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত তেওঁক নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰা হয় ৭
তথ্যসূত্ৰ
- ↑ Dhiman, Ramesh K. (16 December 2005). Lifestyle. The Tribune
- ↑ Bhatia, Gaurav. (3 December 2012). Creations of sikki grass draw visitors. The Times of India
- ↑ (9 March 2022). 29 get Nari Shakti Awards. The Tribune
- ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle
- ↑ (11 March 2022). मधुबनी की मीरा को राष्ट्रपति ने किया सम्मानित, यूनेस्को सील ऑफ एक्सीलेंस अवॉर्ड मिला था 2005 में. Bihar Express
- ↑ Dhiman, Ramesh K. (16 December 2005). Lifestyle. The Tribune
- ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫৩৭৯০৪ (৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।