শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী এক ধৰণৰ হস্তশিল্প যাৰ উৎস পশ্চিমবংগ ৰাজ্যৰ বীৰভূম জিলাৰ শান্তিনিকেতন।১ এই চৰ্মজাত সামগ্ৰীবোৰ অতি ৰঙীন বুটাকৰা অথবা বিভিন্ন নক্সাযুক্ত হয়।২ শান্তিনিকেতনী চৰ্মজাত দ্ৰব্যৰ প্ৰধান বৈশিষ্ট্য হ'ল ই সুন্দৰ ৰঙৰ লৈখিক নক্সাযুক্ত। ৰঙীন নক্সাবোৰ, শুকান শস্যৰ বীজৰ পৰা উৎপন্ন ৰঙৰ সাহায্যত কৰা হয় যি এইজাতীয় সামগ্ৰীত অলংকৰণৰ পক্ষে বিশেষভাৱে উপযুক্ত।২ শস্যৰ বীজৰ পৰা এইপ্ৰকাৰপ ৰং আৰু অলংকৰণৰ পদ্ধতিক E.I.Tanning পদ্ধতি বোলা হয়।৩ এই হস্তশিল্পই ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইংগিত দিয়ে।৪৫
ইতিহাস
শান্তিনিকেতনে চৰ্ম-শিল্পৰ এই ঐতিহ্যৰ লগত ন'বেল বিজয়ী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ এক যোগসূত্ৰ আছে। শান্তিনিকেতনৰ বিশ্বভাৰতী বিদ্যালয়ত সৃজনশীল আৰু বস্তুধৰ্মী শিক্ষাব্যৱস্থাৰ প্ৰচলন আছিল যি গতানুগতিক শিক্ষা পদ্ধতিৰ তুলনাত গুৰুত্বপূৰ্ণ আছিল।২ শান্তিনিকেতন তথা বোলপুৰত ভাৰতীয় কাৰিকৰী শিল্প আন্দোলনৰ সূচনা হৈছিল ৰবীন্দ্ৰনাথ আৰু তেওঁৰৰ পুত্ৰ ৰথীন্দ্ৰনাথ ঠাকুৰৰ সুযোগ্য নেতৃত্বত প্ৰায় ৮০বছৰ পূৰ্বে। এই কাৰিকৰী শিক্ষাৰ অন্যতম আছিল চৰ্মশিল্প। বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ এই সম্পৰ্কীত বিভাগটো 'শিল্প সদন' নামে পৰিচিত।৬৭৩
এই চৰ্মশিল্পৰ ঐতিহ্যৰ উন্নয়নৰ লগত জড়িত অন্য এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হ'ল 'আমাৰ কুটিৰ'।৮ ১৯২৬ খ্ৰীষ্টাব্দত, স্বাধীনতা সংগ্ৰামী শ্ৰী সুশেন মুখাৰ্জ্জীয়ে আমাৰ কুটিৰ ছ'ছাইটি স্থাপন কৰে, প্ৰাক- স্বাধীনতাৰ সময়ৰ মুক্ত ৰাজনৈতিক জেলবন্দীসকলৰ আশ্ৰয় আৰু কৰ্মসংস্থানৰ বাবে।৯ কিন্তু তৎকালীন ব্ৰিটিছ চৰকাৰে এই সংগঠনক নিষিদ্ধ কৰে। স্বাধীনতাৰ পৰৱৰ্তীকালত, আমাৰ কুটিৰ ছছাইটি এই চৰ্মজাত সামগ্ৰী আৰু অন্যান্য হস্তশিল্পৰ উৎকৰ্ষৰ কাৰণে সুপৰিচিত হয়।১০
অভিনৱত্ব
শান্তিনিকেতনত উৎপাদিত সামগ্ৰীৰ এটি অসাধাৰণ বৈশিষ্ট্য হ'ল ইয়াৰ অলংকৰণত ১৯২০ খ্ৰীষ্টাব্দত পূৰ্বদেশীয় জাভা আৰু বালিৰ পৰা আমদানিকৃত নক্সা ব্যবহৃত হয়। এই নক্সাত এক অনবদ্য শিল্পশৈলীৰ লগতে চিৰন্তনতা আৰু ঐতিহ্যৰ ছাঁ লক্ষ কৰা যায়।১০ এই শিল্পই চিৰন্তন আৰু লোকশিল্পৰ এক চমৎকাৰী আৰ্হি প্ৰদৰ্শিত কৰে। চিৰন্তন চিত্ৰায়নৰ মাজত যিদৰে দেখা যায় হৰিণাৰ সৈতে শকুন্তলাৰ বনচাৰিণী দৃশ্য, সেইদৰে লোকশিল্পৰ চিত্ৰায়নত লক্ষ্য কৰা যায় সনাতনী চাঁওতালী প্ৰথাৰ উপস্থিতি।
শান্তিনিকেতনৰ চৰ্মজাত সামগ্ৰী সমূহ
চৰ্মজ দ্ৰব্যৰ বিপুল সম্ভাৰে শান্তিনিকেতনৰ চৰ্মজাত শিল্পকৰ্মক সমৃদ্ধ কৰিছে, যেনে-১০
- টকা থোৱা মোনা
- হাত মোনা
- মুদ্ৰা অথবা কইন থোৱা মোনা
- গহনাৰ বাকচ
- মহিলাসকলে কান্ধত লোৱা মোনা
- ভেনিটি বেগ
- কলম আৰু পেঞ্চিল বাকচ
- চশমা থোৱা খাপ; ইত্যাদি।
তথ্যসূত্ৰ
- ↑ 'Five decades of leather: a journey down memory lane'(1995)
- ↑ 'Diagnostic Study Report for Leather Goods Cluster, Santiniketan'
- ↑ 'Santiniketan Leather Goods Cluster Information Sheet'
- ↑ Registration Details Of G.I Applications,2003 – 22nd November 2011
- ↑ Business Standard 'Bengal's index of industrial production higher: Mitra', November 24, 2013
- ↑ Official Website of Birbhum District 'Santiniketan-Bolpur'
- ↑ Basak, Tapan Kumar, 'Rabindranath-Santiniketan-Sriniketan, An Introduction', pp. 6– 8, BB Publication
- ↑ Amar Kutir
- ↑ Social Work and Global Recovery
- ↑ 'Santiniketan Artistic Leather Products Overview'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী” প্ৰবন্ধৰ সংশোধন ৫০৬৫৯৬ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।