অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১৭ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ভোটদান হোৱা এই নিৰ্বাচনটোত ৫২০খন এজনীয়া সদস্যৰ আসনে ভাৰতৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। বিগত নিৰ্বাচনটোতকৈ আসনৰ সংখ্যা ২খন বৃদ্ধি পাইছিল।

হালনাগাদ: ১৯ নৱেম্বৰ ২০২৩ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১৭ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ভোটদান হোৱা এই নিৰ্বাচনটোত ৫২০খন এজনীয়া সদস্যৰ আসনে ভাৰতৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। বিগত নিৰ্বাচনটোতকৈ আসনৰ সংখ্যা ২খন বৃদ্ধি পাইছিল।১ ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ ৫৪% আসন লাভ কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে ক্ষমতালৈ আহিছিল; আনহাতে অন্য ৰাজনৈতিক দলবোৰে ১০%তকৈ বেছি আসন বা ভোট লাভ কৰা নাছিল। জৱাহৰলাল নেহৰুৰ নেতৃত্বত পূৰ্বৰ তিনিটা লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ফলৰ তুলনাত এই নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ফল লক্ষণীয়ভাবে নিম্নস্তৰৰ আছিল। ১৯৬৭ত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ নিম্ন আছিল। ৩য় পঞ্চবাৰ্ষিক পৰিকল্পনাত (১৯৬১-৬৬) বাৰ্ষিক বিকাশৰ লক্ষ্য আছিল ৫.৬%। কিন্তু প্ৰকৃত বিকাশৰ হাৰ আছিল মাত্ৰ ২.৪%হে। ১৯৬৫ৰ ভাৰত-পাক যুদ্ধই লালবাহাদুৰ শাস্ত্ৰী চৰকাৰৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। কিন্তু ইয়াৰ আগৰ ১৯৬২ৰ ভাৰত-চীন যুদ্ধকে ধৰি এই যুদ্ধই অৰ্থনীতিত বেয়া প্ৰভাৱ পেলাইছিল। কংগ্ৰেছৰ মাজত অভ্যন্তৰীণ বিবাদে দেখা দিছিল। নেহৰু আৰু শাস্ত্ৰীৰ দৰে দুগৰাকী জনপ্ৰিয় নেতাৰ মৃত্যু হৈছিল। শাস্ত্ৰীৰ মৃত্যুৰ পাছত ইন্দিৰা গান্ধীয়ে চৰকাৰৰ নেতৃত্ব লাভ কৰিছিল যদিও আন এজন প্ৰধানমন্ত্ৰীৰ পদ প্ৰয়াসী মোৰাৰজী দেশাইৰ সৈতে সংঘাত তুঙ্গত উঠিছিল।২

কংগ্ৰেছৰ ক্ৰমহ্ৰাসমান জনপ্ৰিয়তা ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনতো প্ৰতিফলিত হৈছিল। ১৯৬৭ চনত কংগ্ৰেছে ৬খন ৰাজ্যত ক্ষমতা হেৰুৱাবলগীয়া হৈছিল। গান্ধীৰ সৈতে কংগ্ৰেছৰ দলীয় নেতৃবৃন্দৰ মতবিৰোধ হৈছিল আৰু ইয়াৰ ফলত ১৯৬৯ত কংগেছ দল দুইভাগত বিভক্ত হৈছিল।২

ফলাফল

__NOTOC__

দলভিত্তিক ফলাফল

লোকসভা নিৰ্বাচন ১৯৬৭সংক্ষিপ্ত ৰূপ%জয়লাভ (মুঠ 520)
ভাৰতীয় জনসংঘBJS9,3135
ভাৰতীয় কমিউনিষ্ট পাৰ্টিCPI5,1123
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)CPI(M)4,2819
ভাৰতীয় জাতীয় কংগ্ৰেছINC40,78283
প্ৰজা চোচিয়েলিষ্ট পাৰ্টিPSP3,0613
সংযুক্ত চোচিয়েলিষ্ট পাৰ্টিSSP4,9223
স্বতন্ত্ৰ পাৰ্টিSP8,6744
আকালী দল- মাষ্টাৰ তাৰা সিংADM0,130
আকালী দল- সন্ত ফটেহ সিংADS0,663
ফৰৱাৰ্ড ব্লকAIFB0,432
বাংলা কংগ্ৰেছBC0,835
দ্ৰাবিড়া মন্নেত্ৰা কাঝাগমDMK3,7925
ডেমোক্ৰেটিক নেচনেল কনফাৰেঞ্চDNC0,020
ইণ্ডিয়ান ইউনিয়ন মুচলিম লিগIUML0,282
কেৰালা কংগ্ৰেছKC0,220
নাগা নেচনেলিষ্ট অৰ্গেনাইজেচনNNO0,000
পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ্ পাৰ্টি অৱ ইণ্ডিয়াPWPI0,712
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াRPI2,471
ইউনাইটেড গোৱানচ্ পাৰ্টি (ফাৰটেড' গোট)UG(F)0,000
ইউনাইটেড গোৱানচ্ পাৰ্টি (চেকুৱেৰা গোট)UG(S)0,071
জনক্ৰান্তি দলJKD0,131
জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চNC0,141
নিৰ্দলীয়-13,7835
ইংগ-ভাৰতীয় মনোনীত সদস্য--2

তথ্যসূত্ৰ

  1. ↑ General Election of India 1967, 4th Lok Sabha. Election Commission of India. পৃ. 5
  2. ↑ (Jun 2, 1970). politics since independence. The Age

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাধাৰণ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৩৯২৫৫৫ (১৯ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।