১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে তিনিটা প্ৰৰ্যায়ত ২৪, ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। আভ্যন্তৰীণ অশান্তিৰ বাবে মিজোৰাম, পাঞ্জাব আৰু অসমত অষ্টম লোকসভা গঠনৰ বাবে অনুষ্ঠিত কৰা এই নিৰ্বাচন দহমান পলমকৈ হৈছিল।১
ইন্দিৰা গান্ধীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে সমগ্ৰ দেশজুৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সপক্ষে সহানুভূতিৰ ঢৌ বৈছিল। যাৰ ফল দেখা গৈছিল এই নিৰ্বাচনটোত। ১৯৮৪ চনত হোৱা নিৰ্বাচনত দলটোৱে ৫১৪খনৰ ভিতৰত ৪০৪খন আসনেই লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৫ চনত পাঞ্জাব আৰু অসমত পলমকৈ অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছে আৰু ১০খন আসন লাভ কৰিছিল। এন টি ৰামাৰাও নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশমে লোকসভাৰ ৩০খন আসন পাই দ্বিতীয় স্থানত অৱস্থান কৰিছিল।২
প্ৰথমবাবৰৰ বাবে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নৱগঠিত ভাৰতীয় জনতা পাৰ্টীয়ে ১৯৮৪ৰ সাধাৰণ নিৰ্বাচনত হনামকোণ্ডা আৰু মহচানা – এই দুখন লোকসভা আসনত বিজয়ী হৈছিল।২
দলভিত্তিক ফলাফল
| ক্ৰমিক নং | দল | সংক্ষিপ্ত নাম | দলৰ স্থিতি | লাভ কৰা আসন | +/– |
|---|---|---|---|---|---|
| ১ | ভাৰতীয় জনতা পাৰ্টী | BJP | ৰাষ্ট্ৰীয় দল | ২ | নতুন |
| ২ | কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া | CPI | ৰাষ্ট্ৰীয় দল | ৬ | -৪ |
| ৩ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | CPM | ৰাষ্ট্ৰীয় দল | ২২ | -১৫ |
| ৪ | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) | ICS | ৰাষ্ট্ৰীয় দল | ৪ | নতুন |
| ৫ | ভাৰতীয় জাতীয় কংগ্ৰেছ | INC | ৰাষ্ট্ৰীয় দল | ৪০৪ | +৫১ |
| ৬ | জনতা পাৰ্টি | JNP | ৰাষ্ট্ৰীয় দল | ১০ | -২১ |
| ৭ | লোকদল | LKD | ৰাষ্ট্ৰীয় দল | ৩ | নতুন |
| ৮ | অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম | ADK | ৰাজ্যিক দল | ১২ | +১০ |
| ৯ | দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম | DMK | ৰাজ্যিক দল | ২ | -১৪ |
| ১০ | অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক | FBL | ৰাজ্যিক দল | ২ | -১ |
| ১১ | ইণ্ডিয়ান কংগ্ৰেছ (জে) | ICJ | ৰাজ্যিক দল | ১ | নতুন |
| ১২ | অল ইণ্ডিয়া মুছলিম লীগ | IML | ৰাজ্যিক দল | ||
| ১৩ | জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেনছ্ | JKN | ৰাজ্যিক দল | ৩ | ০ |
| ১৪ | জম্মু এণ্ড কাশ্মীৰ পিপ’লছ্ কনফাৰেঞ্চ | JKP | ৰাজ্যিক দল | ||
| ১৫ | কেৰালা কংগ্ৰেছ (জে) | KCJ | ৰাজ্যিক দল | ২ | |
| ১৬ | কেৰালা কংগ্ৰেছ | KEC | ৰাজ্যিক দল | ০ | |
| ১৭ | মহাৰাষ্ট্ৰ গোমন্তক পাৰ্টি | MAG | ৰাজ্যিক দল | ০ | ০ |
| ১৮ | মণিপুৰ পিপ’লছ্ পাৰ্টি | MRP | ৰাজ্যিক দল | ০ | ০ |
| ১৯ | মুছলীম লীগ | MUL | ৰাজ্যিক দল | ২ | |
| ২০ | নাগা নেচনেল ডেমোক্ৰেটিক পাৰ্টি | NND | ৰাজ্যিক দল | ০ | |
| ২১ | পিপ’লছ্ পাৰ্টি অফ অৰুণাচল | PPA | ৰাজ্যিক দল | ০ | নতুন |
| ২২ | পিজেণ্টছ্ এণ্ড ৱাৰ্কাৰ্ছ পাৰ্টি অফ ইণ্ডিয়া | PWP | ৰাজ্যিক দল | ১ | |
| ২৩ | ৰিভ’লুশ্যনাৰী ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত) | RSP | ৰাজ্যিক দল | ৩ | -১ |
| ২৪ | তেলেগু দেশম | TDP | ৰাজ্যিক দল | ৩০ | নতুন |
| ২৫ | দূৰদৰ্শী পাৰ্টি | DDP | পঞ্জীভূক্ত দল | ||
| ২৬ | গান্ধী কামৰাজ নেচনেল কংগ্ৰেছ | GKC | পঞ্জীভূক্ত দল | ০ | |
| ২৭ | ঝাৰখণ্ড পাৰ্টি | JKD | পঞ্জীভূক্ত দল | ০ | |
| ২৮ | ঝাৰখণ্ড মুক্তি মৰ্চা | JMM | পঞ্জীভূক্ত দল | ০ | |
| ২৯ | জম্মু এণ্ড কাশ্মীৰ পেন্থাৰ পাৰ্টি | JPP | পঞ্জীভূক্ত দল | ০ | |
| ৩০ | ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া | RPI | পঞ্জীভূক্ত দল | ০ | ০ |
| ৩১ | ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (খোব্ৰাগেড়ে) | RPK | পঞ্জীভূক্ত দল | ০ | |
| ৩২ | ছোচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া | SUC | পঞ্জীভূক্ত দল | ০ | |
| ৩৩ | তামিলনাডু কংগ্ৰেছ (কে) | TNC | পঞ্জীভূক্ত দল | ০ | |
| ৩৪ | নিৰ্দলীয় | IND | ৫ | ||
| মুঠ | ৫১৪ | –২৮ | |||
| উৎস ভাৰতৰ নিৰ্বাচন আয়োগ |
পাঞ্জাব আৰু অসমৰ বিলম্বিত নিৰ্বাচন
অশান্ত-জৰ্জৰ পৰিস্থিতিৰ বাবে ১৯৮৪ চনত অসম, মিজোৰাম আৰু পাঞ্জাব- এই তিনিখন ৰাজ্যত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। ৩১ অক্টোবৰ ১৯৮৪ত ৰাজীৱ গান্ধীয়ে ভাৰতৰ ষষ্ঠগৰাকী প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পিছত তিনিওখন ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণৰ উন্নয়নৰ বাবে তেওঁ ব্যৱস্থাৱলী হাতত লয়। ইতিমধ্যে অসম আৰু পাঞ্জাবৰ স্বাভাৱিক পৰিবেশ ঘূৰি অহাত ১৯৮৫ চনত অসমৰ ১৪খন আৰু পাঞ্জাবৰ ১৩খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়।১২
অসম
১৯৮৫ৰ ১৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অসমৰ ১৪খন আসনৰ ৪খন ভাৰতীয় জাতীয় কংগ্ৰেছে, ১খন ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)-এ, ১খন অসম ভৈয়াম জনজাতি পৰিষদে, ৭খন অসম গণ পৰিষদ সমৰ্থিত নিৰ্দলীয়ই আৰু ১খন সংযুক্ত সংখ্যালঘূ মৰ্চা সমৰ্থিত নিৰ্দলীয়ই লাভ কৰে।১২
| সমষ্টি নং | সমষ্টিৰ নাম | বিধায়কৰ নাম | ৰাজনৈতিক দল |
|---|---|---|---|
| ১ | কৰিমগঞ্জ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) | সুদৰ্শন দাস | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) |
| ২ | শিলচৰ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | স্বায়ত্ব শাসিত জিলা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) | বীৰেণ সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ধুবুৰী | আব্দুল হামিদ | নিৰ্দলীয় সংযুক্ত সংখ্যালঘূ মৰ্চা সমৰ্থিত</small> |
| ৫ | কোকৰাঝাৰ (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) | সমৰ ব্ৰহ্ম চৌধুৰী | অসম ভৈয়াম জনজাতি পৰিষদ |
| ৬ | বৰপেটা | আটাউৰ ৰহমান | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
| ৭ | গুৱাহাটী | দীনেশ গোস্বামী | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
| ৮ | মঙ্গলদৈ | চাইফুদ্দিন আহমেদ | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
| ৯ | তেজপুৰ | বিপিন পাল দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | নগাঁও | মুহিৰাম শইকীয়া | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
| ১১ | কলিয়াবৰ | ভদ্ৰেশ্বৰ তাঁতী | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
| ১২ | যোৰহাট | পৰাগধৰ চলিহা | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
| ১৩ | ডিব্ৰুগড় | হৰেণ ভূমিজ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৪ | লক্ষীমপুৰ | গকুল শইকীয়া | নিৰ্দলীয় অসম গণ পৰিষদ সমৰ্থিত |
উৎস- ভাৰতৰ নিৰ্বাচন আয়োগ
পাঞ্জাব
| সমষ্টি নং | সমষ্টিৰ নাম | বিধায়কৰ নাম | ৰাজনৈতিক দল |
|---|---|---|---|
| ১ | গুৰুদাসপুৰ | সুখবনচ্ কৌৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | অমৃতচৰ | ৰঘুনন্দন লাল ভাটিয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | তৰন-তাৰন | তাৰলোচন সিং তাৰ | শিৰোমণি আকালি দল |
| ৪ | জলন্ধৰ | ৰাজিন্দৰ সিং স্পেৰ’ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ফিলাউৰ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) | সুন্দৰ সিং | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬ | হোচিয়াৰপুৰ | কমল চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | ৰোপৰ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) | চৰণজিৎ সিং | শিৰোমণি আকালি দল |
| ৮ | পাতিয়ালা | চৰণজিৎ সিং | শিৰোমণি আকালি দল |
| ৯ | লুধিয়ানা | মেৱা সিং | শিৰোমণি আকালি দল |
| ১০ | চাংগ্ৰুৰ | বলৱন্ত সিং ৰামুৱালা | শিৰোমণি আকালি দল |
| ১১ | ভাটিন্দা (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) | তেজা সিং দাৰ্দী | শিৰোমণি আকালি দল |
| ১২ | ফৰিদকোট | শামিন্দৰ সিং | শিৰোমণি আকালি দল |
| ১৩ | ফিৰোজপুৰ | গুৰদয়াল সিং ধিলন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
উৎস- ভাৰতৰ নিৰ্বাচন আয়োগ
তথ্যসূত্ৰ
- ↑ দত্ত, দিলীপ. (১৯৯১). খোঁচা বিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, পান বজাৰ, গুৱাহাটী. পৃ. ৯৪-১০০
- ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO LOK SABHA 1985). Election Commission of india
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৩১৫৩৩১ (২৫ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।