১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দশম লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল। পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ বাদে বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৯৯১ৰ ২০ মে’, ১২ জুন আৰু ১৫ জুনত- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বিহাৰৰ দুটা আৰু উত্তৰ প্ৰদেশৰ এখন লোকসভাৰ আসনতো নিৰ্বাচন হোৱা নাছিল। পাঞ্জাবৰ ১৩খন আসনৰ বাবে নিৰ্বাচন আয়োগে পলমকৈ ১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীতহে নিৰ্বাচন পতাৰ সিদ্ধান্ত লয়। কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ভাৰতীয় জাতীয় কংগ্ৰেছে অন্যন্য দলৰ সহযোগত পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰিত্বত এখন সংখ্যালঘূ চৰকাৰ গঠন কৰে। প্ৰথম তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ আছিল ৫৬.৭৩% আৰু ই আছিল তেতিয়ালৈকে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ সৰ্বনিম্ন হাৰ।১
দলভিত্তিক ফলাফল
| ক্ৰমিক নং | দল | সংক্ষিপ্ত নাম | দলৰ স্থিতি | লাভ কৰা আসন |
|---|---|---|---|---|
| ১ | স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি | ADC | পঞ্জীভূক্ত | ১ |
| ২ | অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম | ADK | ৰাজ্যিক | ১১ |
| ৩ | অসম গণ পৰিষদ | AGP | ৰাজ্যিক | ১ |
| ৪ | ভাৰতীয় জনতা পাৰ্টী | BJP | ৰাষ্ট্ৰীয় | ১২০ |
| ৫ | বহুজন সমাজ পাৰ্টি | BSP | ৰাজ্যিক | ২ |
| ৬ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি | CPI | ৰাষ্ট্ৰীয় | ১৪ |
| ৭ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | CPM | ৰাষ্ট্ৰীয় | ৩৫ |
| ৮ | অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক | FBL | ৰাজ্যিক | ৩ |
| ৯ | হাৰিয়ানা বিকাশ পাৰ্টি | HVP | পঞ্জীভূক্ত | ১ |
| ১০ | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী-শৰৎ চন্দ্ৰ সিংহ) | ICS(SCS) | ৰাষ্ট্ৰীয় | ১ |
| ১১ | ভাৰতীয় জাতীয় কংগ্ৰেছ | INC | ৰাষ্ট্ৰীয় | ২৩২ |
| ১২ | জনতা দল | JD | ৰাষ্ট্ৰীয় | ৫৯ |
| ১৩ | জনতা দল (গুজৰাট) | JD(G) | পঞ্জীভূক্ত | ১ |
| ১৪ | ঝাৰখণ্ড মুক্তি মৰ্চা | JMM | ৰাজ্যিক | ৬ |
| ১৫ | জনতা পাৰ্টি | JP | ৰাষ্ট্ৰীয় | ৫ |
| ১৬ | কেৰালা কংগ্ৰেছ (এম) | KCM | ৰাজ্যিক | ১ |
| ১৭ | অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন | MIM | পঞ্জীভূক্ত | ১ |
| ১৮ | মণিপুৰ পিপ’লছ্ পাৰ্টি | MRP | ৰাজ্যিক | ১ |
| ১৯ | মুছলিম লীগ | MUL | ৰাজ্যিক | ২ |
| ২০ | নাগালেণ্ড পিপ’লছ্ কাউঞ্চিল | NPC | ৰাজ্যিক | ১ |
| ২১ | ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি | RSP | ৰাজ্যিক | ৪ |
| ২২ | শিৱসেনা | SHS | ৰাজ্যিক | ৪ |
| ২৩ | চিক্কিম সংগ্ৰাম পৰিষদ | SSP | ৰাজ্যিক | ১ |
| ২৪ | তেলেগু দেশম | TDP | ৰাজ্যিক | ১৩ |
| ২৫ | নিৰ্দলীয় | IND | নিৰ্দলীয় | ১ |
| মুঠ | ৫২১ | –২২ | ||
| উৎস ভাৰতৰ নিৰ্বাচন আয়োগ |
তথ্যসূত্ৰ
- ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSABHA. Election Commission of india
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৪০৩১৯৮ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।