অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্বেইখ

শ্বেইখ, ছেইখ, শ্বেখ, শ্বেহ আৰু অন্যান্য ৰূপেৰে জনাজাত, দক্ষিণ এছিয়াৰ বহু মুছলমান জনগোষ্ঠীক দিয়া উপাধি। ই মূলতঃ আৰবী শব্দ বা সন্মানীয় শব্দ যিয়ে সাধাৰণতে কোনো জনগোষ্ঠীৰ মুৰব্বী, ৰাজপৰিয়ালৰ সদস্য, মুছলমান ধৰ্মীয় পণ্ডিত বা “বয়োজ্যেষ্ঠ’’ক বুজায়।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

শ্বেইখ, ছেইখ, শ্বেখ, শ্বেহ আৰু অন্যান্য ৰূপেৰে জনাজাত, দক্ষিণ এছিয়াৰ বহু মুছলমান জনগোষ্ঠীক দিয়া উপাধি। ই মূলতঃ আৰবী শব্দ বা সন্মানীয় শব্দ যিয়ে সাধাৰণতে কোনো জনগোষ্ঠীৰ মুৰব্বী, ৰাজপৰিয়ালৰ সদস্য, মুছলমান ধৰ্মীয় পণ্ডিত বা “বয়োজ্যেষ্ঠ’’ক বুজায়। কিন্তু দক্ষিণ এছিয়াত ইয়াক উপাধি হিচাপে ব্যৱহাৰ কৰা লোকসকলৰ মাজত আৰব বংশোদ্ভূত খুব কমেইহে আছিল।১

মূলত

দক্ষিণ এছিয়াত ই কোনো জনগোষ্ঠীয় উপাধি নহয়, বৰঞ্চ সাধাৰণতে মুছলমান বণিক পৰিয়ালৰ বাবে আৰোপ কৰা বৃত্তিগত উপাধি। শ্বেখসকলে আৰবৰ বংশধৰ বুলি দাবী কৰিছিল যদিও প্ৰায় সকলো শ্বেখ আচলতে আৰব বংশৰ নাছিল। ইছলাম ধৰ্ম গ্ৰহণ কৰি শ্বেখ উপাধি গ্ৰহণ কৰা হিন্দুসকল ক্ষত্ৰিয় জাতিৰ আছিল যদিও উপাধিৰ ব্যৱহাৰত নমনীয় আছিল। পাকিস্তান আৰু পঞ্জাবৰ পূৰ্বৰ সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ ধৰ্মান্তৰিত হোৱা লোকসকলক শ্বেখ উপাধি দিয়া হৈছিল২ আৰু আৰব বংশৰ লোকসকলক দিয়া হোৱা নাছিল।৩ জুলাহা শিপিনী জাতি আনছাৰী হৈ পৰে, যিসকলে আবু আয়ুব আল আনছাৰীৰপৰা বংশধৰ বুলি দাবী কৰে। কাছাই জাতিয়ে কোৰেইচ জনগোষ্ঠীৰ বংশধৰ বুলি দাবী কৰিছিল। কায়স্থৰ অভিলেখ ৰখা জাতিটো আবু বকৰ আল-চিদ্দিকৰপৰা বংশধৰ বুলি দাবী কৰা ছিদ্দি হৈ পৰে।

শ্বেখ উপাধিৰ নমনীয়তা প্ৰদৰ্শন কৰা এটা বিখ্যাত প্ৰবচন: “যোৱা বছৰ মই জুলাহা (তাঁতশাল) আছিলোঁ; এই বছৰ মই শ্বেখ; অহা বছৰ যদি শস্য ভাল হয়, তেন্তে মই ছয়ীদ হ’ম।’’

ৰমৰ চুলতানসকলৰ পুত্ৰই কাজী কিদোৱাৰ বংশধৰ বুলি দাবী কৰা শ্বেইখ কিদৱাই। কিদৱাইসকলক শ্বুজা-উদ-দৌলাৰ ঘৰুৱা অশ্বাৰোহী বাহিনীত নিযুক্তি দিয়া হৈছিল, যিটো মূলতঃ শ্বেইখজাদগানৰ দ্বাৰা গঠিত আছিল।৪৫ এই গোত্ৰসমূহে সৈনিক বা অসামৰিক বিষয়াৰ বাহিৰে আন কোনো বৃত্তি গ্ৰহণ কৰা নাছিল।৬

তথ্যসূত্ৰ

  1. ↑ (7 June 2023). Sheikh | Meaning, Title, Significance, & History | Britannica
  2. ↑ Nyrop, Richard F. (1983). Pakistan a country study (4 ed.). U.S. Government Printing Office. p. 149
  3. ↑ কাষ্ট চিষ্টেম ইন মুছলিম চ’চাইটি
  4. ↑ Pradeep Barua. (2005). The state at war in South Asia. U of Nebraska Press. পৃ. 73. ISBN 9780803213449
  5. ↑ Amaresh Misra. (1998). Lucknow, Fire of Grace:The Story of Its Revolution, Renaissance and the Aftermath. HarperCollins Publishers India. ISBN 9788172232887
  6. ↑ (2003). Surya Narain Singh. Mittal Publications. পৃ. 9. ISBN 9788170999089

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুছলমান সম্প্ৰদায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেইখ” প্ৰবন্ধৰ সংশোধন ৫৩৭৬০৭ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।