ভাৰতৰ চলচ্চিত্ৰ পৰিচালক
৫৩ প্ৰবন্ধ
-
ফাটিমা বেগম
ফাটিমা বেগম (Fatma Begum, ১৮৯২–১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালিকা আৰু চিত্ৰনাট্য ৰচয়িতা। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালিকা বুলি ভবা হয়। ছবিজগতত প্ৰবেশ কৰাৰ চাৰি বছৰৰ ভিতৰতে তেওঁ চিত্ৰনাট্য ৰচনা, পৰিচালনা আৰু প্ৰযোজনাৰ ক্ষেত্ৰখনতো নিজৰ স্থিতি সাব্যস্ত কৰিছিল।
-
ফাৰাহ খান
ফাৰাহ কুন্দৰ (Farah Kunder; জন্ম: ৯ জানুৱাৰী, ১৯৬৫), অথবা ফাৰাহ খান হৈছে এগৰাকী ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক। বলিউডৰ অনেক ছবিত নৃত্য-পৰিচালনা কৰি খ্যাতিৰ আসনত অধিষ্ঠিত হোৱা ফাৰাহ খানে ৮০খনতকৈও অধিক হিন্দী ছবিত শতাধিক গীতৰ নৃত্য পৰিচালনা কৰিছে।
-
মোহিত সূৰী
মোহিত সূৰী (Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১), মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩), ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে।
-
অলংকৃতা শ্ৰীবাস্তৱ
অলংকৃতা শ্ৰীবাস্তৱ (Alankrita Shrivastava) হৈছে এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ২০১১ চনত পৰিচালক হিচাপে অভিষেক ঘটোৱা অলংকৃতাই বিগত সময়ত একাধিক ছবিৰ চিত্ৰনাট্য লিখিছে আৰু ছবিৰ পৰিচালনা কৰিছে।
-
আত্মা ৰাম (পৰিচালক)
আত্মা ৰাম পাডুকন (১৯৩০–৯৪) কলিকতাত জন্মগ্ৰহণ কৰা দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক আৰু হিন্দী চলচ্চিত্ৰ পৰিচালক। তেওঁ আছিল কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা গুৰু দত্তৰ কনিষ্ঠ ভাতৃ।
-
পূৰ্ণেন্দু পত্ৰী
পূৰ্ণেন্দুশেখৰ পত্ৰী (২ ফেব্ৰুৱাৰী ১৯৩১ – ১৯ মাৰ্চ ১৯৯৭) বেছি পৰিচিত পূৰ্নেন্দু পত্ৰী নামেৰে; তেওঁৰ ছদ্মনাম সমুদ্ৰগুপ্ত। এজন বিশিষ্ট ভাৰতীয় বাঙালী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, শিশু সাহিত্যিক, সাহিত্য গৱেষক, কলিকতাৰ গৱেষক, বোলছবি পৰিচালক আৰু প্ৰচ্ছদশিল্পী।
-
প্ৰশান্ত নীল
প্ৰশান্ত নীল (Prashanth Neel; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ উগ্ৰামৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ কে.জি.এফ.: চেপ্তাৰ ১ (২০১৮) আৰু কে.জি.এফ.: চেপ্তাৰ ২ (২০২২)…
-
বিধু বিনোদ চোপ্ৰা
বিধু বিনোদ চোপ্ৰা (: Vidhu Vinod Chopra; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৫২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। চোপ্ৰাই পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দহটা ফিল্মফেয়াৰ বঁটাকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বহু প্ৰশংসা লাভ কৰিছে।
-
সোণালী বসু
সোণালী বসু (Shonali Bose; জন্ম: ৩ জুন ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক। ২০০৫ চনত চলচ্চিত্ৰ পৰিচালনাত আত্মপ্ৰকাশ কৰা বসুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰীজষ্টোন নেৰেটিভ বঁটা, চানডান্স মহিন্দ্ৰা গ্ল'বেল ফিল্মমেকাৰ বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে।
-
কবিতা লংকেশ
কবিতা লংকেশ (ಕವಿತಾ ಲಂಕೇಶ್) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু গীতিকাৰ। তেখেত কন্নড় ভাষাৰ ছবি উদ্যোগৰ লগত জড়িত। ১৯৯৯ চনত 'ডেৱিৰি' নামৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিবলৈ যোৱাৰ আগত তেখেতে এগৰাকী তথ্যচিত্ৰনিৰ্মাতা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
-
গৌৰী শিন্দে
গৌৰী শিন্দে (Gauri Shinde; জন্ম: ৬ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। বহু প্ৰশংসিত ইংলিছ ভিংলিছ (২০১২) ছবিৰ জৰিয়তে শিন্দেই পৰিচালনাত আত্মপ্ৰকাশ কৰে। এই ছবিখনৰ যোগেদি অভিনেত্ৰী শ্ৰীদেৱীৰ দীৰ্ঘ বিৰতিৰ পিছত প্ৰত্যাৱৰ্তন কৰিছিল।
-
বিক্ৰমাদিত্য মটৱানে
বিক্ৰমাদিত্য মটৱানে (Vikramaditya Motwane)(জন্ম ৬ ডিচেম্বৰ ১৯৭৬) হিন্দী চিনেমাৰ লগত জড়িত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। উৰান (২০১০), লুটেৰা (২০১৩), ট্ৰেপড (২০১৭) আৰু ভৱেশ যোশী ছুপাৰহিৰো (২০১৮) আদি ছবিৰ বাবে তেওঁ পৰিচিত।
-
মেঘনা গুলজাৰ
মেঘনা গুলজাৰ (Meghna Gulzar; এগৰাকী ভাৰতীয় লেখক, পৰিচালক আৰু প্ৰযোজক। ২০১৮ চনৰ বলীউডী ছবি ৰাজী পৰিচালনাৰ বাবে তেওঁ অধিক পৰিচিত। ১৯৯৯ চনত দেউতাকৰ পৰিচালনাৰ হু-তু-তুৰ চিত্ৰনাট্যকাৰ হিচাপে অভিষেক ঘটাৰ পিছত ২০০০ চনত মেঘনা পৰিচালিত প্ৰথমখন ছবি ফিলহাল মুক্তি পায়; যদিও সেই দশকটোত তেওঁ পৰিচালনাত সফলতা…
-
সৌন্দৰ্য ৰজনীকান্ত
সৌন্দৰ্য ৰজনীকান্ত (ইংৰাজী: Soundarya Rao Gaikwad; জন্ম: শকু বাই ৰাও গাইকৱাড; ২০ ছেপ্টেম্বৰ ১৯৮৪) এজন ভাৰতীয় গ্ৰাফিক ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক যিয়ে মূলতঃ তামিল চিনেমাত কাম কৰে। তেওঁ অচেৰ পিকচাৰ প্ৰডাকচনৰ প্ৰতিষ্ঠাপক আৰু মালিক।
-
ৰোহিত শেট্টী
ৰোহিত শেট্টী (জন্ম ১৪ মাৰ্চ ১৯৭৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, ষ্টাণ্টম্যান, প্ৰযোজক আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে হিন্দী চলচ্চিত্ৰ জগতত কৰ্মৰত। হিন্দী চিনেমাৰ এজন প্ৰসিদ্ধ পৰিচালক হিচাপে, তেওঁৰ চিনেমাবোৰ সাধাৰণতে এক্সন-কমেডি আৰু মছলা ধৰণৰ চলচ্চিত্ৰৰ সংমিশ্ৰণ হৈ থাকে।
-
অজিতা সুচিত্ৰা বীৰা
অজিতা সুচিত্ৰা বীৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখিকা, চিত্ৰকৰ, ফটোগ্ৰাফাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক। বীৰা অতি দৃশ্যমান, ভব্য, মহাকাব্যিক, চলচ্চিত্ৰীয় শৈলীৰ বাবে বেছিকৈ পৰিচিত, য’ত অগতানুগতিক আখ্যান সংৰচনা ৰূপ ভাঙি বাস্তৱ আৰু কল্পনা, সপোন, বৈজ্ঞানিক, দাৰ্শনিক, আধ্যাত্মিক আৰু মানৱতাবাদী…
-
চৈতন্য টামহানে
চৈতন্য টামহানে (Chaitanya Tamhane; জন্ম: ১ মাৰ্চ, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় ছবি-নিৰ্মাতা। ২০১৪ চনত নিৰ্মিত মাৰাঠী ভাষাৰ ছবি 'ক'ৰ্ট'ৰ বাবে টামহানে জনাজাত। ছবিখনক ৮৮সংখ্যক একাডেমী বঁটালৈ 'শ্ৰেষ্ঠ বিদেশী ছবি'ৰ শাখাৰ বাবে ভাৰতৰ 'আনুষ্ঠানিক বাছনি' হিচাপে প্ৰেৰণ কৰা হৈছিল।
-
তন্ময় ভাট
তন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ, অভিনেতা, পৰিৱেশক আৰু প্ৰযোজক। তেওঁ গুৰচিমৰান খাম্বাৰ সৈতে সৃষ্টিশীল অনুষ্ঠান AIB (এআইবি)ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ'/চিএফঅ'।২০১৮ চনত তেওঁ আমাজন প্ৰাইমত সম্প্ৰচাৰিত ষ্টেণ্ড আপ কমেডী প্ৰতিযোগিতা…
-
পামেলা ৰুক্ছ
পামেলা ৰুক্ছ (Pamela Rooks, ১৯৫৮ – ১ অক্টোবৰ ২০১০) আছিল এগৰাকী ভাৰতীয় ছবি পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ১৯৯৮ চনত মুক্তিলাভ কৰা 'ট্ৰেইন টু পাকিস্তান' শীৰ্ষক ছবিখনৰ বাবে তেখেত সুপৰিচিত। এই ছবিখনৰ পটভূমি আছিল ভাৰতৰ বিভাজন আৰু ছবিখনৰ আধাৰগ্ৰন্থ আছিল খুছৱন্ত সিঙৰ একে নামৰ উপন্যাস।
-
মাখনমণি মংছাবা
মাখনমণি মংছাবা (ইংৰাজী: Makhonmani Mongsaba, জন্ম: ১ মাৰ্চ ১৯৫৯) ইম্ফল, মণিপুৰৰ এগৰাকী ভাৰতীয় লেখক, অভিনেতা, প্ৰযোজক আৰু দৰ্শক। তেওঁ মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি অৰ্জন কৰিছিল। ২০১৩ চনত তেওঁ তেওঁৰ ভ্ৰমণবৃত্তান্তমূলক কিতাপ চিংলোন আমাডাগি আমাডাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
সুষমা আহুজা
সুষমা আহুজা (Sushma Ahuja) হৈছে এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেত্ৰী। তেখেতে হিন্দী আৰু তামিল ভাষাৰ লগতে থিয়েটাৰ প্ৰযোজনা গোষ্ঠীতো কাম কৰিছে।
-
ৰাঘৱন
ৰাঘৱন ( মালয়ালম: രാഘവൻ; জন্ম ১২ ডিচেম্বৰ ১৯৪১ ) এজন ভাৰতীয় অভিনেতা যিয়ে তেলেগু আৰু কানাড়া ছবিকে ধৰি ১০০ খনতকৈও অধিক মালয়ালম ভাষাত অভিনয় কৰিছে। ২০০০ চনৰ আৰম্ভণিৰ পৰাই তেওঁ মালয়ালম আৰু তামিল টেলিভিছন ধাৰাবাহিকত অধিক সক্ৰিয়।
-
ৰাহুল সদাশিৱন
ৰাহুল সদাশিৱন (Rahul Sadasivan) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ যি মালয়ালম ভাষাৰ চিনেমাত কাম কৰে। তেওঁ হ'ৰৰ ছবি পৰিচালনাৰ বাবে পৰিচিত।