আত্মা ৰাম পাডুকন (১৯৩০–৯৪) কলিকতাত জন্মগ্ৰহণ কৰা দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক আৰু হিন্দী চলচ্চিত্ৰ পৰিচালক। তেওঁ আছিল কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা গুৰু দত্তৰ কনিষ্ঠ ভাতৃ।১২৩
ব্যক্তিগত জীৱন
তেওঁৰ পিতৃ শিৱশংকৰ পাডুকন বাৰ্মাহ শ্বেলৰ (Burmah Shell) কেৰাণী আৰু মাক শিক্ষয়িত্ৰী আছিল। তেওঁ তিনিজন ভাতৃ ক্ৰমে গুৰু দত্ত (চলচ্চিত্ৰ নিৰ্মাতা), দেৱী দত্ত (প্ৰযোজক), বিজয় আৰু তেওঁৰ ভগ্নী ললিতা লাজমীৰ সৈতে ডাঙৰ-দীঘল হয়।৪
তেওঁ বম্বে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল (১৯৫২)।
কিছুকাল কেৰাণীৰ কাম কৰাৰ পিছত তেওঁ সমাজবাদী দলত যোগদান কৰে (১৯৪৮–৫০)।তেওঁ এজন সক্ৰিয় ট্ৰেড ইউনিয়নবাদী আৰু প্ৰকাশক কৰ্মীৰ সংগঠনৰ সম্পাদক আছিল। তেওঁ কিছুদিন লণ্ডনত (১৯৫৮–৬১) “শ্বেল ফিল্ম ইউনিট”ৰ (Shell Film Unit) বাবে ষ্টুয়াৰ্ট লেগ (Stuart Legg) আৰু আৰ্থাৰ এল্টনে (Arthur Elton) নিৰ্মাণ কৰা চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল; ভাৰতৰ “শ্বেল ফিল্ম ইউনিট”ৰ হৈ তেওঁ জেমছ বেভেৰিজৰ (James Beveridge) বাবেও তথ্যচিত্ৰৰ চিত্ৰনাট্য কৰিছিল (১৯৫৫–৬২)।
ফিল্মগ্ৰাফী
সুভাষ ঘাইক অভিনেতা হিচাপে লৈ তেওঁ উমংগ (Umang) নামৰ এটা প্ৰথম স্বতন্ত্ৰ আত্মা ৰাম ফিল্মছ প্ৰডাকচন (Atma Ram Films production) প্ৰতিস্থা কৰিছিল। গুৰু দত্ত ফিল্মছৰ বাবে তেওঁ নিৰ্মান কৰা “য়ে গুলিস্তান হামাৰা” (Yeh Gulistan Hamara) এখন জাতীয়তাবাদী চলচ্চিত্ৰ য’ত ভাৰত চৰকাৰৰ হৈ দেৱ আনন্দই উত্তৰ-পূব সীমান্তৰ জনজাতিসকলক মৰমেৰে দমন কৰে।
ছাইৰা বানু আৰু বিনোদ খান্নাই অভিনয় কৰা জনপ্ৰিয় চলচ্চিত্ৰ আৰোপ হৈছে তেওঁ পৰিচালনা কৰা সাংবাদিকতাৰ দুৰ্নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন চলচ্চিত্ৰ। তেওঁ কনিষ্ঠ ভাতৃ দেৱী দত্তৰ সৈতে বিজ্ঞাপনধৰ্মী ছবিও নিৰ্মাণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Women were ready to do anything for Guru Dutt. filmfare.com
- ↑ (2017-11-09). Please pray for me: Kalpana Lajmi. deccanchronicle.com/
- ↑ Opening about depression is the first step to healing - Times of India. The Times of India
- ↑ Lalitha Lajmi pays a tribute to sister-in-law and dear friend Geeta Dutt. filmfare.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আত্মা ৰাম (পৰিচালক)” প্ৰবন্ধৰ সংশোধন ৪১৬৭০১ (২ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।