ফাটিমা বেগম (Fatma Begum, ১৮৯২–১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালিকা আৰু চিত্ৰনাট্য ৰচয়িতা। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালিকা বুলি ভবা হয়।১ ছবিজগতত প্ৰবেশ কৰাৰ চাৰি বছৰৰ ভিতৰতে তেওঁ চিত্ৰনাট্য ৰচনা, পৰিচালনা আৰু প্ৰযোজনাৰ ক্ষেত্ৰখনতো নিজৰ স্থিতি সাব্যস্ত কৰিছিল। তেওঁ নিজৰ প্ৰডাকচন হাউচ ফাতিমা ফিল্মচৰ পৰা ১৯২৬ত বুলবুল-ই-পৰিস্তান নিৰ্মাণ কৰিছিল।২৩
পৰিয়াল
এটা উৰ্দুভাষী মুছলমান পৰিয়ালত ফাটিমা বেগমৰ জন্ম হৈছিল। তেওঁ শচীন ষ্টেটৰ নবাব ইব্ৰহিম মহম্মদ য়াকুত খান তৃতীয়ক বিয়া কৰাইছিল বুলি ধৰা হয়।৪ অৱশ্যে এই বিবাহৰ বা নবাব আৰু ফাটিমাৰ মাজত কোনো চুক্তি হোৱাৰ বা ফাটিমাৰ কোনো সন্তানক নবাবে স্বীকৃতি দিয়াৰ কোনো তথ্য নাই। মুছলমান পাৰিবাৰিক আইনত আইনসঙ্গত পিতৃত্ব এক পূৰ্বচৰ্ত। তেওঁৰ তিনিজনী জীয়াৰী আছিল- জুবেইদা, চুলতানা আৰু চাহজাদী। জুবেইদা আৰু চুলাতানা নিৰ্বাক যুগৰ ভাৰতীয় চলচ্চিত্ৰৰ তাৰকা আছিল।১
কৰ্মজীৱন
ফাটিমাই কৰ্মজীৱনৰ পাতনি মেলিছিল উৰ্দু মঞ্চত। পিছত তেওঁ আৰ্দেশিৰ ইৰাণীৰ নিৰ্বাক ছবি বীৰ অভিমন্যুত (১৯২২) অভিনয়ৰ যোগে চলচ্চিত্ৰ জগতত ভৰি দিয়ে।১ সেই সময়ত মঞ্চ আৰু চলচ্চিত্ৰত সাধাৰণতে পুৰুষে অভিনয় কৰিছিল। গতিকে এগৰাকী মহিলাই মহিলাৰ অভিনয় কৰাত ফাটিমা জনপ্ৰিয় তাৰকা হৈ পৰিছিল। তেওঁৰ বগা চেহেৰা আৰু গাঢ় মেক-আপৰ বাবে সেই সময়তৰ চেপিয়া বা ক’লা-বগা ছবিত জিলিকি উঠিছিল। বেছিভাগ নায়ক বা নায়িকাই ৱিগ (wigs) ব্যৱহাৰ কৰিছিল। ১৯২৬ত তেওঁ ফাটিমা ফিল্মচ নামেৰে চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী এটা স্থাপন কৰিছিল, যিটো ১৯২৮ত বা ভিক্টোৰিয়া ফাটিমা ফিল্মচ নামেৰে জনাজাত হৈছিল। তেৱেঁ ট্ৰিক ফটোগ্ৰাফীৰ বাটকটীয়া আছিল। ১৯২৬ত ফাটিমাই বুলবুল-ই-পৰিস্তান নিৰ্মাণ কৰে। এই ছবিখন মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম ছবি বুলি ধৰা হয়। ছবিখনৰ কোনো প্ৰিণ্ট বৰ্তমান পোৱা নাযায়। কিন্তু এইখন ট্ৰিক ফটোগ্ৰাফী আদি বহুতো স্পেচিয়েল ইফেক্ট ব্যৱহাৰ কৰা এখন ব্যয়বহুল ফেণ্টাচী ছবি বুলি গণ্য কৰা হয়। তেওঁ নিজৰ প্ৰডাকচনৰ কাম কৰাৰ উপৰিও ১৯৩৮ৰ ছবি দুনীয়া ক্যা হ্যায় লৈকে কহিনুৰ ষ্টুডিঅ’ আৰু ইম্পেৰিয়েল ষ্টুডিঅ’ৰ বাবেও কাম কৰিছিল। তেওঁ পৰিচালনা কৰা শেষ ছবিখন গদেছ অফ লাভ (১৯২৯)।৫
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | ছবি | ভূমিকা | টোকা |
|---|---|---|---|
| ১৯২২ | বীৰ অভিমন্যু | অভিনেত্ৰী | আৰ্দেশিৰ ইৰাণীৰ নিৰ্বাক-ছবিত প্ৰথম অভিনয় |
| ১৯২৬ | বুলবুল-ই-পৰিস্তান | পৰিচালক | মহিলা পৰিচালকৰ প্ৰথম ভাৰতীয় ছবি |
| ১৯২৯ | গডেচ অফ লাক | পৰিচালক | |
| ১৯৩৮ | দুনীয়া ক্যা হ্যায় | অভিনেত্ৰী |
উত্তৰাধিকাৰ
১৯৮৩ চনত ৯১ বছৰ বয়সত তেওঁৰ ম়ত্যু হয়। তেওঁৰ জীয়াৰী জুবেইদা এগৰাকী নিৰ্বাক ছবিৰ অভিনেত্ৰী থকাৰ উপৰিও প্ৰথম সবাক-ছবি আলম আৰাৰ নায়িকা আছিল।১
তথ্যসূত্ৰ
- ↑ Rajadhyaksha. (1999). Encyclopedia of Indian Cinema. Routledge. পৃ. 95. ISBN 1579581463
- ↑ Bollywood's unforgettable women - Times of India. The Times of India
- ↑ Pandya, Sonal. Fatma Begum, Jaddanbai: The earliest female filmmakers of Indian cinema. Cinestaan
- ↑ Sachin Princely State (9 gun salute)
- ↑ 100 Years of Indian Cinema: The first women directors. IBNLive
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাটিমা বেগম” প্ৰবন্ধৰ সংশোধন ৬৩১৫৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।