অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰাহ খান

ফাৰাহ কুন্দৰ (Farah Kunder; জন্ম: ৯ জানুৱাৰী, ১৯৬৫), অথবা ফাৰাহ খান হৈছে এগৰাকী ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক। বলিউডৰ অনেক ছবিত নৃত্য-পৰিচালনা কৰি খ্যাতিৰ আসনত অধিষ্ঠিত হোৱা ফাৰাহ খানে ৮০খনতকৈও অধিক হিন্দী ছবিত শতাধিক গীতৰ নৃত্য পৰিচালনা কৰিছে।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফাৰাহ কুন্দৰ (Farah Kunder; জন্ম: ৯ জানুৱাৰী, ১৯৬৫),১ অথবা ফাৰাহ খান হৈছে এগৰাকী ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক। বলিউডৰ অনেক ছবিত নৃত্য-পৰিচালনা কৰি খ্যাতিৰ আসনত অধিষ্ঠিত হোৱা ফাৰাহ খানে ৮০খনতকৈও অধিক হিন্দী ছবিত শতাধিক গীতৰ নৃত্য পৰিচালনা কৰিছে। তেখেতে এতিয়ালৈকে ছটাকৈ ফিল্মফেয়াৰ, আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে। ইয়াৰ উপৰি তামিল ভাষাৰ ছবিতো কাম কৰিছে। মেৰিগোল্ড, মনছুন ৱেডিং ৰ দৰে আন্তঃৰ্জাতিক পৰ্যায়ৰ ছবিতো তেখেতে বৰঙণি আগবঢ়াইছে। চীনা ছবি পাৰহেপছ লাভ, কুং ফু য়োগাৰ লগতো ফাৰাহ খান জড়িত হৈছিল। তেখেতে তাৰ বাবে টনি বঁটা আৰু গল্ডেন হৰ্ছ বঁটাৰ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। ২০০৪ চনত মুক্তিপ্ৰাপ্ত ছবি মে হুঁ নাৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ পৰিচালকৰ শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়। ২০০৭ চনত মুক্তি লাভ কৰা হিন্দী ছবি ওম শান্তি ওম হৈছে তেখেতৰ দ্বাৰা নিৰ্দেশিত দ্বিতীয়খন ছবি।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৫ চনৰ ৯ জানুৱাৰীত ফাৰাহ খানৰ জন্ম হয়। ফাৰাহৰ পিতৃ আছিল কামৰাণ খান। তেখেতে নিজৰ জীৱন আৰম্ভ কৰিছিল ষ্টাণ্টমেণ্ট হিচাপে আৰু পাছলৈ ছবি-নিৰ্মাতা হিচাপে দায়িত্ব পালন কৰিছিল। আনহাতে ফাৰাহৰ মাতৃ আছিল মেনকা ইৰাণী, পূৰ্বত শিশুশিল্পী হানী ইৰানী আৰু ডেইজী ইৰাণীৰ ভগ্নী।২ ফাৰাহৰ ভ্ৰাতৃ ছাজিদ খান হৈছে এজন ছবি পৰিচালক, কমেডিয়ান আৰু অভিনেতা।

ফাৰাহ খানে শিৰিষ কুন্দৰৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। কুন্দৰ আছিল মে হুঁ না ছবিখনৰ সম্পাদক।৩ ২০০৪ চনৰ ৯ নৱেম্বৰত তেওঁলোক বৈবাহিক-বান্ধোনত আবদ্ধ হয়। পৰৱৰ্তী সময়ত দুয়োয়ে জানে-এ-মন, ওম শান্তি ওম, টিশ মাৰ খানত একেলগে কাম কৰিছে। ২০০৮ চনত দম্পতীটোৱে In vitro fertilizationৰ জৰিয়তে তিনিটি সন্তান লাভ কৰে। তাৰে এজন পুত্ৰ আৰু দুগৰাকী কন্যা।৪

কৰ্মজীৱন

ফাৰাহ খানে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজত সমাজবিজ্ঞান অধ্যয়ন কৰি আছিল। সেই সময়তে মাইকেল জেকছনৰ থ্ৰিলাৰ সম্প্ৰচাৰিত হৈছিল। অনুষ্ঠানটোৱে ফাৰাহক ইমান গভীৰভাৱে প্ৰভাৱান্বিত কৰিলে যে, পূৰ্বতে নৃত্য নকৰা ফাৰাহে নৃত্যক এটা বৃত্তি হিচাপে গ্ৰহণ কৰিলে। প্ৰথমাৱস্থাত নিজাববীয়াকৈ নৃত্য কৰা ফাৰাহে পাছলৈ এটা নৃত্য-গোট গঢ়ি তুলিলে।৫ যেতিয়া বিখ্যাত কৰিঅ'গ্ৰাফাৰ সৰোজ খান হিন্দী ছবি জো জিতা ৱহী ছিকন্দৰ ত্যাগ কৰিলে, তেতিয়া ফাৰাহে তেওঁৰ পদটো পূৰ কৰিলে। ইয়াৰ পিছত তেখেতে আৰু উভতি চালবগীয়া হোৱা নাই। কভি খুশী কভী গমৰ দৃশ্যগ্ৰহণস্থলীত ফাৰাহে শ্বাহৰুখ খানক লগ পায় আৰু তেওঁলোক দুয়ো ভাল বন্ধু হৈ পৰে। পাছলৈ তেওঁলোকে মিলি অনেক ছবিত কাম কৰে।

কৰিঅ'গ্ৰাফীৰ বাবে ফাৰাহ খানে এতিয়ালৈকে ছবাৰ ফিল্মফেয়াৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত তেখেতে মেই হুঁ না ছবিখন পৰিচালনা কৰে। ছবিখনত শ্বাহৰুখ খানে মুখ্য ভূমিকাত অভিনয় কৰে। তেখেতে পৰিচালনা কৰা দ্বিতীয়খন ছবি হৈছে ওম শান্তি ওম। এইখন ছবিত দীপিকা পাডুকনে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ পাছতেই সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হোৱা হিন্দী ছবিৰ তালিকাত এইখন ছবি স্থানাভুক্ত হয়।৬ তেখেতৰ তৃতীয়খন পৰিচালনা আছিল টিশ মাৰ খান। ২০১২ চনত ফাৰাহে শিৰীন ফাৰহাদ কিটো নিকল পৰীত অভিনেত্ৰী হিচাপে অভিষেক কৰে।

২০০৬ চনৰ ৩১ আগষ্টত এমটিভি মিউজিক এৱাৰ্ডছ অনুষ্ঠানত কলম্বিয়ান পপগায়িকা শ্বাকিৰাই পৰিৱেশন কৰিবলৈ ওলোৱা হিপছ্ ডণ্ট লায় গীতটোৰ বলিউদী সংস্কৰণত ফাৰাহে নৃত্য পৰিচালনা কৰে।৭

ফাৰাহ খান আৰু তেখেতৰ স্বামী শিৰিষে মিলি "থ্ৰিছ কোম্পানী" নামৰ প্ৰযোজনা গোষ্ঠী এটা আৰম্ভ কৰে। প্ৰযোজনা গোষ্ঠীটোৰ নামটো তেওঁলোকৰ সন্তানলৈ উছৰ্গিত।৮

তথ্যসূত্ৰ

  1. ↑ Thomas, Anjali. (7 October 2007). Farah Khan latest chant is 'Mom Shanti MOM'. DNA
  2. ↑ (28 April 2016). Sajid Khan · Directors · Koimoi. koimoi.com
  3. ↑ Kulkarni, Ronjita. (12 August 2004). Meet the man Farah Khan will marry. Rediff.com
  4. ↑ (24 November 2020). 'Glad I became mom through IVF at 43': Farah Khan pens heartfelt open letter. DNA India
  5. ↑ (7 October 2007). Tête à tête. The Telegraph
  6. ↑ Ben Fenton. (26 June 2008). Om Shanti Om rakes in $45m worldwide. Financial Times
  7. ↑ Jha, Subhash K. (1 September 2006). Farah Khan bonds big time with Shakira. bollywood hungama
  8. ↑ Mariam Thomas, Sonia. (26 October 2015). Women Of Worth 2015 Grit And Glory. www.outlookbusiness.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীভাৰতীয় অভিনেত্ৰীভাৰতৰ চলচ্চিত্ৰ পৰিচালকশ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰাহ খান” প্ৰবন্ধৰ সংশোধন ৪২৯৫৩২ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।