কবিতা লংকেশ (ಕವಿತಾ ಲಂಕೇಶ್) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু গীতিকাৰ। তেখেত কন্নড় ভাষাৰ ছবি উদ্যোগৰ লগত জড়িত। ১৯৯৯ চনত 'ডেৱিৰি' নামৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিবলৈ যোৱাৰ আগত তেখেতে এগৰাকী তথ্যচিত্ৰনিৰ্মাতা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। উল্লেখ্য যে 'ডেৱিৰি' নামৰ ছবিখনে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। কন্নড় ছবিজগতৰ পৰিচিত নিৰ্মাতাসকলৰ ভিতৰত তেখেতৰ নামটো বিবেচনা কৰা হয়।১ কবিতা লংকেশে পঞ্চাছখনতকৈও অধিক তথ্যচিত্ৰ/তথ্যসমৃদ্ধ কথাছবিৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে। ইয়াৰে লগতে তেখেতে চল্লিছখনতকৈও অধিক কৰ্পোৰেট ছবি নিৰ্মাণ কৰিছে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
কবিতা লংকেশৰ জন্ম হৈছিল বেংগালুৰুৰত। তেখেতৰ পিতৃ পি. লংকেশ আছিল এগৰাকী সাংবাদিক। আৰু মাতৃৰ নাম হৈছে ইন্দিৰা। মাতৃ ইন্দিৰাই বেংগালুৰুত এখন শাৰীৰ দোকান চলায়। কবিতাৰ জন্ম হৈছিল সাংবাদিক আৰু মিডিয়া প্ৰকাশকে গিজ্গিজাই থকা এটি পৰিয়ালত। পিতৃ পি. লংকেশে 'লংকেশ পত্ৰিকে' নামৰ এখনি সফল সাপ্তাহিক প্ৰতিষ্ঠা আৰু প্ৰচলন কৰিছিল। কবিতা লংকেশৰ ভ্ৰাতৃ-ভগ্নী দুগৰাকী। ইন্দ্ৰজিৎ লংকেশ আৰু গৌৰী লংকেশ। তেখেতৰ ভ্ৰাতৃও আছিল এগৰাকী ছবিনিৰ্মাতা আৰু ভগ্নী গৌৰী লংকেশ আছিল সাপ্তাহিকখনৰ মুখ্য সম্পাদক।৩ কবিতাই বাংগালোৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বিজ্ঞাপনত এটা ডিপ্ল'মাৰ গৰাকী হয়। ছবিৰ জগতত যাত্ৰাৰম্ভ কৰাৰ পূৰ্বে তেখেত এটা বিজ্ঞাপন গোষ্ঠীৰ স্বত্বাধিকাৰী আছিল।৪ কবিতাই এককভাৱেই জীৱন কটোৱাৰ সিদ্ধান্ত লয়। তেখেতে ঈশা লংকেশ নামৰ এগৰাকী কন্যাৰ একক মাতৃ।৫ বৰ্তমান তেখেত বাংগালোৰৰ উপনগৰত নিজ কন্যা আৰু দুটা লাব্ৰাডোৰৰ সৈতে বাস কৰে।৬
কৰ্মজীৱন
কেইখনমান তথ্যচিত্ৰৰ নিৰ্মাণৰ জৰিয়তে কবিতাই ছবিজগতত নিজৰ যাত্ৰাৰ পাতনি মেলে। বাংগালোৰত থকা বান্নেৰঘাট্টা ৰাষ্ট্ৰীয় উদ্যানক বিষয়বস্তু হিচাপে লৈ তেখেতে তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।৭ তেখেতৰ প্ৰথমখন তথ্যচিত্ৰ আছিল শিশু প্ৰকৃতিমুখী এটা কেম্পৰ আধাৰত। ইয়াৰ পিছত তেখেতে পঞ্চাছখন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু পৰৱৰ্তী সময়ত পি. লংকেশৰ এটা চুটি গল্পৰ আধাৰত 'দেৱিৰি' নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰে। চুটি গল্পটোৰ নাম আছিল 'আক্কা'। চলচ্চিত্ৰখনত নন্দিতা দাস, ভাৱনা, মাষ্টাৰ মাঞ্জা, কাশী, বি. জয়শ্ৰী আদিৰ দৰে শিল্পীয়ে অভিনয় কৰে।৮এই ছবিখনৰ জৰিয়তে কবিতা লংকেশে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়। তাৰে ভিতৰত আন্তঃৰাষ্ট্ৰীয় সমালোচকৰ বঁটা, ৰাষ্ট্ৰীয় নৱাগত পৰিচালকৰ বঁটা আৰু অৰৱিন্দন পুৰুষকৰম বঁটা আদি লেখত ল'বলগীয়া।২'দেৱিৰি'য়ে ওঠৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰে আৰু নটা বঁটা লাভ কৰে। কবিতাৰ দ্বিতীয়খন ছবিৰ নাম হৈছে-'আলেমাৰী'। এইখন ছবিত ভাৱনা আৰু প্ৰকাশ ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰে।৭
তথ্যসূত্ৰ
- ↑ sify.com
- ↑ (2003-08-11). Back after a break. The Hindu
- ↑ Lankesh Patrike
- ↑ (2004-08-31). Encore!. The Hindu
- ↑ Solo riders. Theweek.in
- ↑ The Tribune - Windows - This Above All. Tribuneindia.com
- ↑ (2002-03-25). Fighting the formula. The Hindu
- ↑ Kavitha Lankesh movies list. Bharatmovies.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা লংকেশ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯১০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।