অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পামেলা ৰুক্‌ছ

পামেলা ৰুক্‌ছ (Pamela Rooks, ১৯৫৮ – ১ অক্টোবৰ ২০১০) আছিল এগৰাকী ভাৰতীয় ছবি পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ১৯৯৮ চনত মুক্তিলাভ কৰা 'ট্ৰেইন টু পাকিস্তান' শীৰ্ষক ছবিখনৰ বাবে তেখেত সুপৰিচিত। এই ছবিখনৰ পটভূমি আছিল ভাৰতৰ বিভাজন আৰু ছবিখনৰ আধাৰগ্ৰন্থ আছিল খুছৱন্ত সিঙৰ একে নামৰ উপন্যাস।

হালনাগাদ: ২৭ মে’ ২০২৪ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পামেলা ৰুক্‌ছ (Pamela Rooks, ১৯৫৮ – ১ অক্টোবৰ ২০১০) আছিল এগৰাকী ভাৰতীয় ছবি পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ১৯৯৮ চনত মুক্তিলাভ কৰা 'ট্ৰেইন টু পাকিস্তান' শীৰ্ষক ছবিখনৰ বাবে তেখেত সুপৰিচিত। এই ছবিখনৰ পটভূমি আছিল ভাৰতৰ বিভাজন আৰু ছবিখনৰ আধাৰগ্ৰন্থ আছিল খুছৱন্ত সিঙৰ একে নামৰ উপন্যাস। ছবিখন পৃথিৱীৰ অনেক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। পামেলা ৰুক্‌ছে 'মিছ বিটিছ ছিলড্ৰেন' (১৯৯২), 'ডেন্স লাইক এ মেন' (২০০৩)-ৰ দৰে ছবি নিৰ্মাণ কৰাৰ লগতে আন কেইবাখনো মূল্যৱান তথ্যচিত্ৰ নিৰ্মাণ কৰিছে আৰু একাংশ কৰ্মৰ বাবে বঁটা-বাহনেৰে সন্মানীতও হৈছে।১

প্ৰাৰম্ভিক জীৱন

পামেলা ৰুক্‌ছৰ জন্মতে নাম আছিল পামেলা জুনেজা। তেখেতৰ পিতৃ আছিল কৰ্ণেল এ. এন. জুনেজা আৰু মাতৃ আছিল গুডি জুনেজা। পামেলাই নাইনিতাল আৰু ছিমলাৰ বৰ্ডিং স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। শিক্ষাগ্ৰহণৰ সময়ছোৱাতেই তেখেত নাটকৰ প্ৰতি আকৃষ্ট হৈ উঠে।২ পৰৱৰ্তী সময়ত ১৯৭০ৰ দশকত দিল্লীত গণমাধ্যমৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা অৱস্থাত পামেলাই দিল্লীস্থ থিয়েটাৰ গোষ্ঠী 'থিয়েটাৰ একছন গ্ৰুপ' (TAG)-ৰ লগত জড়িত হৈ পৰে। এইটো গোষ্ঠীৰ প্ৰতিষ্ঠাতা আছিল থিয়েটাৰ পৰিচালক বেৰিজন আৰু সিদ্ধাৰ্থ বসু, ৰোশন শেঠ, লিলেট ডুবেই, মীৰা নায়াৰ আদি।৩৪

কৰ্মজীৱন

পামেলাই এগৰাকী সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু টেলিভিছনৰ পৰ্দাত সাম্প্ৰতিক জ্ঞান (Current affairs)-ৰ কাৰ্যসূচী পৰিৱেশন কৰে। তেনে এটা সময়তে, এটা সাক্ষাৎকাৰৰ মুহূৰ্তত পামেলাই পৰিচালক কনৰাড ৰুকছক লগ পায়। ১৯৭২ চনত মুক্তিলাভ কৰা আৰু সমাদৃত হোৱা কথাছবি 'সিদ্ধাৰ্থ'ৰ বাবে কনৰাড ৰুকছে পৰিচয় লাভ কৰিছিল। কনৰাডৰ লগতে পামেলাই বৈবাহিক জীৱন আৰম্ভ কৰে।৪৫

পামেলাই এগৰাকী তথ্যচিত্ৰৰ পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে আৰু 'Chipko: A response to the forest crisis' আৰু 'Girl Child: fighting for survival'ৰ দৰে তথ্যচিত্ৰৰ বাবে চৰ্চালৈ আহে।৫ ১৯৯২ চনত তেখেতে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কাহিনীমূলক চলচ্চিত্ৰ নিৰ্মাণ কৰে। যাৰ নাম আছিল-'Miss Beatty's Children'। চিনেমাখনৰ আধাৰ হৈছে তেখেতৰ দ্বাৰা লিখিত একে নামৰ উপন্যাস।৬ ছবিখনৰ জৰিয়তে পামেলাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ নৱাগতা পৰিচালকৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰে।৭ ১৯৯৮ চনত পামেলাই খুছৱন্ত সিঙৰ উপন্যাসৰ আধাৰত "ট্ৰেইন টু পাকিস্তান" নামৰ বহুলসমাদৃত ছবিখন নিৰ্মাণ কৰি উলিয়ায়।৮

২০০৫ চনত পামেলাই সহ-লেখক আৰু চিত্ৰনাট্যকাৰ হিচাপে কাম কৰা 'ডেন্স লাইক এ মেন' নামৰ ছবিখনে মুক্তিলাভ কৰে।৯১০১১

মৃত্যু

২০০৫ চনৰ নৱেম্বৰ মাহত পামেলা এটি মটৰ দুৰ্ঘটনাত পতিত হৈ পাঁচ বছৰ পৰ্যন্ত ক'মাত থাকে।১২১৩ তেখেতে কোমাৰ পৰা কেতিয়াও উদ্ধাৰ নাপালে আৰু ২০১০ চনৰ ১ অক্টোবৰ তাৰিখে ৫২ বছৰ বয়সত তেখেতে মৃত্যুক সাবটি ল'লে।১

তথ্যসূত্ৰ

  1. ↑ (3 October 2010). After 5 years in coma, Pamela Rooks dies. Indian Express
  2. ↑ 'India today', Volume 24. Thomson Living Media India Ltd., 1999. p. 38'
  3. ↑ The drama of Barry John's life Divya Vasisht, The Times of India, 23 November 2002
  4. ↑ (3 October 2010). After 5 years in coma, Pamela Rooks dies. Yahoo! News
  5. ↑ Pamela Rooks chaosmag
  6. ↑ (8 October 2004). Prompted by predicament. The Hindu
  7. ↑ (25 July 1997). Fifty summers after. Indian Express
  8. ↑ (10 January 1999). No malice towards Rooks: Khushwant. Indian Express
  9. ↑ (13 December 2002). All set to shoot Dance Like a Man. The Times of India
  10. ↑ (2 October 2004). From stage to screen. The Hindu
  11. ↑ (1 October 2004). Dance Like A Man. The Hindu
  12. ↑ (28 November 2005). Rooks hurt in car crash. The Telegraph
  13. ↑ (28 November 2005). Pamela Rooks in hospital. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালকতথ্যচিত্ৰ নিৰ্মাতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পামেলা ৰুক্‌ছ” প্ৰবন্ধৰ সংশোধন ৪২১৭৪২ (২৭ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।