অজিতা সুচিত্ৰা বীৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখিকা, চিত্ৰকৰ, ফটোগ্ৰাফাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক। বীৰা অতি দৃশ্যমান, ভব্য, মহাকাব্যিক, চলচ্চিত্ৰীয় শৈলীৰ বাবে বেছিকৈ পৰিচিত, য’ত অগতানুগতিক আখ্যান সংৰচনা ৰূপ ভাঙি বাস্তৱ আৰু কল্পনা, সপোন, বৈজ্ঞানিক, দাৰ্শনিক, আধ্যাত্মিক আৰু মানৱতাবাদী ধাৰণাসমূহৰ মিশ্ৰণ ঘটায়। তেওঁৰ আগন্তুক পূ্ৰ্ণদৈৰ্ঘ্য ছবি "বেলাড অৱ ৰাষ্টম" ২০১৪ চনৰ শ্ৰেষ্ঠ ছবিৰ ৮৬তম অস্কাৰ বঁটাৰ প্ৰতিদ্বন্দ্বিতাত আছিল।১ তেওঁৰ পূৰ্বৰ চুটি ছবি "নোটছ অন হাৰ" ২০০৩ চনত অস্কাৰ বঁটাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে।২ তেওঁ লিখা, পৰিচালনা আৰু প্ৰযোজনা কৰা আৰু লগতে প্ৰডাকচন ডিজাইন, সম্পাদনা, চাউণ্ড ডিজাইন আৰু সংগীতৰ সহযোগিতা কৰা তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য ছবি "বেলাড অৱ ৰুষ্টম"ক জাৰ্মানীৰ হাইডেলবাৰ্গৰ ৬১তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "শক্তিশালী চিনেমেট'গ্ৰাফিক কবিতা, মহাকাব্য, আৰু ফ'ষ্টিয়ান" বুলি বৰ্ণনা কৰিছিল।৩৪
তথ্যসূত্ৰ
- ↑ Lattanzio, Ryan. 289 Feature Films Eligible for Best Picture Oscar. Indiewire
- ↑ Pasupulate, Karthik. Ajita Suchitra Veera's film in Oscar contention. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ International Film Festival Prague. Febio Fest
- ↑ Mehta, Santosh. Thinker's cinema. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজিতা সুচিত্ৰা বীৰা” প্ৰবন্ধৰ সংশোধন ৪৯৯৬৯৫ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।