গৌৰী শিন্দে (Gauri Shinde; জন্ম: ৬ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। বহু প্ৰশংসিত ইংলিছ ভিংলিছ (২০১২) ছবিৰ জৰিয়তে শিন্দেই পৰিচালনাত আত্মপ্ৰকাশ কৰে। এই ছবিখনৰ যোগেদি অভিনেত্ৰী শ্ৰীদেৱীৰ দীৰ্ঘ বিৰতিৰ পিছত প্ৰত্যাৱৰ্তন কৰিছিল। ২০১২ চনৰ ফাইনেন্সিয়েল টাইমছৰ “টুৱেণ্টি ফাইভ ইণ্ডিয়ানছ টু ৱাচ্ছ” তালিকাত শিন্দেই স্থান লাভ কৰে।[1] ৰেডিফৰ “২০১২ চনৰ বলীউডৰ ৫ গৰাকী শ্ৰেষ্ঠ পৰিচালক”ৰ তালিকাতো তেওঁ স্থান পাইছিল।১২
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
গৌৰী শিন্দেৰ জন্ম পুনেত হৈছিল আৰু ডাঙৰ-দীঘলো তাতেই হৈছিল।৩ তাৰে ছেইণ্ট জোচেফ হাইস্কুলত তেওঁ অধ্যয়ন কৰে আৰু পিছলৈ পুনেৰ চিম্বায়'ছিছ ইনষ্টিটিউট অফ মাছ কমিউনিকেচনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ কলেজীয়া জীৱনৰ শেষৰ দিনবোৰৰ পৰাই তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আগ্ৰহী হৈ উঠে।৫
তেওঁ ২০০৭ চনত চলচ্চিত্ৰ পৰিচালক আৰ বাল্কিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩৬৭
কৰ্মজীৱন
তথ্যচিত্ৰ পৰিচালক সিদ্ধাৰ্থ কাকৰ তাত ইন্টাৰশ্বিপ কৰিবলৈ তেওঁ মুম্বাইলৈ যায়। পিছলৈ আই বি ডব্লিউ, বেটছ ক্লেৰিয়ন আৰু ল’ৱে লিন্টাছৰ দৰে বিজ্ঞাপন সংস্থাৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে, য’ত আৰ বাল্কি সৃষ্টিশীল পৰিচালক আছিল। ৩ পিছৰ বছৰবোৰত তেওঁ ১০০ খনতকৈও অধিক বিজ্ঞাপনমূলক ছবি আৰু চুটি ছবি নিৰ্মাণ কৰে;১ তেওঁৰ চুটি ছবি অ’হ মেন! (২০০১) বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হয়।৮
ইংলিছ ভিংলিছ ছবিৰে তেওঁৰ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ পৰিচালনাৰ অভিষেক হয়। ছবিখন সৰু কালত মাকৰ সৈতে থকা সম্পৰ্কৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰিছিল। তেওঁৰ মাৰাঠী ভাষী মাকে পুনেৰ ঘৰৰ নিজাকৈ আচাৰৰ ব্যৱসায় চলাইছিল আৰু ভালকৈ ইংৰাজী ক’ব নোৱাৰিছিল; যিটো কথাই সৰুতে শিন্দেক লাজ দিছিল। এটা সাক্ষাৎকাৰত তেওঁ কয়, "মই মাৰ ওচৰত দুখ প্ৰকাশ কৰিবলৈ এই ছবিখন নিৰ্মাণ কৰিছিলো।" ছবিখন ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত৯ মুক্তি দিয়া হয় আৰু তাৰ পিছত ২০১২ৰ ৫ অক্টোবৰত ভাৰত আৰু বিশ্বজুৰি ইয়াক বাণিজ্যিকভাৱে মুক্তি দিয়া হয়। ছবিখন সমালোচনাত্মক আৰু বাণিজ্যিক দুয়োটা ক্ষেত্ৰতে সফলতা লাভ কৰে।১০১১ প্ৰথম ছবিৰ শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটাৰ উপৰিও তেওঁক ‘লিংগ সংবেদনশীলতাৰ বাবে লাদলী ৰাষ্ট্ৰীয় মিডিয়া বঁটা’ প্ৰদান কৰা হয়।১২
চলচ্চিত্ৰপঞ্জী
২০১২: ইংলিছ ভিংলিছ
২০১৬: ডিয়েৰ জিন্দেগী
২০২২: চুপ: ৰিভেঞ্জ অফ দ্য আৰ্টিষ্ট
বঁটা
১) ৫৮তম ফিল্মফেয়াৰ বঁটা: প্ৰথম ছবিৰ শ্ৰেষ্ঠ পৰিচালক (ইংলিছ ভিংলিছ)।
২) জি চিনে এৱাৰ্ড ২০১৩: শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন পৰিচালক (ইংলিছ ভিংলিছ)
৩) লাডলী নেচনেল মিডিয়া এৱাৰ্ড: শ্ৰেষ্ঠ মূলসূঁতিৰ ছবি (ইংলিছ ভিংলিছ)
৪) ষ্টাৰডাষ্ট এৱাৰ্ড: প্ৰথম ছবিৰ শ্ৰেষ্ঠ পৰিচালক (ইংলিছ ভিংলিছ)
তথ্যসূত্ৰ
- ↑ (16 November 2012). 25 Indians to Watch. Financial Times
- ↑ Rediff. Bollywood's 5 Best Directors of 2012
- ↑ (7 October 2012). I am a better director than Balki: Gauri Shinde. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (8 February 2013). Personal agenda: Gauri Shinde, film director. Hindustan Times
- ↑ Jamkhandikar, Shilpa. (12 September 2012). A minute with Gauri Shinde on English Vinglish | Reuters. In.reuters.com
- ↑ (31 August 2012). What keeps Sridevi glowing at 49?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ S Thakkar, Mehul. (11 September 2012). The Big B is brilliant: Gauri Shinde. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (19 January 2013). Symbiosis to honour director Gauri Shinde. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Subhash K Jha. (9 September 2012). Sridevi completely spoiled me, says Gauri Shinde. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ The Times of India. English Vinglish. The Times of India
- ↑ Hindustan Times. English Vinglish
- ↑ (21 January 2013). Gauri Shinde to receive 'Laadli' award for 'English Vinglish'. Cnn-IBN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী শিন্দে” প্ৰবন্ধৰ সংশোধন ৩৯৭৬৯৭ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।