অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আন্দামান আৰু নিকোবৰ দীপপুঞ্জৰ ইতিহাস

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ মুঠ ৫৭২টা দ্বীপৰ এটা দ্বীপপুঞ্জ, যাৰ ভিতৰৰ ৩৭টা দ্বীপত মানুহৰ বসবাস আছে। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭৩৫ শব্দ · ৪ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ মুঠ ৫৭২টা দ্বীপৰ এটা দ্বীপপুঞ্জ, যাৰ ভিতৰৰ ৩৭টা দ্বীপত মানুহৰ বসবাস আছে। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল।

আদিম বাসিন্দা

প্ৰাচীন প্ৰত্নতাত্ত্বিক প্ৰমাণে প্ৰায় ২,২১০ বছৰ আগতে এই অঞ্চলত মনুহৰ বসতিৰ কথা নথিভুক্ত কৰে। কিন্তু জিনীয় আৰু সাংস্কৃতিক অধ্যয়নৰপৰা দেখা গৈছে যে ৩০,০০০ বছৰ আগতে শেষ হোৱা মধ্য পুৰাপাথৰ যুগত খিলঞ্জীয়া আন্দামান লোকসকলক সম্ভৱ অন্য জনসংখ্যাৰপৰা পৃথক কৰা হৈছিল।১ সেই সময়ৰপৰা আন্দামানীসকলে ভাষিক আৰু সাংস্কৃতিকভাৱে সুকীয়া ভূ-খণ্ডৰ গোটত বৈচিত্ৰ্য লাভ কৰিছে।

আন এটা প্ৰতিৱেদনত কোৱা হৈছে যে নিকোবৰীসকল হয়তো প্ৰায় ১৫,০০০ বছৰ আগতেই দ্বীপসমূহত উপস্থিত হৈছিল আৰু আন্দামানীসকল প্ৰায় ৬৫,০০০ বছৰ আগতে আহিছিল।২

নিকোবৰ দ্বীপপুঞ্জত বিভিন্ন পটভূমিৰ লোক বসবাস কৰা যেন লাগে। ইউৰোপীয় লোকৰ সংস্পৰ্শৰ সময়লৈকে খিলঞ্জীয়া বাসিন্দাসকলে নিকোবৰী জনগোষ্ঠীৰ মাজত একত্ৰিত হৈছিল, একাধিকে মন-খ্মেৰ ভাষা কয়; আৰু শ্বোম্পেন, যাৰ ভাষা অনিশ্চিত সংযোগৰ। দুয়োটা আন্দামানী ভাষাৰ সৈতে সম্পৰ্কহীন যদিও মূল ভূ-খণ্ড দক্ষিণ-পূব এছিয়াৰ অষ্ট্ৰিয়া এছিয়াটিক ভাষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক।

মধ্যযুগীয় যুগত

ইয়িজিং,এজন চীনা সন্ন্যাসীয়ে ভাৰত ভ্ৰমণ কৰাৰ সময়ত নিজৰ কিতাপত নিকোবৰ দ্বীপপুঞ্জক "নগ্ন মানুহৰ ৰাজ্য" বুলি উল্লেখ কৰিছিল।

বিছ দিন নৌহওঁতেই মই ফছি 佛逝 পালোঁগৈ। ছমাহ ক্ৰমান্বয়ে শব্দবিদ্যা শিকি পাৰ কৰিলোঁ। ৰজাই সমৰ্থন আগবঢ়াই মোক মলুওয়ুলৈ পঠিয়াই দিলে (এইটো এতিয়া শিলিফোছিলৈ সলনি কৰা হৈছে), য’ত মই আকৌ দুমাহ কটালোঁ আৰু তাৰ পিছত কেদাহৰফালে দিশ সলনি কৰিলোঁ। দ্বাদশ চান্দ্ৰ মাহৰ সময়ত পাল তোলা হ’ল আৰু মই ভাৰত অভিমুখে ৰজাৰ জাহাজত উঠিলোঁ। কেদাহৰপৰা মই দহ দিনতকৈও অধিক সময় উত্তৰ দিশলৈ গৈ নগ্ন মানুহৰ ৰাজ্য পালোঁ।

কিছুমান আৰব সূত্ৰয়ো দ্বীপসমূহ ভ্ৰমণ কৰা বুলি দাবী কৰে। তেওঁলোকে দাবী কৰিছিল যে জনগোষ্ঠীসমূহে ধাতুৰ বিনিময় কৰিব পাৰে, আৰু ধাতুৰ বল্লমৰ লগতে কাঁড় ব্যৱহাৰ কৰে।

চোল সাম্ৰাজ্যৰ অধীনত

  • লগতে চাওক: আন্দামানৰ তামিল

প্ৰথম ৰাজেন্দ্ৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক কৌশলগত নৌসেনাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰি শ্ৰীৱজয়া সাম্ৰাজ্য (ইণ্ডোনেছিয়া)ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। চোলসকলে দ্বীপটোক মা-নক্কাভাৰম ("মহান মুকলি/উলংগ ভূমি") বুলি কয়, যিটো ১০৫০ খ্ৰীষ্টাব্দৰ থাঞ্জাভুৰ শিলালিপিত পোৱা যায়। ইউৰোপীয় ভ্ৰমণকাৰী মাৰ্কো প’লোৱে (দ্বাদশ–ত্ৰয়োদশ শতিকা) এই দ্বীপটোক 'নেকুভেৰান' বুলিও উল্লেখ কৰিছিল আৰু তামিল নাম নক্কাভাৰমৰ এটা অপভ্ৰংশ ৰূপৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক যুগত নিকোবৰ এই আধুনিক নামটো হয়তো আহিছিল।৩

মাৰাঠা সাম্ৰাজ্যৰ অধীনত

১৭ শতিকাত এই দ্বীপসমূহ মাৰাঠা সাম্ৰাজ্য আৰু ইয়াৰ নৌসেনাৰ অস্থায়ী জাহাজ বন্দৰত পৰিণত হয়। আন্দামানীসকলক নিজৰ ভূ-খণ্ডৰ অধীনত তালিকাভুক্ত কৰা প্ৰথম সাম্ৰাজ্য আছিল মাৰাঠা সাম্ৰাজ্য।৪ মাৰাঠা এডমিৰেল কানহোজী আংৰে দ্বীপসমূহত নৌসেনাৰ মৌলিক আধিপত্য স্থাপন কৰিছিল আৰু দ্বীপসমূহ ভাৰতৰ সৈতে সংযুক্ত কৰাত ভূমিকা পালন কৰিছিল।৫

ঔপনিৱেশিক যুগ

ডেনিছ শাসন

দ্বীপসমূহত সংগঠিত ইউৰোপীয় উপনিৱেশিকৰণৰ ইতিহাস আৰম্ভ হৈছিল যেতিয়া ১৭৫৫ চনৰ ১২ ডিচেম্বৰত ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লোক নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হৈ বসতি কৰিবলৈ লৈছিল। ১৭৫৬ চনৰ ১ জানুৱাৰীত নিকোবৰ দ্বীপপুঞ্জক ডেনিছ উপনিৱেশ হিচাপে গঢ়ি তোলা হয়, ইয়াৰ নাম প্ৰথমে নিউ ডেনমাৰ্ক,৬ আৰু পিছলৈ (১৭৫৬ চনৰ ডিচেম্বৰ মাহত) ফ্ৰেডেৰিক দ্বীপপুঞ্জ (ফ্ৰেডেৰিকছ’য়াৰ্নে) ৰখা হয়। ১৭৫৪–১৭৫৬ চনৰ ভিতৰত ট্ৰেংকেবাৰৰপৰা (মহাদেশীয় ডেনিছ ভাৰতত) ইহঁতক প্ৰশাসন কৰা হৈছিল। মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ বাবে দ্বীপসমূহ বাৰে বাৰে পৰিত্যক্ত হৈ পৰিছিল; ১৭৫৯ চনৰ ১৪ এপ্ৰিলৰপৰা ১৭৬৮ চনৰ ১৯ আগষ্টলৈ, ১৭৮৭ চনৰপৰা ১৮০৭/০৫, ১৮১৪ চনৰপৰা ১৮৩১ চন, ১৮৩০ চনৰপৰা ১৮৩৪ চনলৈ আৰু ক্ৰমান্বয়ে ১৮৪৮ চনৰপৰা চিৰদিনৰ বাবে।৬

১৭৭৮ চনৰ ১ জুন তাৰিখৰ পৰা ১৭৮৪ চনলৈকে ডেনমাৰ্কে নিকোবৰ দ্বীপপুঞ্জৰ ওপৰত নিজৰ দাবী পৰিত্যাগ কৰিছে বুলি অষ্ট্ৰিয়াই ভুলকৈ ধাৰণা কৰি লৈছিল আৰু ইয়াৰ ওপৰত উপনিবেশ স্থাপন কৰাৰ চেষ্টা কৰি৭ ইয়াৰ নাম থেৰেচিয়া দ্বীপপুঞ্জ ৰাখিছিল।৬

ব্ৰিটিছ শাসন

১৭৮৯ চনত ব্ৰিটিছে গ্ৰেট আন্দামানৰ কাষৰ চাথাম দ্বীপত নৌসেনাৰ ঘাটি আৰু দণ্ডবিধিৰ উপনিবেশ স্থাপন কৰে। সেই ঠাইতে বৰ্তমানৰ প’ৰ্ট ব্লেয়াৰ চহৰখন অৱস্থিত। দুবছৰৰ পাছত এই উপনিবেশটো গ্ৰেট আন্দামানৰ প’ৰ্ট কৰ্ণৱালিছলৈ স্থানান্তৰ কৰা হয় যদিও ১৭৯৬ চনত ৰোগৰ বাবে ইয়াক পৰিত্যক্ত কৰা হয়।

আছিল ৰাজনৈতিক বন্দীসকলক নিৰ্বাসিত কৰিবলৈ ব্যৱহাৰ কৰা ঔপনিৱেশিক কাৰাগাৰ।]]

১৮৬৮ চনৰ ১৬ অক্টোবৰত নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ ব্ৰিটেইনক বিক্ৰী কৰাৰ লগে লগে ডেনমাৰ্কৰ উপস্থিতি এই ভূখণ্ডত আনুষ্ঠানিকভাৱে শেষ হয়৭ যাৰ ফলত ১৮৬৯ চনত ই ব্ৰিটিছ ভাৰতৰ অংশ হৈ পৰে।

১৮৫৮ চনত ব্ৰিটিছে পুনৰ প’ৰ্ট ব্লেয়াৰত ঔপনিৱেশ স্থাপন কৰে, যিটো অধিক স্থায়ী বুলি প্ৰমাণিত হয়। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতীয় উপমহাদেশৰ পৰা অহা অপৰাধী দোষীসকলৰ বাবে এটা শাস্তিমূলক ঘাটি স্থাপন কৰা। কলনীটোত কুখ্যাত চেলুলাৰ জে’লখনো অন্তৰ্ভুক্ত হ’ল।

১৮৭২ চনত প’ৰ্ট ব্লেয়াৰত এজন মুখ্য আয়ুক্তৰ অধীনত আন্দামান আৰু নিকোবাৰ দ্বীপসমূহক একত্ৰিত কৰা হয়।

দ্বিতীয় বিশ্বযুদ্ধ

  • মূল প্ৰবন্ধ: জাপানৰ দখলত আন্দামান দ্বীপপুঞ্জ

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই দ্বীপসমূহ কাৰ্যতঃ জাপানৰ নিয়ন্ত্ৰণত আছিল, মাত্ৰ নামমাত্ৰ সুভাষ চন্দ্ৰ বসুৰ আৰ্জি হুকুমাতে আজাদ হিন্দৰ কৰ্তৃত্বত আছিল। যুদ্ধৰ সময়ত বসুৱে দ্বীপসমূহ ভ্ৰমণ কৰিছিল, আৰু ইয়াৰ নাম সলনি কৰি "শ্বহীদ-দ্বীপ" (শ্বহীদ দ্বীপ) আৰু "স্বৰাজ-দ্বীপ" (আত্মশাসন দ্বীপ) ৰাখিছিল।

জাপানী সামৰিক প্ৰতিনিধি দলে ৰাজপুত ৰেজিমেণ্টৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্ণেল নাথু সিঙক প্ৰণাম জনায়, দ্বীপপুঞ্জসমূহ আত্মসমৰ্পণ কৰাৰ পিছত, ১৯৪৫ খ্ৰীষ্টাব্দ।
জাপানী সামৰিক প্ৰতিনিধি দলে ৰাজপুত ৰেজিমেণ্টৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্ণেল নাথু সিঙক প্ৰণাম জনায়, দ্বীপপুঞ্জসমূহ আত্মসমৰ্পণ কৰাৰ পিছত, ১৯৪৫ খ্ৰীষ্টাব্দ।ছবি: Lemon A E (Sergeant), No 9 Army Film & Photographic Unit · Public domain

ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ জেনেৰেল এ ডি লোগানাথনক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ গৱৰ্ণৰ নিযুক্তি দিয়া হয়। ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁ চাৰিজন আই এন এ বিষয়াৰ সৈতে— মেজৰ মনছুৰ আলী আলভি, চাব. লেফটেনেণ্ট এম ডি ইকবাল, লেফটেনেণ্ট সুবা সিং আৰু ষ্টেনোগ্ৰাফাৰ শ্ৰীনিবাসন—প’ৰ্ট ব্লেয়াৰৰ লেম্বালাইন বিমানবন্দৰত উপস্থিত হয়। ১৯৪৪ চনৰ ২১ মাৰ্চত এবাৰডিন বজাৰত গুৰুদ্বাৰাৰ ওচৰত অসামৰিক প্ৰশাসনৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হয়। ১৯৪৪ চনৰ ২ অক্টোবৰত কৰ্ণেল লোগানাথনে এই দায়িত্ব মেজৰ আলভিৰ হাতত অৰ্পণ কৰে আৰু প’ৰ্ট ব্লেয়াৰ এৰে, পিছত তেওঁ কেতিয়াও উভতি অহা নাছিল।৮

জাপানৰ ভাইচ এডমিৰেল হাৰা টেইজো আৰু মেজৰ জেনেৰেল টামেনোৰী সাটোৱে ১৯৪৫ চনৰ ৭ অক্টোবৰত প’ৰ্ট ব্লেয়াৰৰ জিমখানা খেলপথাৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ১১৬ নং ভাৰতীয় পদাতিক ব্ৰিগেডৰ অধিনায়ক ব্ৰিগেডিয়াৰ জে এ চেলমনছ আৰু ভাৰতীয় অসামৰিক সেৱাৰ মুখ্য প্ৰশাসক মিষ্টাৰ নোৱেল কে পেটাৰছনৰ হাতত দীপপুঞ্জটোৰ শাসন অৰ্পণ কৰে।

স্বাধীনতাৰ পিছৰ (১৯৪৭ খ্ৰীষ্টাব্দ – বৰ্তমানলৈ)

ভাৰত (১৯৪৭) আৰু বাৰ্মা (১৯৪৮) উভয়ৰে স্বাধীনতাৰ সময়ত বিদায়ী ব্ৰিটিছে এই দ্বীপসমূহত সকলো এংলো-ইণ্ডিয়ান আৰু এংলো-বাৰ্মিজক পুনৰ সংস্থাপন কৰি নিজৰ জাতি গঠন কৰাৰ উদ্দেশ্য ঘোষণা কৰিছিল যদিও সেয়া কেতিয়াও বাস্তৱায়িত নহ’ল। ১৯৫০ চনত ই ভাৰতৰ অংশ হৈ পৰে আৰু ১৯৫৬ চনত ইয়াক জাতিটোৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয়।৯

ভাৰতে ১৯৮০ চনৰ পৰাই দ্বীপসমূহত প্ৰতিৰক্ষাৰ সুবিধাসমূহ গঢ়ি তুলিছে। বংগোপসাগৰ আৰু মালাকা জলদ্বীপত ভাৰতৰ কৌশলগত ভূমিকাত এই দ্বীপসমূহে এতিয়া গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।১০

২০০৪ চনত এছিয়ান ছুনামী

২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰৰ ওচৰত সাগৰৰ তলৰ ভূমিকম্পৰ পিছত ১০ মিটাৰ (৩৩ ফুট) বিশাল ছুনামীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপকূল ধ্বংস কৰে। ২০০০তকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল, ৪ হাজাৰতকৈ অধিক শিশু অনাথ হৈ পৰিছিল বা এজন পিতৃ-মাতৃক হেৰুৱাইছিল আৰু নূন্যতম ৪০ হাজাৰ লোকক গৃহহীন হৈ পৰিছিল। ৪৬,০০০ তকৈ অধিক লোক আহত হয়।১১ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত নিকোবৰ দ্বীপসমূহ আছিল কাটচাল আৰু ইন্দিৰা পইণ্ট; পিছৰটো ৪.২৫ মিটাৰ (১৩.৯ ফুট) তললৈ নামি আহি আংশিকভাৱে সাগৰত ডুব গৈছিল। ইন্দিৰা পইণ্টৰ লাইটহাউচটো ক্ষতিগ্ৰস্ত হৈছিল যদিও তাৰ পিছৰে পৰা মেৰামতি কৰা হৈছে। ভূখণ্ডটোৱে বৃহৎ পৰিমাণৰ এলেকা হেৰুৱাইছিল যিটো এতিয়া ডুব গৈছে। ভাৰতীয় ৰাজ্যসমূহত যি ভূখণ্ড ৮,০৭৩ কিলোমিটাৰ বৰ্গফুট (৩,১১৭ বৰ্গমাইল) আছিল, সেই ভূখণ্ড এতিয়া ৭,৯৫০ কিলোমিটাৰ বৰ্গফুট (৩,০৭০ বৰ্গমাইল) হৈছে।১২

দ্বীপসমূহৰ স্থানীয় লোক আৰু পৰ্যটকসকলে ছুনামীৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল যদিও আদিবাসী লোকসকলৰ অধিকাংশই ৰক্ষা পৰিছিল কাৰণ যুগ যুগ ধৰি প্ৰচলিত মৌখিক পৰম্পৰাই তেওঁলোকক বৃহৎ ভূমিকম্পৰ পিছত হোৱা বৃহৎ ঢৌৰ পৰা আঁতৰি যাবলৈ সঁকিয়াই দিছিল।১৩

তথ্যসূত্ৰ

  1. ↑ Palanichamy, Malliya G.; Agrawal, Suraksha; Yao, Yong-Gang. (2006). Comment on 'Reconstructing the Origin of Andaman Islanders'. Science. পৃ. 470
  2. ↑ Thangaraj, Kumarasamy; Chaubey, Gyaneshwer; Kivisild, Thomas. (2005). 'Reconstructing the Origin of Andaman Islanders'. Science. পৃ. 996
  3. ↑ Government of India. (1908). The Andaman and Nicobar Islands: Local Gazetteer. Superintendent of Government Printing, Calcutta
  4. ↑ John o Mcgill, inner eye. (29 June 2023). History of andaman and Nicobar Islands. History of andaman and Nicobar Islands
  5. ↑ Kukreja, Air Marshal Dhiraj. (1 January 2013). Andaman and Nicobar Islands: A security challenge for India. Indian Defence Review
  6. ↑ ben cahoon. Provinces of British India. Worldstatesmen.org
  7. ↑ Ramerini, Marco. Chronology of Danish Colonial Settlements. ColonialVoyage.com
  8. ↑ Roychowdhury, Rabin. "Black Days in Andaman and Nicobar Islands", Manas, New Delhi
  9. ↑ Planning Commission of India. (2008). Andaman and Nicobar Islands Development Report. State Development Report series. Academic Foundation. ISBN 978-81-7188-652-4
  10. ↑ David Brewster. India's Defence Strategy and the India-ASEAN Relationship. Retrieved 24 August 2014
  11. ↑ Carl Strand and John Masek. (2007). Sumatra-Andaman Islands Earthquake and Tsunami of December 6, 2004: Lifeline Performance. ASCE, Technical Council on Lifeline Earthquake Engineering. ISBN 9780784409510
  12. ↑ Effect of the 2004 Indian Ocean earthquake on India
  13. ↑ (20 January 2005). Tsunami folklore 'saved islanders'. BBC News

সম্পৰ্কিত শ্ৰেণী

দ্বীপভাৰতৰ অঞ্চলসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্দামান আৰু নিকোবৰ দীপপুঞ্জৰ ইতিহাস” প্ৰবন্ধৰ সংশোধন ৬২৪২৪৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।