আলামেলু মণি ( Alamelu Mani; জন্ম ৪ অক্টোবৰ ১৯৩৪) মুম্বাইৰ এগৰাকী কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ শিল্পী আৰু সংগীত শিক্ষক। ২০১৮ চনত কৰ্ণাটকী সংগীত শাখাত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
১৯৩৪ চনৰ ৪ অক্টোবৰত মহাৰাষ্ট্ৰৰ মুম্বাইত আলামেলু মণিৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ বৰধন এজন হাৰমনিয়াম বজোৱা লোক আছিল। ভাৰতীয় নেপথ্য কণ্ঠশিল্পী হৰিহৰণ তেওঁৰ একমাত্ৰ পুত্ৰ।২৩
সাংগীতিক জীৱন
আলামেলুক তিনি বছৰ বয়সত আইতাকে প্ৰথম সংগীতৰ পাঠ দিছিল। দহ বছৰ বয়সত তেওঁ কৰ্ণাটকী সংগীতৰ বিষয়ে এইচ.এ.এছ. মণিৰ ওচৰত শিক্ষা লৈছিল, যাক তেওঁ পিছলৈ বিয়া কৰাইছিল। ২৮ বছৰ বয়সত স্বামীৰ মৃত্যুত তেওঁৰ সংগীত শিক্ষাত বাধা আহিছিল যদিও এবছৰৰ পিছত কৰ্ণাটী সংগীতৰ দেৱদাসী পৰম্পৰাৰ অনুগামী টি বৃন্দা, টি মুক্তা আৰু তঞ্জাভুৰ ভি শংকৰ আয়াৰৰ ওচৰত পুনৰ অধ্যয়ন আৰম্ভ কৰে।৪
আলামেলু অল ইণ্ডিয়া ৰেডিঅ' (১৯৬৮ চনৰ পৰা) আৰু দূৰদৰ্শনৰ এ গ্ৰেড শিল্পী।৫ কৰ্ণাটকী সংগীতৰ শিক্ষক হিচাপে আলামেলুৱে বিশ্বৰ ১০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছে।৬
তথ্যসূত্ৰ
- ↑ Alamelu Mani. সংগীত নাটক একাডেমী
- ↑ (10 January 2013). Kudos for her enthusiasm. The Hindu
- ↑ Khanna, Shailaja. (25 April 2018). Humming along with Hariharan. The Hindu
- ↑ Ramanan, Sumana. Mumbai’s lost world of Carnatic music. Mumbai Mirror
- ↑ (22 September 2011). Living life on her terms. The Hindu
- ↑ (16 September 2019). Our music has a bright future, says doyenne of Carnatic music Alamelu Mani. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলামেলু মণি” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৬৯ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।