বিদুষী সুমিত্ৰা গুহ (জন্ম:সুমিত্ৰা ৰাজু; Vidushi Sumitra Guha ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী, কৰ্ণাটকী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত থকা তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত।১ ভাৰত চৰকাৰে ২০১০ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী২ আৰু ২০২০ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰে।৩৪
জীৱনী
সুমিত্ৰ গুহৰ জন্ম অন্ধ্ৰ প্ৰদেশত; ৫ স্থানীয়ভাৱে পৰিচিত গায়িকা শ্ৰীমতী ড. ৰাজ্যলক্ষ্মী ৰাজু আৰু চিট্টুৰ জিলাৰ তিৰুমালা ৰেড্ড্ডীপল্লেৰ মূল নিবাসী, অৱসৰপ্ৰাপ্ত ডেপুটি কালেক্টৰ আৰ জি নাৰায়ণ ৰাজুৰ কন্যা। তেওঁৰ ভগ্নী শোভা ৰাজু কৰ্ণাটকৰ বিখ্যাত কণ্ঠশিল্পী আৰু ১৫ শতিকাৰ সন্ত-সংগীতকাৰ, অন্নমাচাৰ্য সংকীৰ্তনৰ প্ৰতিপাদক।৬ গুহই সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল আৰু মাকৰ পৰা সংগীতৰ প্ৰথম পাঠ লাভ কৰিছিল।৭ এঘাৰ বছৰ বয়সৰ পৰা কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ এজন বিখ্যাত সংগীত গুৰু এছ আৰ জানকীৰামনৰ ওচৰত তেওঁৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল।৮ অন্ধ্ৰ প্ৰদেশৰ এখন সৰু গাঁৱত ডাঙৰ-দীঘল হোৱাৰ বাবে আৰু ডাক্তৰী পেছাটোৰ আভিজাত্যৰ বাবেই তেওঁ এগৰাকী ডাক্তৰ হ’ব বিচাৰিছিল। দেউতাকৰ নেপাললৈ বদলি হোৱাত তেওঁৰ পিতৃয়ে শান্তিনিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে। তাত তেওঁ দৰ্শনশাস্ত্ৰত স্নাতক হয়।৯ ১৯৬৪ চনত হিন্দুস্তানী সংগীত শিকিবলৈ আৰম্ভ কৰি কিৰানা ঘৰানাৰ পণ্ডিত এ কানন আৰু বিদুষী মালিকা কাননৰ অধীনত সংগীতৰ অধ্যয়ন অব্যাহত ৰাখে। পিছলৈ কলকাতাৰ সাংস্কৃতিকভাৱে সমৃদ্ধিশালী পৰিৱেশৰ মাজত পাটিয়ালা ঘৰানাৰ ওস্তাদ বড়ে গুলাম আলী খানৰ তত্ত্বাৱধানত শিকি অহা সংগীতৰ বিখ্যাত প্ৰতিপাদক সুশীল কুমাৰ বসুৰ পৰা কিছু নিৰ্দেশনা লাভ কৰে। ১০
সন্মান
- ২০২০: সংগীত নাটক একাডেমী বঁটা (হিন্দুস্তানী কণ্ঠ সংগীত)
- ২০১০: পদ্মশ্ৰী
বাহ্যিক সংযোগ
- (15 November 2010). Concert in Montreal, Canada. Music video. YouTube
- Recital for The India Tube. Music video. YouTube
- (3 April 2013). Madhuvarsha - Love Rain, Raga by Padam Shree Sumitra Guha. Video. YouTube
তথ্যসূত্ৰ
- ↑ (2014). University of Massachusetts. University of Massachusetts
- ↑ (2014). Padma Shri. Padma Shri
- ↑ Sangeet Natak Akademi Award
- ↑ Sangeet Natak Akademi Award 2
- ↑ (5 September 2013). The Hindu
- ↑ (2014). Profile. Sumitraguha.in
- ↑ (2014). Lokvani. Lokvani
- ↑ (2014). Under Score Records. Under Score Records
- ↑ (2014). Maharishi Gandharva. Maharishi Gandharva
- ↑ (7 May 2009). The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমিত্ৰা গুহ” প্ৰবন্ধৰ সংশোধন ৪৯১৮৪১ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।