অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালবিকা কানন

মালবিকা কানন ( Malabika Kanan; ২৭ ডিচেম্বৰ ১৯৩০ – ১৭ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী। কাননে ১৯৯৫ চনত আই টি কে সংগীত গৱেষণা একাডেমী বঁটা আৰু ১৯৯৯-২০০০ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মালবিকা কানন ( Malabika Kanan; ২৭ ডিচেম্বৰ ১৯৩০ – ১৭ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী।১ কাননে ১৯৯৫ চনত আই টি কে সংগীত গৱেষণা একাডেমী বঁটা আৰু ১৯৯৯-২০০০ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।২

জীৱনী

১৯৩০ চনৰ ২৭ ডিচেম্বৰত৩ লক্ষ্ণৌত কাননৰ জন্ম ৰবীন্দ্ৰলাল ৰায়ৰ ঘৰত হয়। ৰবীন্দ্ৰলাল ৰায় এজন সংগীতকাৰ আৰু বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ শিষ্য আছিল। প্ৰাৰম্ভিক বছৰবোৰত কাননে পিতৃৰ অধীনত কেইবাবছৰ ধৰি ধ্ৰুপদ, ধমৰ আৰু খয়াল আদি সংগীত ধাৰাত প্ৰশিক্ষণ লৈছিল। শান্তিদেৱ ঘোষ আৰু সুচিত্ৰ মিত্ৰৰ পৰাও ৰবীন্দ্ৰসংগীতৰ প্ৰশিক্ষণ লৈছিল। দেশৰ ভিতৰতে বহু ঠাইত সংগীত কনচাৰ্টত দেউতাকৰ সৈতে ভ্ৰমণ কৰিছিল। ১৫ বছৰ বয়সত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ত ৰাগ ৰামকলি পৰিবেশন কৰিছিল। তানচেন সংগীত সমাৰোহত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত পৰিবেশন কৰে।৪

তথ্যসূত্ৰ

  1. ↑ (July 1976). The Illustrated Weekly of India. Times of India
  2. ↑ (13 May 2001). Sangeet Natak Akademi awards presented. দ্য হিন্দু
  3. ↑ (2001). Sruti. P.N. Sundaresan
  4. ↑ Vidushi Malabika Kanan passes away. ITC Sangeet Research Academy

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালবিকা কানন” প্ৰবন্ধৰ সংশোধন ৪৮৮৬৪১ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।