উত্তৰা উন্নিকৃষ্ণন (Uthara Unnikrishnan, জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ এ এল বিজয়ৰ দ্বাৰা পৰিচালিত এক পাৰিবাৰিক ২০১৪ চনৰ তামিল ছবি 'শৈৱম'ৰ "আঝাগু" (সৌন্দৰ্য) গীতত কণ্ঠদানৰ বাবে ২০১৫ চনৰ ৬২ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ মাত্ৰ ৭ বছৰ বয়সত গীতটো ৰেকৰ্ড কৰিছিল। তেওঁ ১০ বছৰ বয়সত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি ইয়াৰ কনিষ্ঠতম প্ৰাপ্তকৰ্তা হিচাপে পৰিগণিত হয়।১২
প্ৰাৰম্ভিক জীৱন
২০০৪ চনত উত্তৰা উন্নিকৃষ্ণনৰ জন্ম হৈছিল। তেওঁ কৰ্ণাটিক শাস্ত্ৰীয় সংগীতশিল্পী পি. উন্নিকৃষ্ণন আৰু ভাৰতনাট্যম নৃত্যশিল্পী প্ৰিয়া উন্নিকৃষ্ণন কন্যা। তেওঁৰ দেউতাক পি. উন্নিকৃষ্ণনে শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী শিতানত একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তামিল গীত "এন্নাভালে আদি এন্নাভালে" আৰু "উইৰম নেই"ৰ প্ৰথম প্ৰদৰ্শনৰ বাবে ১৯৯৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল।১
উত্তৰায়ে সুধা ৰাজাৰ পৰা ছয় বছৰ বয়সত কৰ্ণাটিক শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ লেডি এণ্ডাল স্কুল আৰু এপিএল গ্লোৱেল স্কুলত পঢ়িছিল। তামিল সংগীতৰ উপৰিও তেওঁ পশ্চিমীয়া শাস্ত্ৰীয়, ৰক আৰু পপ সংগীত উপভোগ কৰে আৰু এই সকলো ধাৰাবোৰ আয়ত্ত কৰিব বিচাৰে।৩
সাংগীতিক জীৱন
ৰাগ কানাড়াৰ ওপৰত আধাৰিত জি ভি প্ৰকাশ কুমাৰে "আঝাগু" (সৌন্দৰ্য) ৰচনা কৰিছিল। এই গীতটোৱে চাৰিওফালে থকা সৌন্দৰ্যৰ বিষয়ে শিশুৰ ধাৰণা বৰ্ণনা কৰিছে। এই গীতটো না. মুথুকুমাৰে লিখিছিল আৰু তেওঁ ইয়াৰ বাবে শ্ৰেষ্ঠ গীতৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।৪ যেতিয়া উত্তৰা উন্নিকৃষ্ণনে তেওঁৰ মাতৃ প্ৰিয়া উন্নিকৃষ্ণনৰ সৈতে গোলু উৎসৱৰ সময়ত কৰ্ণাটিক কণ্ঠশিল্পী চাইন্দৱীৰ ঘৰলৈ গৈছিল তাত তেওঁ এই গীতটোৰ কেইটামান শাৰী গাইছিল। কেইমাহমান পিছত চাইন্দৱীৰ স্বামী জি. ভি. প্ৰকাশ কুমাৰে উত্তৰাক 'শৈৱম' ছবিৰ বাবে চুক্তিবদ্ধ কৰে।৫ উত্তৰা উন্নিকৃষ্ণনে ২০১৩ চনত আঠ বছৰ বয়সত শিশু অভিনেতা চাৰা অৰ্জুনৰ বাবে গীতটো ৰেকৰ্ড কৰিছিল।৬ ছবিখনত "আঝাগু"ৰ উপৰিও তেওঁ আৰু দুটা তামিল গান গাইছে।৭
গীতটোৱে বহু লোকৰ পৰা প্ৰশংসা লাভ কৰাৰ পিছতো কণ্ঠশিল্পী প্ৰদীপ সোমাসুন্দৰনে জুৰিৰ বাছনিৰ সমালোচনা কৰি গানটোক তীক্ষ্ণতা সংশোধন ছফ্টৱেৰ ব্যৱহাৰৰ জৰিয়তে যথেষ্ট পৰিবৰ্তন কৰা বুলি কৈছিল। ection]] software.৮ উত্তৰায়ে পিছত জি. ভি. প্ৰকাশ কুমাৰৰ সৈতে 'থেৰি' ছবিত "ইনা মীনা টীকা" গীতত কণ্ঠদান কৰিছিল।৯ তেওঁ ফ্লাৱাৰ টিভিত প্ৰচাৰিত মালায়ালম টিভি শৃংখলা মুনুমণিৰ 'মিনামিনি কুঞ্জলে' শীৰ্ষক গীতটো গাইছে। বৰ্তমান তেওঁ তেওঁৰ দেউতাকৰ দৰে কৰ্ণাটিক সংগীতৰ কনচাৰ্টত প্ৰদৰ্শন আৰম্ভ কৰিছে। ২০১৭ চনৰ কানাড়া এজানাডু বাতৰি কাকত (প্ৰাইভেট লিমিটেড)ৰ বাৰ্ষিকীত তেওঁৰ শেহতীয়া প্ৰদৰ্শনক দৰ্শকে যথেষ্ট প্ৰশংসা কৰিছিল।
গীতসমূহৰ তালিকা
| বৰ্ষ | ছবি | ভাষা | গীত | টোকা |
|---|---|---|---|---|
| ২০১৪ | 'পিসাচু' | তামিল | "পোগুম পাধাই" | |
| ২০১৪ | 'শৈৱম' | তামিল | "আঝাগু" | |
| ২০১৫ | 'দাগুদুমুঠা দাণ্ডাকোৰ' | তেলেগু | "ইভাৰু নিয়ৰপাৰু" | |
| ২০১৬ | 'থেৰি' | তামিল | "ইনা মীনা টিকা" | |
| ২০১৮ | 'লক্ষ্মী' | তামিল | "মৰক্কা মাত্ৰাক্কা" |
বঁটা আৰু সন্মান
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৪
তথ্যসূত্ৰ
- ↑ (11 April 2015). Like Father, Like Daughter. Tehleka.com
- ↑ "62nd National Film Awards: Complete list of winners" আৰ্কাইভ কপি. IBN Live. 24 March 2015. Retrieved 24 March 2015
- ↑ (30 March 2015). 10-year-old Uthara to receive National Award 20 years after father singer P Unnikrishnan got. The Indian Express
- ↑ (24 March 2015). 62nd National Film Awards: Tamil movies bag eight honours. Times of India
- ↑ (24 March 2015). The family note. The Hindu
- ↑ (19 November 2013). Eight-year old Uthara croons for 'Saivam'. sify.com
- ↑ Uthara Unnikrishnan: Like father, like daughter
- ↑ (25 March 2015). Best female singer award is amusing. The Times of India
- ↑ GV50- 'Theri' audio review. Sify
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰা উন্নিকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৯২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।