হীৰাবাই বৰোদেকৰ ( Hirabai Barodekar; ১৯০৫–১৯৮৯) এগাৰীক ভাৰতীয় কিৰানা ঘৰানাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত কণ্ঠশিল্পী। তেওঁ ওস্তাদ আব্দুল ৱাহিদ খানৰ শিষ্যা আছিল।১ কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সংগীত নাটক একাডেমী বঁটা২ আৰু পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল।৩
সংগীত জীৱন
১৫ বছৰ বয়সত কেছৰবাই কেৰকাৰৰ পৃষ্ঠপোষকতাত হীৰাবাইয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱা অনুষ্ঠানত অংশ লয়।
খয়াল, থুমৰী, মাৰাঠী নাট্য সংগীত, ভজন আদি বিষয়ত তেওঁ পাৰংগদ আছিল। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁ ভাৰতৰ মহিলা শিল্পীৰ কনচাৰ্টৰ পথ প্ৰদৰ্শক আছিল। ভাৰতত টিকটৰ ব্যৱস্থা থকা কনচাৰ্টৰ প্ৰচলন কৰা প্ৰথমগৰাকী মহিলা শিল্পী। তেওঁৰ ‘তাৰ সা’ৰ পৰিবেশন অতি জনপ্ৰিয় হৈ পৰিছিল আৰু এয়া তেওঁৰ পৰিচয় হৈ পৰিছিল। তেওঁ কিৰানা ঘৰানাক অধিক জনপ্ৰিয় আৰু সমৃদ্ধ কৰি তুলিছিল।
হীৰাবাইয়ে "সুবৰ্ণ মন্দিৰ", "প্ৰতিভা", "জনাবাই", আৰু "মিউনিচিপালিটি"কে ধৰি কেইবাখনো চিনেমাত অভিনয় কৰিছিল। তেওঁ ছোৱালীক সংগীত শিকোৱাৰ উদ্দেশ্যে "নুতন সংগীত বিদ্যালয়" নামৰ সংগীত বিদ্যালয় এখনো আৰম্ভ কৰে। বিদ্যালয়খনত কেইবাখনো নাটক মঞ্চস্থ কৰা হয়।
হীৰাবাই নিজৰ কেৰিয়াৰৰ আৰম্ভণিতেই এগৰাকী ৰেকৰ্ডিং আৰ্টিষ্ট হৈছিল। (তেওঁৰ ৭৮ আৰ পি এম ৰেকৰ্ডিং আৰ.পি.জিয়ে তেওঁলোকৰ ক্লাছিকেল গোল্ড ছিৰিজৰ কেছেটত পুনৰ মুকলি কৰিছে)। তেওঁক "গানহীৰা" উপাধি দিয়া হৈছিল।৪
বাহ্যিক সংযোগ
- Hirabai Barodekar at Lastfm
তথ্যসূত্ৰ
- ↑ Sharma, Manorama. (2006). Tradition of Hindustani Music. A.P.H. Publishing Corporation. পৃ. 54. ISBN 81-7648-999-9
- ↑ Sangeet Natak Akademi - All Awardees. সংগীত নাটক একাডেমী
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (January 29, 2022). व्यक्तिवेध: प्रभा अत्रे. Loksatta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰাবাই বৰোদেকৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৮৮৬ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।