অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সন্দীপ মহেশ্বৰী

সন্দীপ মহেশ্বৰী (Sandeep Maheshwari; জন্ম ২৮ ছেপ্টেম্বৰ ১৯৮০) এজন ভাৰতীয় উদ্যোগী, ইউটিউবাৰ, আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ বিশ্বৰ সবাতোকৈ‍ জনপ্ৰিয় প্ৰেৰণাদায়ক বক্তাসকলৰ মাজৰ এজন। ইয়াৰ উপৰি তেওঁ ইমেজছবাজাৰৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াও।

হালনাগাদ: ২৪ জুলাই ২০২৬ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সন্দীপ মহেশ্বৰী (Sandeep Maheshwari; জন্ম ২৮ ছেপ্টেম্বৰ ১৯৮০) এজন ভাৰতীয় উদ্যোগী, ইউটিউবাৰ, আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ বিশ্বৰ সবাতোকৈ‍ জনপ্ৰিয় প্ৰেৰণাদায়ক বক্তাসকলৰ মাজৰ এজন। ইয়াৰ উপৰি তেওঁ ইমেজছবাজাৰৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াও। তেওঁ নিয়মিতভাৱে নিজৰ ইউটিউব চেনেলত প্ৰেৰণাদায়ক ভিডিঅ’ আপলোড কৰে, তেওঁৰ ২.৮ কোটিতকৈ অধিক চাবছক্ৰাইবাৰ আছে। তেওঁৰ ইউটিউব চেনেলটো হৈছে বিশ্বৰ সৰ্ববৃহৎ অলাভজনক ইউটিউব চেনেল। তেওঁ নিজৰ ইউটিউব চেনেলৰপৰা কোনো ধৰণৰ ধন উপাৰ্জন নকৰে। ২০২১ চনত তেওঁৰ ইউটিউব চেনেলৰ এটা ভিডিঅ’ই বিশ্বৰ ভিতৰতে সৰ্বাধিক চোৱা প্ৰেৰণাদায়ক ভিডিঅ’ হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি‍ছিল। ২০০৩ চনত তেওঁ ১০ ঘণ্টাত ১২২ গৰাকী মডেলৰ ১০ হাজাৰ ফটো তুলি লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে।

প্ৰাথমিক জীৱন

১৯৮০ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত সন্দীপ মহেশ্বৰীৰ জন্ম। তেওঁৰ পিতৃৰ নাম ৰূপ কিশোৰ মহেশ্বৰী আৰু মাতৃৰ নাম শকুন্তলা ৰাণী মহেশ্বৰী।

কেৰিয়াৰ

১৯ বছৰ বয়সত মডেলিঙৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ সন্দীপে মেছ অডিঅ’ ভিজুৱেল প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। তাৰ পাছত ২০০২ চনত তিনিজন বন্ধুৰ সৈতে এটি কোম্পানী প্ৰতিষ্ঠা কৰে। ২০০৩ চনত মাত্ৰ ১০ ঘণ্টা ৪৫ মিনিটত ১২২ গৰাকী মডেলৰ ১০ হাজাৰতকৈ অধিক ফটো তুলি তেওঁ লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। ২০০৬ চনত ২৬ বছৰ বয়সত তেওঁ ইমেজছবাজাৰ প্ৰতিষ্ঠা কৰে।১ ইমেজছবাজাৰ এতিয়া ৪৫খন দেশক সামৰি বিশ্বৰ সৰ্ববৃহৎ ভাৰতীয় আলোকচিত্ৰৰ সংগ্ৰহত পৰিণত হৈছে।২

জীৱনত অসফল হোৱা মানুহক তেওঁ সদায় অনুপ্ৰাণিত কৰি আহিছে। ২০১২ চনত তেওঁ নিজাকৈ ইউটিউব চেনেল মুকলি কৰে। তেওঁৰ ইউটিউব চেনেলত ২৮.৪ মিলিয়ন চাবস্ক্ৰাইবাৰ আছে, য'ত তেওঁ নিয়মিতভাৱে প্ৰেৰণাদায়ক ভিডিঅ' আপলোড কৰে।৩৪ তেওঁৰ ইউটিউব চেনেলটো হৈছে বিশ্বৰ সৰ্ববৃহৎ অলাভজনক ইউটিউব চেনেল।৫৬ তেওঁক ভাৰতৰ এক নম্বৰ আৰু বিশ্বৰ অন্যতম শ্ৰেষ্ঠ প্ৰেৰণাদায়ক বক্তা হিচাপে গণ্য কৰা হয়।৭৮৯১০১১

বঁটা আৰু সন্মান

২০১৩ চনত উদ্যোগী ভাৰত সন্মিলনে (Entrepreneur India Summit) তেওঁক বছৰৰ সবাতোকৈ‍ উদ্ভাৱনী উদ্যোগী হিচাপে নিৰ্বাচিত কৰে। ইটি নাও (ET Now) আলোচনীয়ে তেওঁক ‘কাইলৈৰ পথ-প্ৰদৰ্শক’ (Pioneer of Tomorrow) বঁটা প্ৰদান কৰিছে। ব্ৰিটিছ কাউন্সিলে তেওঁক যুৱ সৃষ্টিশীল উদ্যোগী (Young Creative Entrepreneur) বঁটা প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ প্ৰতিৱেদন, নিজা. (2023-12-28). Sandeep Maheshwari: ফটোগ্ৰাফাৰ থেকে ইউটিউবেৰ প্ৰেৰণামূলক বক্তা, সন্দীপেৰ আয় জানলে অবাক হবেন
  2. ↑ (2023-12-28). The Success Story Of Sandeep Maheshwari, The CEO & Founder Of ImagesBazaar
  3. ↑ (2023-12-28). জনপ্ৰিয় ইউটিউবাৰ Sandeep Maheshwari-ৰ বাৰ্ষিক আয় কোটি টাকা, চলুন আলাপ কৰা যাক..
  4. ↑ (2023-12-28). ভুবন বাম থেকে সন্দীপ মহেশ্বৰী, এই ১০ ইউটিউবাৰেৰ উপাৰ্জন শুনলে চোখ কপালে উঠবে
  5. ↑ (2023-12-28). SMtv: Sandeep Maheshwari Starts His New Channel That’s 100% Advertising & Subscription Free - Social Nation
  6. ↑ Dolare, Rahul. (2023-12-28). Sandeep Maheshwari: Motivation Unleashed, Earnings Untouched by Social Media
  7. ↑ Deshpande, Ritika. (2023-12-28). Success Story of Sandeep Maheshwari, Founder of ImagesBazaar
  8. ↑ (2023-12-28). Meet Sandeep Maheshwari, India's top YouTuber who earns crores annually
  9. ↑ (2023-12-28). Carry Minati Opens Up About His Life On The Sandeep Maheshwari Show · NEWS8 NorthEast
  10. ↑ (2023-12-28). WAR of words! Sandeep Maheshwari vs Vivek Bindra: How much THESE motivational speakers earn per month and their net worth
  11. ↑ (2023-12-28). 'संदीप माहेश्वरी डरता नहीं'.. अब क्या करेंगे विवेक बिंद्रा? जानिए दोनों के बिजनेस और हर महीने की कमाई

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্দীপ মহেশ্বৰী” প্ৰবন্ধৰ সংশোধন ৬১৯১০৭ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।