ভাৰতীয় কবি
৪৯ প্ৰবন্ধ
-
অৰণ্য জোহৰ
অৰণ্য জোহৰ (জন্ম ৭ ছেপ্টেম্বৰ, ১৯৯৮) এগৰাকী ভাৰতীয় কবি। লিংগ সমতা, মানসিক স্বাস্থ্য আৰু শৰীৰৰ ইতিবাচকতা আদি বিষয়সমূহক লৈ সজাগতা সৃষ্টিৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। সৌন্দৰ্য্যৰ প্ৰচলিত মানদণ্ডক প্ৰত্যাহ্বান জনাবলৈ তেওঁ স্লেম কবিতা ব্যৱহাৰ কৰে।
-
কমলা সাংকৃত্যায়ন
কমলা সাংকৃত্যায়ন (Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।
-
কামায়নী বিষ্ট
কামায়নী বিষ্ট (জন্ম ২০ আগষ্ট ১৯৭৪), যাক কামায়নী বশিষ্ঠ বুলিও জনা যায়, এগৰাকী ভাৰতীয় শিক্ষাবিদ, কবি আৰু অভিনেত্ৰী। তেওঁ হিমাচল প্ৰদেশৰ শিমলাত অৱস্থিত। ইংৰাজী ভাষাত ৰচিত তেওঁৰ কবিতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
কে. ভি. ডমিনিক
কান্নাপ্পিলিল ভাৰ্গিজ ডমিনিক (জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৫৬) হৈছে এজন ভাৰতীয় কবি, লেখক, সম্পাদক আৰু সাহিত্য সমালোচক। তেওঁ কেৰালাৰ থোডুপুঝাস্থিত নিউমেন কলেজৰ ইংৰাজী স্নাতকোত্তৰ আৰু গৱেষণা বিভাগৰ এজন অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক।
-
চন্দ্ৰাৱতী
চন্দ্ৰাৱতী এগৰাকী মধ্যযুগীয় বাংলা কবি আৰু তেওঁক বাংলা ভাষাৰ প্ৰথম পৰিচিত মহিলা কবি হিচাপে গণ্য কৰা হয়। নাৰীকেন্দ্ৰিক মহাকাব্য ৰামায়ণৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
দ্বিজ মাধৱ
দ্বিজ মাধৱ, বা মাধবাচাৰ (প্ৰায় ১৬ শতিকা) মধ্যযুগৰ এজন বাংলা কবি আৰু মধ্যযুগীয় বাংলা সাহিত্যৰ চণ্ডীমংগলকাব্য পৰম্পৰাৰ অন্যতম উল্লেখযোগ্য অৱদানকাৰী। তেওঁৰ গ্ৰন্থ সাৰদা চৰিত, যাক সাৰদা মঙ্গল জাগৰণ বা মঙ্গলচণ্ডীৰ গীত নামেৰেও জনা যায়। এইখন সম্ভৱতঃ ১৫৭৯ চনত লিখা হৈছিল।
-
নাকৰ
নাকৰ (Nakar) আছিল এজন ষষ্ঠদশ শতিকাৰ গুজৰাটী কবি, যিয়ে কেইবাখনো আখ্যান লিখিছিল।
-
নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
বৈদ্যনাথ মিশ্ৰ (১১ জুন ১৯১১ – ৫ নৱেম্বৰ ১৯৯৮), যাক নগাৰ্জুন নামেৰে জনা যায়, এজন হিন্দী আৰু মৈথিলী কবি আছিল। তেওঁ উপন্যাস, চুটি গল্প, সাহিত্যিক জীৱনী আৰু ভ্ৰমণকাহিনীও লিখিছিল আৰু জনকবি – জনতাৰ কবি হিচাপে জনাজাত আছিল। তেওঁক মৈথিলীৰ আধুনিকতাৰ আটাইতকৈ প্ৰধান সমৰ্থক হিচাপে গণ্য কৰা হয়।
-
নৰেন্দ্ৰনাথ মিত্ৰ
নৰেন্দ্ৰনাথ মিত্ৰ (Narendranath Mitra); ১৯১৬–১৯৭৫) বাংলা ভাষাৰ এজন ঔপন্যাসিক আৰু গল্পকাৰ।
-
বনী ঠনী
বনী ঠনী (Bani Thani) ৰাজস্থানৰ কিষাণগড়ৰ এগৰাকী কবি আৰু গায়িকা আছিল। তেওঁ কিষাণগড়ৰ ৰজা সামন্ত সিঙৰ (১৭৪৮–১৭৬৪) পত্নী আছিল। সিংহাসন ত্যাগ কৰাৰ পিছত দম্পতীহালে তেওঁলোকৰ আৰাধ্য কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত স্থান বৃন্দাবনত এক আৰামদায়ক জীৱনলৈ অৱসৰ গ্ৰহণ কৰে।
-
বিজয় গুপ্তা (কবি)
বিজয় গুপ্তা আছিল পঞ্চদশ শতিকাৰ বৰিশালৰ এজন বঙালী কবি। ১৫ শতিকাৰ শেষৰ ফালে আৰু ষোড়শ শতিকাৰ আৰম্ভণিতে তেওঁ বাংলা সাহিত্যৰ নৱ-জাগৰণৰ অংশ আছিল।
-
ভাৰতীয় ইংৰাজী কবিতা
ভাৰতীয় ইংৰাজী কবিতা ভাৰতীয় ইংৰাজী সাহিত্যৰ আটাইতকৈ পুৰণি ৰূপ। হেনৰী লুই ভিভিয়ান ডেৰ'জিঅ'ক ভাৰতীয় ইংৰাজী কবিতাৰ প্ৰথম কবি হিচাপে গণ্য কৰা হয় আৰু তাৰ পিছতে ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্ৰী অৰবিন্দ, সৰোজিনী নাইডু, মাইকেল মধুসূদন দত্ত, তৰু দত্ত আদি উল্লেখযোগ্য কবি।
-
মুবাৰক বেগম
মুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলনীৰ ত্ৰয়োদশ পত্নী আছিল।
-
লল্লেশ্বৰী
লল্লেশ্বৰী, (প্ৰায় ১৩২০–১৩৯২) সাধাৰণতে লাল ডাড নামেৰেও জনাজাত হিন্দু দৰ্শনৰ কাশ্মীৰ শৈৱ ধৰ্মৰ বিদ্যালয়ৰ কাশ্মীৰী ৰহস্যবাদী কবি আছিল। তেওঁ ৰহস্যময় কবিতাৰ শৈলীৰ সৃষ্টিকৰ্তা আছিল যাৰ অৰ্থ "বাক্য" (সংস্কৃত vāc ৰ পৰা)।
-
সৰোজিনী চাহু
সৰোজিনী চাহু (জন্ম: ৪ জানুৱাৰী ১৯৫৬) এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা, দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ (The New Indian Express) স্তম্ভলেখক আৰু চেন্নাইস্থিত ইংৰাজী আলোচনী ইণ্ডিয়ান এজিইৰ (Indian AGE) সহযোগী সম্পাদিকা। কলকাতাৰ কিণ্ডল মেগাজিনে তেওঁক ভাৰতৰ ২৫ গৰাকী ব্যতিক্ৰমী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰিছে।
-
হালা (ৰজা)
হালা ( ২০–২৪ খ্ৰীষ্টাব্দ) আছিল এজন সাতবাহন ৰজা যিয়ে বৰ্তমানৰ দাক্ষিণাত্য অঞ্চলত শাসন কৰিছিল। মৎস্য পুৰাণত তেওঁক সাতবাহন বংশৰ ১৭সংখ্যক শাসক হিচাপে উল্লেখ কৰা হৈছে।
-
ৰচেল পটকাৰ
ৰচেল পটকাৰ এগৰাকী ভাৰতীয় লেখিকা। তেওঁৰ ৰচনাৰ ধাৰা চুটিগল্প আৰু কবিতা। ২০১৫ চনত আইঅ’ৱা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় লেখা কাৰ্যসূচীত ৰাইটাৰ-ইন-ৰেচিডেন্স হিচাপে কাম কৰিছিল আৰু ২০১৬-১৭ চনত স্কটলেণ্ডৰ ষ্টাৰলিং বিশ্ববিদ্যালয়ৰ চাৰ্লছ ৱালেছ ৰাইটাৰ ফেলো আছিল।
-
ৰমাই পণ্ডিত
ৰমাই পণ্ডিত বংগৰ ৰাঢ় অঞ্চলৰ এজন মধ্যযুগীয় বাংলা কবি আছিল। তেওঁৰ জন্মৰ সঠিক তাৰিখ জনা নাযায় যদিও কিছুমান পণ্ডিতৰ মতে তেওঁৰ জন্ম হৈছিল দশম শতিকাৰ শেষৰ ফালে আৰু খ্ৰীষ্টীয় একাদশ শতিকাতো তেওঁ বাস কৰিছিল, কিয়নো তেওঁ ৰজা লাউজেনৰ দৰবাৰৰ কবি ময়ূৰ ভাটৰ সমসাময়িক।
-
ৰূপমতী
ৰাণী ৰূপমতী (Roopmati) এগৰাকী কবি আৰু মালৱাৰ চুলতান বাজ বাহাদুৰ পত্নী আছিল। ৰূপমতীক বিশেষভাৱে মালৱাৰ লোককাহিনীসমূহত উল্লেখ কৰা হৈছে। এই লোককাহিনীসমূহত চুলতান আৰু ৰূপমতীৰ মাজত প্ৰেমৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰূপমতীৰ সৌন্দৰ্যই মাণ্ডু জয় কৰিবলৈ আদম খানক আংশিকভাৱে প্ৰয়োচিত কৰিছিল।