চন্দ্ৰাৱতী এগৰাকী মধ্যযুগীয় বাংলা কবি আৰু তেওঁক বাংলা ভাষাৰ প্ৰথম পৰিচিত মহিলা কবি হিচাপে গণ্য কৰা হয়।১ নাৰীকেন্দ্ৰিক মহাকাব্য ৰামায়ণৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
জীৱনী
চন্দ্ৰাৱতীৰ জন্ম হৈছিল দ্বিজ-বংশীদাস ভট্টাচাৰ্যৰ ঘৰত, প্ৰায় ১৫৫০ খ্ৰীষ্টাব্দত কিশোৰেগঞ্জৰ ফুলেশ্বৰী নদীৰ পাৰৰ পাটুয়াৰী গাঁৱত, যি বৰ্তমান বাংলাদেশৰ ঢাকা সংমণ্ডলত অৱস্থিত।২ বংশীদাস মানসৰ ভাষণ নামেৰে জনাজাত মনসাৰ বেলাডৰ সুৰকাৰ আছিল। সম্বাৰু চন্দ্ৰ মহন্তৰ মতে বংশীদাস মানসমংগলৰ অন্যতম সুৰকাৰ আছিল।
ভাৰত উপমহাদেশৰ পৰা বাংলা ভাষাত ৰামায়ণ ৰচনা কৰা প্ৰথমগৰাকী মহিলা আছিল চন্দ্ৰাৱতী। তেওঁ মালুৱা আৰু দস্যু কেনাৰাম গ্ৰন্থও ৰচনা কৰিছিল।৩৪ তেওঁ লিখা ৰামায়ণত সীতাৰ দৃষ্টিকোণৰ পৰা ৰামায়ণ বৰ্ণনা কৰিছিল আৰু ৰামক সমালোচনা কৰিছিল।৫ চন্দ্ৰাৱতী ব্যক্তিগত উপস্থাপনত এগৰাকী নাৰীৰ দৃষ্টিকোণৰ পৰা ৰচনা কৰা কাহিনীকাৰ হিচাপে জনপ্ৰিয় আছিল, যিয়ে পুৰুষতান্ত্ৰিক বীৰত্বক প্ৰশংসা কৰাৰ পৰিৱৰ্তে পুৰুষৰ অহংকাৰৰ পাকচক্ৰত ধৰা পৰা নাৰীসকলৰ দুখ-কষ্টৰ বাবে বিলাপ কৰে।৬ তেওঁ অৱশ্যে কাম শেষ কৰিব নোৱাৰিলে।
তথ্যসূত্ৰ
- ↑ Congress, Indian History. (2002). Proceedings - Indian History Congress. Indian History Congress. পৃ. 169
- ↑ Sen, Dinesh Chandra. (1988). The Ballads of Bengal. Mittal Publications. পৃ. 14–
- ↑ <url=http://sos-arsenic.net/lovingbengal/purbo.html#4>
- ↑ Mazumdar, Sucheta; Kaiwar, Vasant; Labica, Thierry. (2010). From Orientalism to Postcolonialism: Asia, Europe and the Lineages of Difference. Routledge. পৃ. 56. ISBN 978-1-135-21198-1
- ↑ Dev Sen, Nabaneeta. Building A Digital Feminary. Building A Digital Feminary: Chandrabati. Liz Henry
- ↑ Bose, Mandakranta. (2013). A Woman's Ramayana: Candravati's Bengali Epic. Routledge Hindu Studies Series. Routledge. ISBN 978-0-415-62529-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰাৱতী” প্ৰবন্ধৰ সংশোধন ৪৪০৫৭০ (২৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।