অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দ্বিজ মাধৱ

দ্বিজ মাধৱ, বা মাধবাচাৰ (প্ৰায় ১৬ শতিকা) মধ্যযুগৰ এজন বাংলা কবি আৰু মধ্যযুগীয় বাংলা সাহিত্যৰ চণ্ডীমংগলকাব্য পৰম্পৰাৰ অন্যতম উল্লেখযোগ্য অৱদানকাৰী। তেওঁৰ গ্ৰন্থ সাৰদা চৰিত, যাক সাৰদা মঙ্গল জাগৰণ বা মঙ্গলচণ্ডীৰ গীত নামেৰেও জনা যায়। এইখন সম্ভৱতঃ ১৫৭৯ চনত লিখা হৈছিল।

হালনাগাদ: ২৪ অক্টোবৰ ২০২৪ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

দ্বিজ মাধৱ, বা মাধবাচাৰ (প্ৰায় ১৬ শতিকা) মধ্যযুগৰ এজন বাংলা কবি আৰু মধ্যযুগীয় বাংলা সাহিত্যৰ চণ্ডীমংগলকাব্য পৰম্পৰাৰ অন্যতম উল্লেখযোগ্য অৱদানকাৰী। তেওঁৰ গ্ৰন্থ সাৰদা চৰিত, যাক সাৰদা মঙ্গল জাগৰণ বা মঙ্গলচণ্ডীৰ গীত নামেৰেও জনা যায়। এইখন সম্ভৱতঃ ১৫৭৯ চনত লিখা হৈছিল।১২

দ্বিজ মাধৱৰ জন্ম হৈছিল বংগৰ চুলতানৰ শাসনাধিস্থ হুগলীৰ সপ্তগ্ৰাম-ত্ৰিবেনী অঞ্চলত।৩ সাৰদা চৰিতত উল্লেখ কৰা অনুসৰি তেওঁৰ পিতৃ পৰাশৰ এজন ব্ৰাহ্মণ আছিল।৩ বৈষ্ণৱসকলৰ মাজত জনপ্ৰিয় আন এক আখ্যানমূলক কবিতা শ্ৰীকৃষ্ণ মংগলৰ ৰচক হিচাপেও দ্বিজ মাধবক অভিহিত কৰা হয়; কিন্তু ইয়াৰ প্ৰণেতা সম্বন্ধে পণ্ডিতসকলৰ মাজত সন্দেহ আছে।১

দ্বিজ মাধৱৰ ৰচনাৰ পাণ্ডুলিপিসমূহ আধুনিক বাংলাদেশৰ চিট্টাগং অঞ্চলত পোৱা যায়, য'ত কবিজন সম্ভৱতঃ পিছৰ বছৰবোৰত পশ্চিম বংগৰ পৰা গৈ বাস কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Chatterjee, Dr Partha. (2008). Bangla Sahitya Parichay. Tulsi Prakashani. পৃ. 123–25. ISBN 978-81-89118-04-4
  2. ↑ Bhattacharya, Ashutosh. (2009). Bangla Mangal Kabyer Itihas. A. Mukherjee and Co. পৃ. 394
  3. ↑ Bandyopadhyay, Asit Kumar. (July 2006). Bangla Shityer Itibritta. Modern Book Agency Private Ltd. পৃ. 95–96

সম্পৰ্কিত শ্ৰেণী

মধ্যযুগৰ কবিভাৰতীয় কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বিজ মাধৱ” প্ৰবন্ধৰ সংশোধন ৪৪০৬০৮ (২৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।